ETV Bharat / international

ৰাছিয়াৰ অৰেনবাৰ্গত বানত বিধ্বস্ত প্ৰায় ১২০০০ গৃহ - Flood in Russian region

author img

By PTI

Published : Apr 12, 2024, 9:59 AM IST

Flood in Russia: কাজাখাস্তানৰ সীমান্তৱৰ্তী ৰাছিয়াৰ এটা অঞ্চলত প্ৰলয়ংকৰী বান । জলস্তৰ বৃদ্ধি পাই থকাৰ বাবে প্ৰায় ১২ হাজাৰ ঘৰ বানপানীত বুৰ গৈছে ।

FLOOD IN RUSSIAN REGION
Flood in Russia

নিউজ ডেস্ক, ১২ এপ্ৰিল: কাজাখাস্তানৰ সীমান্তৱৰ্তী ৰাছিয়াৰ এটা অঞ্চলত উৰাল নদীৰ জলস্তৰ বৃদ্ধি পাই থকাৰ বাবে প্ৰায় ১২ হাজাৰ ঘৰ বানপানীত বুৰ গৈছে আৰু অধিক জলপ্ৰলয়ৰ ভাবুকি আহিছে বুলি বৃহস্পতিবাৰে কৰ্তৃপক্ষই জনায় ।

ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা দক্ষিণ-পূব দিশত প্ৰায় ১২০০ কিলোমিটাৰ (৭৪৫ মাইল) দূৰত্বত অৱস্থিত অৰেনবাৰ্গ অঞ্চলত যোৱা সপ্তাহত পানীৰ ঢৌৰ হেঁচাত নদীখনৰ ওপৰত এটা বান্ধ ভাগি যোৱাৰ ফলত বানপানীৰ উদ্ভৱ হয় । হাজাৰ হাজাৰ লোকক সেই স্থানৰ পৰা স্থানান্তৰ কৰা হয় । স্থানীয় কৰ্তৃপক্ষই অঞ্চলটোত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ।

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা টেলিভিছন ভিডিঅ’ কনফাৰেন্সত অৰেনবাৰ্গৰ গৱৰ্ণৰ ডেনিছ পাছলাৰে জনোৱা মতে, মুঠ ১১,৯৭২টা ঘৰৰ লগতে ১৬ খন ৰাজ্যিক চিকিৎসালয়ো বানপানীত বুৰ গৈছে । ইয়াৰ উপৰিও প্ৰায় ২০ হাজাৰ লোকৰ বাসস্থান ৩,৬০০ ঘৰত জলস্তৰ বৃদ্ধি হৈ থকাৰ বাবে অচিৰেই জলপ্ৰলয়ৰ আশংকা কৰা হৈছে ।

অঞ্চলটোৰ প্ৰশাসনিক ৰাজধানী অৰেনবাৰ্গ চহৰত পৰিস্থিতি আটাইতকৈ ভয়াৱহ বুলি পাছলাৰে কয়, য’ত উৰাল নদীৰ জলপৃষ্ঠই ১০.৮৭ মিটাৰ (প্ৰায় ৩৬ ফুট) ঐতিহাসিক শিখৰত উপনীত হৈছে ।

বানাক্ৰান্ত অঞ্চলৰ পৰা এতিয়ালৈকে মুঠ ৭৮০০ লোকক স্থানান্তৰ কৰা হৈছে বুলিও তেওঁ লগতে কয় । বানপানীৰ ফলত হোৱা সামগ্ৰিক ক্ষতিৰ পৰিমাণ ৪০ বিলিয়ন ৰুবল (৪২৮ মিলিয়ন মাৰ্কিন ডলাৰ)তকৈও অধিক হ’ব বুলি অনুমান কৰা হৈছে । কাজাখাস্তান সীমান্তৰ আৰু অধিক পূব দিশত কুৰ্গান আৰু ট্যুমেন অঞ্চলৰ কৰ্তৃপক্ষইও স্থানীয় নদীসমূহত পানীৰ স্তৰ বৃদ্ধি পোৱাৰ লগে লগে সম্ভাৱ্য বানপানীৰ বাবে সাজু হৈছে ।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে প্ৰকাশ কৰা অনুসৰি কাজাখস্তানতো বানপানীৰ সৃষ্টি হৈছে, য’ত কৰ্তৃপক্ষই দেশখনৰ ১৭টা অঞ্চলৰ ভিতৰত ১০টা অঞ্চলত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । বৃহস্পতিবাৰলৈকে আঠটা অঞ্চলত জৰুৰীকালীন অৱস্থা এতিয়াও চলি আছে বুলি টাছে প্ৰকাশ কৰিছে । মাৰ্চ মাহৰ পৰা তাত থকা ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা ৯৮ হাজাৰৰো অধিক লোকক উচ্ছেদ কৰা হৈছে ।

কাজাখাস্তানৰ বানপানীত ডুব যোৱা অঞ্চলসমূহৰ ফুটেজত দেখা গৈছে যে ৰাজপথৰ পৰা পানী ওলাইছে, পানীৰে আবৃত বিশাল পথাৰ আৰু কেইবা ডজন ঘৰ আংশিকভাৱে ডুব গৈছে । কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভে বানপানীক প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰিছে । যোৱা সপ্তাহত তেওঁ কয় যে ৮০ বছৰতকৈও অধিক সময়ৰ ভিতৰত ইয়াৰ পৰিসৰ আৰু পৰিণতিৰ ক্ষেত্ৰত এইটোৱেই হয়তো আটাইতকৈ ডাঙৰ দুৰ্যোগ ।

লগতে পঢ়ক: দেশৰ ৰাজনৈতিক কাৰ্যকলাপৰ বাতৰিত নিষেধাজ্ঞা আৰোপ মালিৰ জুন্টাৰ - Malis junta

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.