অসম

assam

Nobel Peace Prize 2023 : নাৰ্গেছ মহম্মদীলৈ এইবাৰৰ নোবেল শান্তি বঁটা

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 4:23 PM IST

নাৰ্গেছ মহম্মদীলৈ ২০২৩ চনৰ নোবেল শান্তি বঁটা । ইৰাণত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰচাৰৰ বাবে যুঁজি থকাৰ বাবে তেওঁক নৰৱেৰ নোবেল কমিটীয়ে শান্তিৰ নোবেল বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে ।

নাৰ্গেছ মহম্মদীলৈ এইবাৰৰ নোবেল শান্তি বঁটা
Nobel Peace Prize 2023

ইণ্টাৰনেচনেল ডেস্ক, ৬ অক্টোবৰ :২০২৩ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ইৰাণৰ নাৰ্গেছ মহম্মদীক । নৰৱেৰ নবেল কমিটীয়ে ইৰাণত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিয়া আৰু সকলোৰে বাবে মানৱ অধিকাৰ আৰু স্বাধীনতাৰ প্ৰচাৰৰ বাবে দি থকা যুঁজৰ বাবে নাৰ্গেছ মহম্মদীক ২০২৩ চনৰ নোবেল শান্তি বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।

অছলোৰ নৰৱে নোবেল ইনষ্টিটিউটৰ দ্বাৰা এই ঘোষণা কৰা হৈছে । "এই বছৰৰ শান্তি বঁটাটোৱে হাজাৰ হাজাৰ লোকক স্বীকৃতি দিছে, যিসকলে পূৰ্বৰ বছৰবোৰত ইৰাণৰ একচ্ছত্ৰী শাসনত মহিলাসকলৰ ওপৰত কৰি অহা বৈষম্য আৰু উৎপীড়নৰ নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে ।" প্ৰতিষ্ঠানটোৱে কয় ।

তেওঁলোকে গ্ৰহণ কৰা মূলমন্ত্ৰ– 'নাৰী, জীৱন, স্বাধীনতা'ক নাৰ্গেছ মহম্মদীৰ নিষ্ঠা আৰু কামত উপযুক্তভাৱে প্ৰকাশ পাইছে ।

উল্লেখ্য যে এই বছৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত ব্যক্তিসকলৰ নাম গোপনে ৰখা হৈছিল । কিন্তু ৩৫০-ৰো অধিক লোক তথা গ্ৰুপ এই দৌৰত থকা বুলি কোৱা হৈছে । যোৱা বছৰ এই বঁটা ইউক্ৰেইনৰ ওপৰত চলি থকা ৰাছিয়াৰ আক্ৰমণৰ পটভূমিত 'শান্তিক অগ্ৰাধিকাৰ দিয়া'ৰ বাবে ৰাছিয়াৰ মানৱ অধিকাৰ গ্ৰুপ মেম'ৰিয়েল, ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ আৰু কাৰাগাৰত বন্দী বেলাৰুছৰ অধিকাৰ প্ৰবক্তা এলেছ বিয়ালিয়াটস্কিক সংযুক্তভাৱে প্ৰদান কৰা হৈছিল ।

উল্লেখ্য যে ১৯০১ চনত আৰম্ভণি হোৱাৰে পৰা এতিয়ালৈকে ১১০ জন ব্যক্তি আৰু ৩০ টা সংগঠনক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে । পূৰ্বৰ বিজয়ীসকলৰ ভিতৰত আছে আফগান প্ৰচাৰক মালালা ইউছুফজাই আৰু ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ ।

আনহাতে, কেইটামান সংগঠনক কেইবাবাৰো শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে । ৰেড ক্ৰছৰ আন্তৰ্জাতিক সমিতিয়ে এই বঁটা তিনিবাৰ জয় কৰিছে । আনহাতে, ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়ক শান্তিৰ নোবেল বঁটা দুবাৰকৈ প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :2023 Nobel Prizes : নৰৱেৰ লেখক জন ফছেলৈ ২০২৩ চনৰ সাহিত্যৰ নোবেল বঁটা

ABOUT THE AUTHOR

...view details