অসম

assam

US News : নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰি বাইডেনৰ বাসগৃহৰ সমীপত অসামৰিক বিমানৰ উৰণ, যুঁজাৰু বিমান প্ৰেৰণ

By ANI

Published : Oct 29, 2023, 7:00 AM IST

শনিবাৰে ডেলাৱেৰত নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰে এখন অসামৰিক বিমানে ৷ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাৰ যুঁজাৰু বিমান প্ৰেৰণ কৰা হৈছিল । মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ বাসগৃহৰ সমীপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷

US fighter jets scramble after plane violated restricted airspace near Bidens home in Delaware
নিষিদ্ধ আকাশমাৰ্গ ভংগ কৰি বাইডেনৰ বাসগৃহৰ সমীপত অসামৰিক বিমানৰ উৰণ

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 অক্টোবৰ:আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে সংঘটিত হৈছে এক আশ্চৰ্যকৰ ঘটনা ৷ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰবাসগৃহৰ ওপৰেৰে এখন আকাশী যানেআকাশী সীমা উলংঘা কৰাৰ পিচত সৃষ্টি হয় চাঞ্চল্যকৰ পৰিস্থিতিৰ ৷ ৰাষ্ট্ৰপতি জ’ বাইডেন উইলমিংটনত থকা বাসৃগহৰ সমীপত সংঘটিত হয় এই পৰিস্থিতিৰ ৷ শনিবাৰে এই ঘটনা সংঘটিত হয় বুলি মাৰ্কিন সংবাদ সূত্ৰযোগে জানিব পৰা গৈছে ৷

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনডেলাৱেৰস্থিত ঘৰত উপস্থিত থকা সময়ত এখন অসামৰিক বিমানে নিষিদ্ধ আকাশমাৰ্গ উলংঘা কৰে বুলি জানিব পৰা গৈছে ৷ ইয়াৰ পিচতে আমেৰিকাৰ যুঁজাৰু বিমানসমূহ প্ৰতিৰোধ হিচাপে প্ৰেৰণ কৰা হয় ৷ যুঁজাৰু বিমানসমূহে আকাশমাৰ্গ উলংঘা কৰা বিমানখনৰ দিশে চোঁচা লয় ।

উল্লেখ্য যে, উক্ত উত্তেজনাপূৰ্ণ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন উইলমিংটনত তেওঁৰ নিজৰ ঘৰত উপস্থিত আছিল বুলি Fox News এ আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী এণ্ঠনি গুগ্লিয়েলমিৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে । চোৰাংচোৱা বিভাগৰ মুৰব্বী গুগ্লিয়েলমিয়ে জনোৱা মতে, স্থানীয় সময় অনুসৰি বিয়লি 2 বজাৰ কিছু সময়ৰ পিচতে উইলমিংটনৰ উত্তৰত নিষিদ্ধ আকাশমাৰ্গত প্ৰৱেশ কৰে অসামৰিক বিমানখনে । তেওঁ কয় যে যুদ্ধ বিমানসমূহ “সতৰ্কতামূলক ব্যৱস্থা হিচাপে” প্ৰেৰণ কৰা হৈছিল আৰু বিমানখন সমীপৰ বিমানবন্দৰত নিৰাপদে অৱতৰণ কৰিছিল ।

Fox News এ প্ৰকাশ কৰা অনুসৰি, দেশখনৰ চোৰাংচোৱা বিভাগ আৰু ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচনৰ এজেণ্টসকলে এই কাণ্ডৰ তদন্ত আৰম্ভ কৰিছে । দেশখনৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এই ঘটনাৰ কোনো প্ৰভাৱ নপৰে বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী এণ্ঠনি গুগ্লিয়েলমিয়ে ৷

লগতে পঢ়ক:Biden on Hamas Attack : ভাৰত-মধ্যপ্ৰাচ্য কৰিডৰ হামাছ আক্ৰমণৰ লগত সংযুক্ত; বাইডেনৰ মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ হোৱাইট হাউছৰ

ABOUT THE AUTHOR

...view details