অসম

assam

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি নিশ্চিত কৰিলে কাটাৰে; আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ঘোষণা কৰিব আৰম্ভণিৰ সময়

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 12:45 PM IST

ইজিপ্ত আৰু আমেৰিকাৰ সৈতে ইজৰাইল আৰু হামাছৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰা কাটাৰে দুয়োটা যুঁজাৰু পক্ষৰ মাজত সাময়িক যুদ্ধবিৰতিৰ কথা নিশ্চিত কৰিছে । এই যুদ্ধবিৰতিৰ ফলত অধিক সংখ্যক মানৱতাবাদী কনভয় আৰু সাহায্য সামগ্ৰী প্ৰদানত সহায়ক হ'ব । আনহাতে, সাময়িক যুদ্ধবিৰতি কেতিয়া আৰম্ভ হ'ব সেই সময় আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ঘোষণা কৰা হ'ব আৰু চাৰি দিনলৈকে চলিব বুলি কাটাৰৰ এক বিবৃতিত কোৱা হৈছে ।

Qatar confirms Israel Hamas ceasefire
ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি নিশ্চিত কৰিলে কাটাৰে

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ : কাটাৰে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰু বন্দী বিনিময়ৰ চুক্তিৰ কথা নিশ্চিত কৰিছে । এক বিবৃতিত কাটাৰ প্ৰশাসনে কয় যে এই যুদ্ধবিৰতি আৰম্ভণিৰ সময় আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত ঘোষণা কৰা হ'ব আৰু ই চাৰি দিন ধৰি চলিব । কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা বুধবাৰে পুৱা দিয়া বিবৃতিটোত এই চুক্তিখনক ইজিপ্ত, আমেৰিকা আৰু কাটাৰৰ মধ্যস্থতাৰ ফলত মানৱীয় যুদ্ধবিৰতিৰ বাবে প্ৰস্তুত কৰা আলোচনাৰ বিষয়েও কোৱা হৈছে ।

বিবৃতিটোত কোৱা হৈছে যে যুদ্ধবিৰতি কেতিয়াৰ পৰা আৰম্ভ হ'ব তাৰ সময় পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰত ঘোষণা কৰা হ'ব । আনহাতে, যুদ্ধবিৰতি চাৰি দিন ধৰি চলিব যদিও চৰ্তসাপেক্ষে ইয়াৰ সময়সীমাৰ সম্প্ৰসাৰণ ঘটিব পাৰে । চুক্তিখনত ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা কেইবাগৰাকীও পেলেষ্টাইনী মহিলা আৰু শিশুৰ মুক্তিৰ বিনিময়ত বৰ্তমান গাজা ষ্ট্ৰিপত বন্দী হৈ থকা ৫০ গৰাকী অসামৰিক মহিলা আৰু শিশুক মুক্তি দিয়াও অন্তৰ্ভুক্ত আছে । চুক্তিখন কাৰ্যকৰী কৰাৰ পিছৰ পৰ্যায়ত মুকলি কৰি দিবলগা লোকৰ সংখ্যা বৃদ্ধি কৰা হ'ব ।

কাটাৰে লগতে কয় যে যুদ্ধবিৰতিৰ ফলত মানৱীয় প্ৰয়োজনীয়তাৰ বাবে নিৰ্ধাৰিত ইন্ধনকে ধৰি অধিকসংখ্যক মানৱতাবাদী কনভয় আৰু সাহায্য সমৰ্থন প্ৰৱেশৰ অনুমতি দিয়া হ'ব । অৱশ্যে এই বিষয়ে কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ইজৰাইলী কেবিনেটে হামাছৰ সৈতে চাৰিদিনীয়া সাময়িক যুদ্ধবিৰতি চুক্তিত অনুমোদন জনায় । ইয়াত প্ৰায় ৫০ গৰাকী বন্দীক মুকলি কৰি দিয়া বিষয়টোও অন্তৰ্ভুক্ত আছে । ইজৰাইলে কৈছে যে হামাছ সন্ত্ৰাসবাদীৰ দ্বাৰা মুকলি কৰা প্ৰতি ১০ গৰাকী বন্দীৰ বাবে অতিৰিক্ত দিনৰ বাবে যুদ্ধবিৰতি বৃদ্ধি কৰিব । ইজৰাইলে লগতে পৰামৰ্শ দিয়ে যে মুকলি কৰা প্ৰথম বন্দী হ'ব মহিলা আৰু শিশু । ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে কেবিনেটক যুদ্ধবিৰতি সমাপ্ত হোৱাৰ লগে লগে হামাছৰ বিৰুদ্ধে ইজৰাইলী আক্ৰমণ পুনৰ আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :সাময়িক যুদ্ধবিৰতিত অনুমোদন ইজৰাইলী কেবিনেটৰ

ABOUT THE AUTHOR

...view details