অসম

assam

চীনে তালিবানেৰে সম্পৰ্ক উন্নত কৰিবলৈ নিশ্চয়কৈ ব্যৱস্থা ল’ব : জ’ বাইডেন

By

Published : Sep 8, 2021, 9:19 AM IST

China to work out arrangement with Taliban, says Biden

চীনৰ যদিও তালিবানৰ সৈতে সম্পৰ্ক যথেষ্ট উন্নত নহয় কিন্তপ দেশখনে সাংগঠনটোৰে নিজৰ সম্পৰ্ক গাঢ় কৰিবলৈ নিশ্চয়কৈ কিবা পদক্ষেপ গ্ৰহণ কৰিব ৷ এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 8 ছেপ্তেম্বৰ : চীনৰ তালিবানৰ সৈতে বহু সমস্যা আছে আৰু সেয়েহে চীনে সংগঠনটোৰ সৈতে নিজৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে নিশ্চয়কৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিব ৷ এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ৷ তালিবানে চীনৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিছে নেকি বুলি কৰা সাংবাদিকৰ প্ৰশ্নত এই মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

হোহাইট হাউচত সাংবাদিকৰে হোৱা মত বিনিময়ক বাইডেনে কয়, "তালিবানৰ সৈতে চীনৰ প্ৰকৃত সমস্যা আছে ৷ গতিকে মই নিশ্চিত তেওঁলোকে ইয়াক সমাধানৰ বাবে কিছু ব্যৱস্থ গ্ৰহণ কৰিব ৷ যেনেদৰে পাকিস্তান, ৰাছিয়া, ইৰাণে কৰিছে ৷ তেওঁলোকে সকলোৱে এতিয়া কি কৰিব পাৰে তাকে বিচাৰ কৰি আছে ৷"

আফগান চৰকাৰৰ পতনৰ কিছুদিন পূৰ্বে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে তালিবানৰ ৰাজনৈতিক কমিচনাৰ মুল্লাঃ আব্দুল ঘানী বাৰাদৰক সাক্ষাত কৰি তেওঁলোকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন পোষকতা কৰিছিল ৷ কাপুলৰ পতনৰ পূৰ্বেই চীনে তালিবানৰ আফগানিস্তানৰ প্ৰকৃত শাসক হিচাপে মানিব আৰম্ভ কৰিছিল ৷

এক সাংবাদ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মানৱ অধিকাৰ খৰ্ব কৰাই হওক বা নিজৰ প্ৰকাশ কৰাৰ অধিকাৰ খৰ্ব কৰাই হওক চীন আৰু তালিবান একে আদৰ্শতে চলে ৷ তালিবানৰ অতিবাদী আৰু ৰক্ষণশীল আচৰণৰ দৰেই উন্নয়নৰ বাট বগাই অহা চীনৰ কমিউনিষ্ট চৰকাৰখনেও ইয়াৰ জনসাধৰণক দাস হিচাপে গণ্য কৰে ৷ তালিবান, যি নিজকে ইছলামৰ ধ্বজাবাহক বুলি কয় তেওঁলোকে কিন্তু চীনত উইঘুৰৰ দমন সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে যেতিয়া তালিবানৰ শীৰ্ষ নেতৃত্বই বৈইজিঙৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক স্থাপন বাবে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰিছিল ৷

ধাৰণা কৰিব পাৰি যে, বেইজিঙে আফগানিস্তানত বিনিয়োগ কৰিবলৈ কিছু সময় ল'ব আৰু আফগানিস্তানৰ পৰিস্থিত উন্নত হোৱাৰ লগে লগেই ইয়াৰ ওপৰত গুৰুত্ব দিব ৷ চীনা কোম্পানীসমূহে ইতিমধ্যে তৈল ক্ষেত্ৰৰ বাবে ড্ৰিলিং অধিকাৰ সুৰক্ষিত কৰিছে । ইয়াৰ উপৰিও, আফগানিস্তান বিৰল খনিজ সম্পদৰ ভড়াল আছে যিবোৰ স্মাৰ্টফোন, টেবলেট আৰু LED স্ক্ৰীণৰ দৰে সামগ্ৰী প্ৰস্তুতৰ বাবে অত্যাৱশ্যকীয়।

লগতে পঢ়ক :অপ্ৰত্যাশিতভাৱে আফগান সেনাৰ দ্ৰুত পতন ঘটিছিল : Top US General

ABOUT THE AUTHOR

...view details