ইন্টাৰনেশ্যনেল ডেস্ক, 24 নৱেম্বৰ : মাইক্ৰ'ছফ্টৰ সহ প্ৰতিষ্ঠাপক বিল গেটছক অতিক্ৰম কৰি তেছলাৰ মুৰব্বী ইলন মাস্ক বিশ্বৰ দ্বিতীয় সম্পদশালী ব্যক্তি হিচাপে পৰিগণিত হ'ল ৷
The Bloomberg Billionaires Index য়ে সোমবাৰে তেছলা মুৰব্বীজনৰ সম্পত্তি $127.9 বিলিয়ন বুলি জানিবলৈ দিয়ে ৷ আনহাতে, গেটছৰ সম্পত্তিৰ মূল্য $127.7 বিলিয়ন বুলি উল্লেখ কৰা হৈছে ৷
উল্লেখ্য যে, 2020 চনৰ জানুৱাৰীৰ পৰা 49 বৰ্ষীয় উদ্যোগপতি গৰাকীয়ে অতিৰিক্ত $100 বিলিয়ন তেওঁৰ সম্পত্তিৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে ৷ বিশ্বৰ শীৰ্ষ 500 জন ধনী ব্যক্তিৰ তালিকাৰ দ্ৰুত হাৰত ধনী হোৱা ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে মাস্কে ৷
ইলেক্ট্ৰিক গাড়ী নিৰ্মাণকাৰী সংস্থা তেছলাৰ শ্বেয়াৰ বৃদ্ধি পোৱাৰ লগে লগে মাস্কৰ ভাগ্যৰো উদয় হ'ল ৷ সোমবাৰ পৰ্যন্ত তেওঁৰ বজাৰ মূল্য $500 বিলিয়নলৈ বৃদ্ধি পালে ৷