ETV Bharat / international

Fierce Storm in Southern Brazil : দক্ষিণ ব্ৰাজিলত ভয়ংকৰ ধুমুহাত নিহত ২১; গৃহহীন ১৬০০ ৰো অধিক লোক

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:37 AM IST

দক্ষিণ ব্ৰাজিলত সংঘটিত ভয়ংকৰ ধুমুহাৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ফলত কেইবাখনো চহৰত বানপানীৰ সৃষ্টি হোৱা বুলি কৰ্তৃপক্ষই মঙলবাৰে প্ৰকাশ কৰিছে । আনহাতে, ধুমুহাৰ ফলত প্ৰায় ৬০ খন চহৰ ক্ষতিগ্ৰস্ত হৈছে ।

Fierce Storm in Southern Brazil
Fierce Storm in Southern Brazil

ইণ্টাৰনেচনেল ডেস্ক, ৬ ছেপ্টেম্বৰ : দক্ষিণ ব্ৰাজিলত সৃষ্টি হোৱা ভয়ংকৰ ধুমুহাৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাখনো চহৰত বানপানীৰ সৃষ্টি হৈছে । কৰ্তৃপক্ষই মঙলবাৰে এই কথা প্ৰকাশ কৰিছে । ৰিঅ' গ্ৰেণ্ডে ডো ছুলৰ গৱৰ্ণৰ এডুৱাৰ্ডো লেইটে প্ৰকাশ কৰিছে যে, বতৰজনিত ঘটনাৰ বাবে মৃত্যুৰ সংখ্যা উক্ত ৰাজ্যখনত সৰ্বাধিক হৈছে । তেওঁ লগতে কয় যে, এই ধুমুহাৰ ফলত প্ৰায় ৬০ খন চহৰ ক্ষতিগ্ৰস্ত হৈছে । এই ধুমুহাক অতিক্ৰান্তীয় ঘূৰ্ণীবতাহ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছে ।

লিটে কয় যে প্ৰায় ৫০,০০০ বাসিন্দাৰ চহৰ মুকামৰ একেটা ঘৰতে ১৫ জনকৈ লোকৰ মৃত্যু হৈছে । ৰিঅ' গ্ৰেণ্ডে ডো ছুল ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে যে সোমবাৰে নিশাৰে পৰা হোৱা ধুমুহাৰ ফলত ১,৬৫০ জন লোক গৃহহীন হোৱাৰ তথ্য লাভ কৰা হৈছে । আনহাতে, টিভি ফুটেজত দেখা গৈছে যে পৰিয়ালবোৰে তেওঁলোকৰ ঘৰৰ ওপৰত উঠি সহায়ৰ বাবে অনুৰোধ কৰিছে । কিয়নো নদীবোৰৰ পানী পাৰ ভাঙি বসতিস্থলত উপচি পৰিছে ।

মুকামৰ চিটি হলে জনোৱা মতে, আৱাসীসকলে পৰৱৰ্তী ৭২ ঘণ্টাৰ বাবে তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিবলৈ যোগান ব্যৱস্থাত দুৰ্ভোগ ভুগিব পাৰে । গৱৰ্ণৰে জনোৱা মতে, নিহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছিল । তেওঁক উদ্ধাৰৰ চেষ্টা কৰাৰ সময়ত পানীত উটি যায় । টাকুৱাৰী নদীত উদ্ধাৰ প্ৰচেষ্টাত এগৰাকী মহিলাৰ মৃত্যুৰ বাবে মই দুঃখিত । লেইটে তেওঁৰ ছ'চিয়েল মিডিয়া পোষ্টত কয় । তাঁৰ ছিগি যোৱাত মহিলাগৰাকীৰ লগতে এজন উদ্ধাৰকাৰী পানীত পৰি যায় । দুৰ্ভাগ্যবশত মহিলাগৰাকীৰ মৃত্যু হয় আৰু উদ্ধাৰকাৰীজন গুৰুতৰভাৱে আহত হয় ।

উল্লেখ্য যে ৰিঅ' গ্ৰেণ্ডে ডো ছুল বিগত জুন মাহতো আন এক অতিক্ৰান্তীয় ঘূৰ্ণীবতাহৰ দ্বাৰা আক্ৰান্ত হৈছিল । তাৰ ফলত ১৬ জন লোকৰ মৃত্যু হয় আৰু ৪০ খন চহৰত ধ্বংসলীলাৰ সৃষ্টি হয় । এই চহৰবোৰৰ বেছিভাগ ৰাজ্যখনৰ ৰাজধানী পোৰ্টো আলেগ্ৰেৰ ওচৰ-পাজৰৰ ।

লগতে পঢ়ক :Jill Biden Covid: ক'ভিডত আক্ৰান্ত জিল বিডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.