অসম

assam

Drug trafficking in Singapore : ড্ৰাগছ সৰবৰাহত জড়িত মহিলা অপৰাধীক ফাঁচী

By

Published : Jul 28, 2023, 5:50 PM IST

2018 চনত 30 গ্ৰাম হেৰ’ইন সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হোৱা ছিংগাপুৰৰ নাগৰিক ছাৰিদেৱী জমানি (45) ক শুকুৰবাৰে ফাঁচী দিয়া হয় ।

Drug trafficking in Singapore
ড্ৰাগছ সৰবৰাহত জড়িত মহিলা অপৰাধীক ফাঁচী

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই :ছিংগাপুৰৰ আদালতে প্ৰায় 20 বছৰৰ অন্তত শুকুৰবাৰে ড্ৰাগছ সৰবৰাহকাৰী মহিলাক ফাঁচীৰ শাস্তি প্ৰদান কৰে ৷ 2018 চনত 30 গ্ৰাম হেৰ’ইন সৰবৰাহৰ গোচৰত অভিযুক্ত হৈছিল মহিলা অপৰাধীগৰাকী ৷ ছিংগাপুৰ চৰকাৰে দোষী সাব্যস্ত হোৱা মহিলা অপৰাধীটোক শুকুৰবাৰে ফাঁচী দিয়ে ৷ ফাঁচীৰ শাস্তি প্ৰদান কৰা অপৰাধীগৰাকী ছিংগাপুৰৰ নাগৰিক বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ছিংগাপুৰৰ কঠোৰ ড্ৰাগছ বিৰোধী আইন অনুসৰি তথা বিশ্বৰ কিছুমান কঠোৰ আইনৰ অধীনত 500 গ্ৰামতকৈ অধিক ভাং বা 15 গ্ৰাম হেৰ’ইনৰ সৰবৰাহ কৰা অৱস্থাত ধৰা পৰিলে উক্ত দোষীক মৃত্যুদণ্ড প্ৰদান কৰা হয় । ছিংগাপুৰৰ চেণ্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে (চিএনবি) এক বিবৃতি যোগে 2018 চনৰ 6 জুলাইত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল আৰু আইনৰ অধীনত “সম্পূৰ্ণ যথাযথ প্ৰক্ৰিয়াৰে” শাস্তি প্ৰদান কৰা হৈছে বুলি কয় ৷ দোষী মহিলাক চৰিদেৱী বিন্টে জমানি (45) বুলি জানিবলৈ পৰা গৈছে ।

যোৱা বছৰৰ 6 অক্টোবৰত দোষী সাব্যস্ত হোৱাৰ পিচত এই ৰায়ৰ বিৰুদ্ধে কৰা আবেদন খাৰিজ কৰিছিল চহৰখনৰ সৰ্বোচ্চ ন্যায়ালয়ে । ৰাষ্ট্ৰপতিৰ ক্ষমাৰ বাবে কৰা আবেদনও সফল নহ’ল বুলি বিষয়টোৰ সৈতে জড়িত কৰ্তৃপক্ষই জানিবলৈ দিয়ে । 2017 চনত 50 গ্ৰাম হেৰ’ইন সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বুধবাৰে ঘটনাটোৰ আন এজন দোষী আজিজক ফাঁচী দিয়াৰ মাত্ৰ দুদিন পিছতে চৰিদেৱীক ফাঁচী প্ৰদান কৰা হয় ।

মানৱ অধিকাৰ সংগঠন এম্নেষ্টী ইণ্টাৰনেশ্যনেলে প্ৰকাশ কৰা তথ্য অনুসৰি শেহতীয়াকৈ ড্ৰাগছ সম্পৰ্কীয় গোচৰত মৃত্যুদণ্ড প্ৰদান কৰা একমাত্ৰ চাৰিখন দেশ হৈছে চীন, ইৰাণ, চৌদি আৰব আৰু ছিংগাপুৰ ।

লগতে পঢ়ক :Floods in Afghanistan : আফগানিস্তানত প্ৰবল বান; 47 জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details