অসম

assam

বৰপেটাত আৰক্ষীৰ জালত ড্ৰাগছ সহ এজন গাড়ী চালক

By

Published : Sep 30, 2020, 10:48 PM IST

বৰপেটাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান । ইতিমধ্যে উক্ত অভিযানত বহু নিচাজাতীয় সামগ্ৰী সহ এজন গাড়ী চালকক আটক কৰিছে ।

বৰপেটাত আৰক্ষীৰ জালত ড্ৰাগছ সহ এজন গাড়ী চালক
বৰপেটাত আৰক্ষীৰ জালত ড্ৰাগছ সহ এজন গাড়ী চালক

বৰপেটা, ৩০ ছেপ্টেম্বৰঃ বৰপেটাত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান ৷ বৰপেটা আৰক্ষীয়ে বুধবাৰে এটা অভিযান চলাই এখন ব'লেৰো পিক আপ ভানৰ পৰা জব্দ কৰে নিষিদ্ধ ব্ৰাউন চুগাৰসহ গাঞ্জা আৰু বহু পৰিমানৰ নিচাযুক্ত টেবলেট ৷ লগতে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে এজন গাড়ী চালককো গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত গাড়ী চালকটো যোগীৰপাম গাৱৰ হাফিজউদ্দিন ৷

উল্লেখযোগ্য যে, জনীয়াৰ পৰা বৰপেটা অভিমুখে আহি থকা এখন ব'লেৰ' পিক আপ ভানত তালাচী চলাই আৰক্ষীয়ে ৯ টা ব্ৰাউন চুগাৰৰ কন্টেইনাৰসহ গাঞ্জা আৰু নিচাযুক্ত টেবলেটসনুহ জব্দ কৰে ৷ ড্ৰাগছ উদ্ধাৰ হোৱা AS 15 AC 0587 নম্বৰৰ ব'লেৰ' পিকআপ ভানখনো ইতিমধ্যে জব্দ কৰিছে আৰক্ষীয়ে ৷

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ দাসে জনোৱামতে, বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ খবৰৰ ভিত্তিত অভিযান চলাই জনীয়াৰ পৰা বৰপেটা চহৰলৈ আহি থকা অৱস্থাত ব'লেৰ' পিকআপ ভানখনত তালাচী চলাই আৰক্ষীয়ে গাড়ীখনৰ পৰা জব্দ কৰে নিষিদ্ধ ব্ৰাউন চুগাৰৰ কন্টেইনাৰসহ গাঞ্জা আৰু নিচাযুক্ত টেবলেটসমুহ ৷ বৰপেটাত বৃদ্ধি পোৱা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে বৰপেটা আৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে আজি বৰপেটা আৰক্ষীয়ে অভিযান চলাই এইদৰে নিষিদ্ধ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেটসমুহ জবিদ কৰাৰ লগতে গাড়ীচালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

...view details