ETV Bharat / international

Floods in Afghanistan : আফগানিস্তানত প্ৰবল বান; 47 জনৰ মৃত্যু

author img

By

Published : Jul 28, 2023, 9:35 AM IST

আফগানিস্তানৰ মৈদান ৱাৰ্ডক, কাবুল, কুনাৰ, পাকিতা, খোষ্ট, নুৰিষ্টান, নাংগাৰহৰ, ঘজনী, পক্তিকা, আৰু হেলমাণ্ডকে ধৰি এঘাৰখন প্ৰদেশত হোৱা বানৰ ফলত কমেও 47 জন লোকৰ মৃত্যু আৰু 57 জন আহত হৈছে বুলি জনায় দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ।

Floods in Afghanistan
প্ৰবল বানত আফগানিস্তানত মৃত্যু কেইবাজনৰো

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 জুলাই : আফগানিস্তানৰ এঘাৰখন প্ৰদেশত কৃত্ৰিম বান ৷ বিগত সপ্তাহত সংঘটিত হোৱা কৃত্ৰিম বানত 47 জন লোকৰ মৃত্যু হোৱাৰ লগতে 57 জন লোক আহত হৈছে বুলি আফগানিস্তানৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনায় ৷ প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰাদেশিক সঞ্চালক ফৈজুল্লা জালালি ষ্টানিকজাইয়ে জনোৱা মতে, দেওবাৰে পুৱা জালৰেজ জিলাত 23 গৰাকী আহত হোৱাৰ লগতে 32 জন লোকৰ মৃত্যু ঘটে বুলি জানিবলৈ দিয়ে ৷ বানত মানুহৰ মৃত্যুৰ উপৰিও প্ৰায় পাচঁশৰো অধিক আৱাসিক ঘৰ আৰু কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন ঘটায় বুলি স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰে ।

মঙলবাৰে দেশখনৰ পাৰৱান প্ৰদেশত হোৱা কৃত্ৰিম বানৰ ফলত কমেও 9 জন লোকৰ মৃত্যু হয় আৰু আন 7 জন লোক আহত হয় বুলি জানিবলৈ পৰা গৈছে । যোৱা সপ্তাহত আফগানিস্তানত হোৱা বানত 31 জন লোক নিহত, 74 জন আহত আৰু 41 জন লোক নিৰুদ্দেশ হোৱা বুলি স্থানীয় এক সংবাদ মাধ্যমযোগে জানিবলৈ পৰা গৈছে । লগতে এই বানত 250 টা পশুধনৰ মৃত্যু হৈছে বুলি জনায় ৷ বানপানীৰ ফলত 600 ৰো অধিক ঘৰ আৰু শ শ একৰ মাটি ক্ষতিগ্ৰস্ত হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

তালিবান নেতৃত্বাধীন মৈদান ৱাৰ্ডক প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী ফৈজুল্লা জালালিয়ে কয় যে, শনিবাৰে প্ৰদেশখনৰ কেইবাখনো জিলাত হোৱা বানত কমেও 30 জন লোকৰ মৃত্যু হোৱাৰ লগতে 15 জন লোক আহত হৈছে । তেওঁ কয় যে, আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

তেওঁ লগতে কয়, ‘‘এতিয়ালৈকে আমি 30 টাতকৈও অধিক মৃতদেহ পাইছো আৰু বহুকেইজন নিৰুদ্দেশ হৈছে । আহত 15 জন লোক চিকিৎসাধীন অৱস্থাত আছে ।” বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে তালিবানৰ লগতে আন সংগঠনসমূহক আশ্ৰয় আৰু অন্যান্য মৌলিক প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবাৰ মৈদান ৱাৰ্ডক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক : Love Jihad controversy: ভূপেন বৰাৰ মহাভাৰত ব্যাখ্যা; গ্ৰেপ্তাৰৰ বাবে মুখ্যমন্ত্ৰীৰ অপেক্ষা এটা গোচৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.