ETV Bharat / international

Jill Biden Covid: ক'ভিডত আক্ৰান্ত জিল বিডেন

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 10:11 AM IST

US First Lady Jill Biden tests Covid positive
ক'ভিডত আক্ৰান্ত জিল বিডেন

আমেৰিকাৰ ফাৰ্ষ্ট লেডি জিল বিডেনৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । অৱশ্যে ৰাষ্ট্ৰপতি জ' বিডেনক নিগেটিভ পোৱা গৈছে । সম্প্ৰতি ডেলাৱেৰৰ ৰেহোবোথ বীচত থকা ঘৰতে আছে জিল বিডেন ।

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ ছেপ্টেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডি জিল বিডেন ক'ভিডত আক্ৰান্ত হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সোমবাৰে জিল বিডেনৰ দেহত ক'ভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । অৱশ্যে তেওঁৰ দেহত ক'ভিডৰ সাধাৰণ লক্ষণ দেখা গৈছে ।

পত্নীৰ দেহত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছত ৰাষ্ট্ৰপতি জ' বিডেনৰো পৰীক্ষা কৰা হয় । অৱশ্যে তেওঁ দেহত ক'ভিড ভাইৰাছৰ অৱস্থিতি ধৰা নপৰে । হোৱাইট হাউচৰ প্ৰেছ সচিব কাৰিনে জিন-পিয়েৰে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে নিয়মীয়াকৈ পৰীক্ষা অব্যাহত ৰাখিব আৰু লক্ষণবোৰৰ বাবে নিৰীক্ষণ কৰা হ'ব ।

কমিউনিকেশ্যন সঞ্চালক এলিজাবেথ আলেকজেণ্ডাৰে কয় যে জিল বিডেন বৰ্তমানৰ বাবে ডেলাৱেৰৰ ৰেহোবোথ বীচত তেওঁলোকৰ ঘৰত থাকিব । তেওঁ মঙলবাৰে নৰ্দাৰ্ণ ভাৰ্জিনিয়া কমিউনিটি কলেজত নতুন বিদ্যালয় বৰ্ষ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল, য'ত তেওঁ ইংৰাজী আৰু লিখনি শিকায় । তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বাবে বিদ্যালয়ৰ বিষয়াসকলৰ সৈতে শ্ৰেণীৰ বিকল্প শিক্ষকৰ ব্যৱস্থা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য যে জিল বিডেনে শনিবাৰে তেওঁৰ স্বামীৰ সৈতে ফ্লৰিডালৈ হাৰিকেন ইডালিয়াৰ পৰা হোৱা ক্ষতি পৰিদৰ্শন কৰিবলৈ গৈছিল । ৰাষ্ট্ৰপতি বিডেনে সোমবাৰে ফিলাডেলফিয়াত এক সংঘৰ অনুষ্ঠানলৈ যাত্ৰা কৰাৰ পূৰ্বে ডেলাৱেৰ বীচ হাউচত শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি কিছু সময় অতিবাহিত কৰে আৰু তাৰ পাছত হোৱাইট হাউচলৈ ঘূৰি আহে ।

ইফালে দুয়োগৰাকীয়ে যোৱা গ্ৰীষ্মকালতো ক'ভিডত আক্ৰান্ত হৈছিল । যোৱা বছৰৰ ২১ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ দেহত ক'ভিড ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । বিডেনক এণ্টি-ভাইৰেল ঔষধ পেক্সলোভিডৰ দ্বাৰা চিকিৎসা কৰা হৈছিল ।

লগতে পঢ়ক :18 th G20 summit: জিনপিং নাহে ! G20 শীৰ্ষ সন্মিলনৰ সুবাদতে ভাৰতলৈ আহিব মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.