অসম

assam

Earthquake hits Morocco : ভূমিকম্পত নিহত 2 হাজাৰৰো অধিক; সহায় আগবঢ়াবলৈ সাজু ভাৰত

By ANI

Published : Sep 10, 2023, 7:46 AM IST

মৰক্কোত অব্যাহত আছে মৃত্যুৰ বিভীষিকা ৷ বৰ্তমানলৈ মৃত্যু 2000 ৰৰো অধিক লোকৰ । আহত 2059 জন লোক ৷ 6.8 প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে জোকাৰি গৈছিল উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Morocco earthquake death toll rises
মৰক্কোত অব্যাহত আছে মৃত্যুৰ বিভীষিকা

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ:শুকুৰবাৰে সন্ধিয়া মৰক্কোত অনুভূত হোৱা শক্তিশালী ভূমিকম্পৰ ফলত বৰ্তমান পৰ্যন্ত মৃত্যু ঘটিছে 2000 ৰৰো অধিক লোকৰ । ৰিখটাৰ স্কেলত 6.8 প্ৰাবল্যৰ শক্তিশালী জোকাৰণি অনুভূত হোৱাৰ ফলত মৃত্যু ঘটিছে 2012 জনতকৈ অধিক লোকৰ ৷ লগতে আহত হৈছে 2059 জন লোক ৷ ইয়াৰোপৰি, বহুলোক গৃহহীন হৈ পৰিছে প্ৰৱল ভূমিকম্পটোৰ ফলত ৷

শনিবাৰে দেশখনৰ কৰ্তৃপক্ষই দেশখনত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে । এক বিবৃতি অনুসৰি, মৰক্কোৰ ৰজা মহম্মদ ষষ্ঠই সশস্ত্ৰ বাহিনীক অনুসন্ধান অভিযানত গুৰুত্ব দিবলৈ, উদ্ধাৰকাৰী দল আৰু এখন অস্ত্ৰোপচাৰ ক্ষেত্ৰ চিকিৎসালয় স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে । শুকুৰবাৰে গভীৰ নিশা মৰক্কোৰ হাই এটলাছ পৰ্বতমালা কঁপাই তোলা ভূমিকম্পৰ ফলত ভূমিকম্পৰ অভিকেন্দ্ৰৰ আটাইতকৈ সমীপৰ চহৰ মাৰাকেছৰ ঐতিহাসিক গঠন ক্ষতিগ্ৰস্ত হৈছিল যদিও দক্ষিণ দিশৰ আল-হাউজ আৰু তাৰৌডাণ্ট প্ৰদেশৰ পাহাৰীয়া অঞ্চলত অধিকাংশ লোকৰ মৃত্যু হোৱা বুলি আল জাজিৰাই এক প্ৰতিবেদনযোগে কয় ।

ইফালে, অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ বাবে পথ মুকলি কৰাৰ প্ৰচেষ্টা চলি আছে । 18.5 কিলোমিটাৰ গভীৰতাত 03:41:01 (UTC+05:30০) বজাত সংঘটিত হয় এই ভূমিকম্পটো । আল জাজিৰা সংবাদ সংস্থাই জনোৱা অনুসৰি, "তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে (AFAD) কয় যে যদিহে মৰক্কোৰ পৰা সহায় বিচাৰি ফোন আহে তাৰ বাবে ইতিমধ্যে চিকিৎসা, সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ সংস্থাৰ 265 গৰাকী সদস্যক সাজু কৰি ৰাখিছে দেশখনে ।"

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত প্ৰাণ হেৰুৱা লোকৰ বাবেXযোগে শোক প্ৰকাশ কৰি কয়, " মৰক্কোৰ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ বাবে শোক প্ৰকাশ কৰিছো । এই কৰুণ সময়ত মৰক্কোৰ জনসাধাৰণৰ সৈতে মই আছো । যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ । আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰক । এই কঠিন সময়ত মৰক্কোক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ ভাৰত সাজু ।’’

লগতে পঢ়ক:Earthquake hits Morocco : মৰক্কোত ভূমিকম্পৰ জোকাৰণি, ২৯৬ জনৰ মৃত্যু

ABOUT THE AUTHOR

...view details