অসম

assam

চীনে এক ইঞ্চিও বিদেশী ভূমি দখল কৰা নাই; দাবী চীনৰ ৰাষ্ট্ৰপতিৰ

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 12:23 PM IST

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ছান ফ্ৰান্সিস্কোত এপিইচি সন্মিলনত অংশগ্ৰহণ কৰে । তাৰ পিছত তেওঁ এক নৈশভোজত অংশগ্ৰহণ কৰে । তাত তেওঁ কয় যে চীনে কেতিয়াও আন কোনো দেশৰ ভূমি দখল কৰা নাই বা কোনো যুদ্ধ সৃষ্টি কৰা নাই ।

চীনে এক ইঞ্চিও বিদেশী ভূমি দখল কৰা নাই; দাবী চীনৰ ৰাষ্ট্ৰপতিৰ
চীনে এক ইঞ্চিও বিদেশী ভূমি দখল কৰা নাই; দাবী চীনৰ ৰাষ্ট্ৰপতিৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ নৱেম্বৰ : চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে দাবী কৰিছে যে তেওঁৰ দেশে কোনো সংঘৰ্ষ বা যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰা নাই । আমেৰিকা ভ্ৰমণত থকা চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে এই দাবী কৰে । তেওঁ লগতে কয়, "চীনে এক ইঞ্চিও বিদেশী ভূমি দখল কৰা নাই ।" এছিয়া-প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক সহযোগিতা (APEC) সন্মিলনৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক নৈশভোজত মিলিত হোৱাৰ সময়ত ঝিয়ে এই মন্তব্য কৰে । ইয়াৰ পূৰ্বে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

আমেৰিকা-চীন ব্যৱসায় পৰিষদ আৰু আমেৰিকা-চীন সম্পৰ্কৰ ৰাষ্ট্ৰীয় সমিতিয়ে আয়োজন কৰা অনুষ্ঠানটোত ঝিৰ মন্তব্যৰ ওপৰত বিশ্ব সম্প্ৰদায়ে তীক্ষ্ণ নিৰীক্ষণ কৰিছিল । চীনে ইতিমধ্যে কঠোৰ বাণিজ্য নিৰীক্ষণ আৰু দ্বিপাক্ষিক উত্তেজনাৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰিছে ।

নৈশভোজত ভাষণ দি ঝিয়ে কয় যে গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ ৭০ বছৰ বা ততোধিক বছৰত চীনে কোনো সংঘৰ্ষ বা যুদ্ধৰ সৃষ্টি কৰা নাই বা এক ইঞ্চিও বিদেশী ভূমি দখল কৰা নাই । বৈঠকত বাইডেনে চীনৰ মানৱ অধিকাৰ উলংঘনৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে । ইয়াৰ ভিতৰত আছে জিনজিয়াং, তিব্বত আৰু হংকং ।

হোৱাইট হাউছৰ এক বিবৃতি অনুসৰি, ৰাষ্ট্ৰপতি বাইডেনে মানৱ অধিকাৰৰ সাৰ্বজনীনতা আৰু সকলো দেশৰ তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ প্ৰতিশ্ৰুতিক সন্মান কৰাৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ জিনজিয়াং, তিব্বত আৰু হংকঙকে ধৰি পিআৰচিৰ মানৱ অধিকাৰ উলংঘনৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে ।

লগতে পঢ়ক :চীনৰ সৈতে দায়িত্বশীলভাৱে সম্পৰ্ক বজাই ৰখা বাইডেনৰ প্ৰধান উদ্দেশ্য

ABOUT THE AUTHOR

...view details