ETV Bharat / international

Earthquake hits Morocco : মৰক্কোত ভূমিকম্পৰ জোকাৰণি, ২৯৬ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:09 AM IST

Updated : Sep 9, 2023, 10:17 AM IST

শক্তিশালী ভূমিকম্পই জোকাৰি গ'ল মৰক্কো । ২৯৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ কথা প্ৰকাশ পাইছে । ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰো ক্ষতি ।

Earthquake hits Morocco
মৰক্কোত ভূমিকম্পৰ জোকাৰণি

ইণ্টাৰনেশ্যনেল ডেস্ক,৯ ছেপ্টেম্বৰ : প্ৰকৃতিৰ ৰোষত পৰিছে মৰক্কো । শুকুৰবাৰে নিশা হোৱা এক শক্তিশালী ভূমিকম্পৰ ফলত দেশখনত প্ৰায় ২৯৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দেশবাসী সম্প্ৰতি আতংকিত হৈ পৰিছে । মৰক্কোবাসীয়ে বহু ভিডিঅ' পোষ্ট কৰিছে য'ত ঘৰবোৰ ধ্বংসস্তূপলৈ পৰিণত হোৱা দেখা গৈছে আৰু ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ ঐতিহাসিক মাৰাকেচত পুৰণি চহৰখনৰ চাৰিওফালে থকা বিখ্যাত ৰেড ৱালৰ কিছু অংশও ক্ষতিগ্ৰস্ত হৈছে ।

ভিডিঅ'বোৰত দেখা গৈছে কেনেদৰে পৰ্যটক আৰু স্থানীয় লোকসকলে চহৰখনৰ ৰেষ্টুৰেণ্টৰ পৰা চিঞৰি চিঞৰি ওলাই আহিছে । শুকুৰবাৰে নিশা হোৱা এই ভূমিকম্পত মুখ্য চহৰসমূহৰ অট্টালিকাসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাজধানী ৰাবাটৰ পৰা কাউণ্টিৰ পৰ্যটনস্থলী মাৰাকেচত লোকসকল আতংকিত হৈ বাহিৰলৈ ওলাই অহা দেখা গৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কোৱা মতে ভূমিকম্পটোৰ প্ৰাথমিক প্ৰাবল্য আছিল ৬.৮ । নিশা প্ৰায় ১১.১১ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল । ইফালে মৰক্কোৰ নেশ্যনেল চিচমিক মনিটৰিং এণ্ড এলাৰ্ট নেটৱৰ্কে উল্লেখ কৰা মতে ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৭ ।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু মাৰাকেচৰ দক্ষিণে প্ৰায় ৭০ কিলোমিটাৰ (৪৩.৫ মাইল) দূৰত্বত এটলাস পৰ্বতমালাত আছিল । এই অঞ্চল উত্তৰ আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ টৌবকাল আৰু মৰক্কোৰ এক জনপ্ৰিয় স্কি ৰিজৰ্ট ওকলুমিডেনৰ ওচৰত আছিল ।

ভূমিকম্পৰ ফলত ২৯৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগে লগে দেশখনত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে দেশখনৰ এই সংকটৰ সময়ত বিভিন্ন দেশে সঁহাৰি দিয়া দেখা গৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এক্সৰ জৰিয়তে শোকপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Fierce Storm in Southern Brazil : দক্ষিণ ব্ৰাজিলত ভয়ংকৰ ধুমুহাত নিহত ২১; গৃহহীন ১৬০০ ৰো অধিক লোক

Last Updated : Sep 9, 2023, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.