ETV Bharat / international

উগ্ৰবাদৰ অভিযোগত ৰাছিয়াত আটক দুজনকৈ সাংবাদিক - Journalists detained in Russia

author img

By ANI

Published : Apr 29, 2024, 8:28 AM IST

Two Russian journalists detained on 'extremism' charges, linked to Navalny group
উগ্ৰবাদৰ অভিযোগত ৰাছিয়াত আটক দুজনকৈ সাংবাদিক

Journalists detained in Russia: ৰাছিয়া আৰক্ষীয়ে আটক কৰিছে দুজনকৈ সাংবাদিকক ৷ সাংবাদিক দুজন হ’ল কনষ্টেণ্টিন গাবভ আৰু চেৰ্গে কেৰেলিন ৷ প্ৰভাৱশালী ইউটিউব চেনেল "NavalnyLIVE" ত অৰিহণা যোগোৱাৰ অভিযোগত আটক কৰা হৈছে দুয়োকে ৷

নেশ্যনেল ডেস্ক, 29 এপ্ৰিল: ‘উগ্ৰবাদ’ৰ অভিযোগত ৰাছিয়াত আৰক্ষীয়ে আটক কৰিছে দুজনকৈ সাংবাদিকক ৷ চিএনএনৰ বাতৰি অনুসৰি ৰাছিয়াৰ সেই দুজন সাংবাদিক হ’ল কনষ্টেণ্টিন গাবভ আৰু চেৰ্গে কেৰেলিন ৷ কৰ্তৃপক্ষই সাংবাদিক দুজনক ৰাছিয়াৰ প্ৰয়াত বিৰোধী ব্যক্তি এলেক্সি নাভালনিৰ সৈতে জড়িত এটা গোটৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে বুলি চিএনএনে জনায় ।

গাবভ আৰু কেৰেলিনে নাভালনিৰ প্ৰভাৱশালী ইউটিউব চেনেল "NavalnyLIVE" ত অৰিহণা যোগোৱাৰ অভিযোগ উত্থাপন হৈছে । এই ইউ টিউব চেনেলটো ক্ৰেমলিনৰ দুৰ্নীতি সম্বন্ধীয় তথ্য উন্মোচনৰ বাবে পৰিচিত, যিয়ে লাখ লাখ দৰ্শকক আকৰ্ষণ কৰি আহিছে ।

ৰাছিয়াৰ কৰ্তৃপক্ষই নাভালনি আৰু তেওঁৰ সংগঠনসমূহক “উগ্ৰপন্থী” বুলি অভিহিত কৰিছে ৷ লগতে, তেওঁৰ সহযোগীসকলক কাৰাগাৰত ভৰোৱা হৈছে আৰু আন বহু লোকক নিৰ্বাসিত কৰা হৈছে বুলি চিএনএনে প্ৰকাশ কৰিছে । মস্কোৰ বাছমানি জিলা আদালতৰ মতে, ৰয়টাৰ সংবাদ সংস্থাৰ প্ৰযোজক হিচাপে চিনাক্ত হোৱা গাবভক 27 জুন পৰ্যন্ত আটকাধীন হৈ থাকিব ।

ৰাছিয়াৰ মুৰ্মানস্ক অঞ্চলত গ্ৰেপ্তাৰ হোৱা কেৰেলিনৰ বিৰুদ্ধে “এটা উগ্ৰপন্থী সংগঠনত জড়িত”ৰ অভিযোগ উত্থাপন হৈছে । ইয়াৰ পূৰ্বে কেৰেলিন এছ’চিয়েটেড প্ৰেছ (এ পি) আৰু ডয়চে ৱেলে (ডি ডব্লিউ)ৰ দৰে আউটলেটত কাম কৰিছিল, ইয়াৰ পিছত 2022 চনত ৰাছিয়াত ইয়াক নিষিদ্ধ কৰা হৈছিল ।

গাবভ আৰু কেৰেলিনক আটক কৰাটোৱে ৰাছিয়াত সাংবাদিক আৰু ক্ৰেমলিনৰ সমালোচকৰ ওপৰত বহল দমনৰ প্ৰতিফলন ঘটায় । বিশেষকৈ ইউক্ৰেইন আক্ৰমণৰ পিছত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে মতানৈক্য দমনৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । শেহতীয়াকৈ ফৰ্বছৰ সাংবাদিক চাৰ্গেই মিংগাজ’ভক ৰাছিয়াৰ সেনাবাহিনীৰ বিষয়ে ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত গৃহবন্দী কৰা হৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

এসময়ত পুটিনৰ প্ৰাথমিক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী নাভালনীয়ে উগ্ৰবাদৰ অভিযোগত দীৰ্ঘদিনীয়া কাৰাদণ্ড ভুগি থকাৰ সময়তে জিম্মাত মৃত্যুবৰণ কৰে । চিএনএনৰ বাতৰি অনুসৰি তেওঁৰ মৃত্যুত ক্ৰেমলিনৰ সহযোগিতা থকাৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলে ৷ অৱশ্যে এই দাবী ৰাছিয়াৰ কৰ্তৃপক্ষই তীব্ৰভাৱে অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক: ৰাছিয়াৰ অৰেনবাৰ্গত বানত বিধ্বস্ত প্ৰায় ১২০০০ গৃহ - Flood in Russian region

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.