অসম

assam

ভাইজানক জন্মদিনত এবাৰ চাবলৈ মুম্বাইৰ ঘৰৰ বাহিৰত অনুৰাগীৰ সমাৱেশ

By ANI

Published : Dec 27, 2023, 11:29 AM IST

Salman Khan Birthday: ছলমান খানৰ আজি ৫৮ সংখ্যক জন্মদিন । এই উপলক্ষে অভিনেতাগৰাকীক শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰৰ বাহিৰত নিশাৰে পৰা ভিৰ কৰিছে অনুৰাগীয়ে ।

Salman Khan's birthday: Fans gather to wish Salman Khan's outside his residence
ছলমান খানৰ জন্মদিন

চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: বলীউডৰ ভাইজান অৰ্থাৎ ছলমান খানৰ আজি ৫৮ সংখ্যক জন্মদিন । অভিনেতাগৰাকীৰ জন্মদিন অনুৰাগীৰ বাবে কোনো উৎসৱতকৈ কম নহয় ৷ সেয়েহে, প্ৰত্যেক বছৰে তেওঁৰ অনুৰাগীসকলে জন্মদিনৰ শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰৰ বাহিৰত ভিৰ কৰেহি ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়, প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুৰাগীয়ে অভিনেতাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ তেওঁৰ ঘৰৰ বাহিৰত সমবেত হৈছে । পুৱাৰে পৰা মুম্বাইত তেওঁৰ ঘৰৰ বাহিৰত অনুৰাগীৰ সমাৱেশ দেখা গৈছে ।

ছলমান খানৰ ঘৰৰ বাহিৰত অনুৰাগীৰ ভিৰ

শেহতীয়াকৈ ANI য়ে শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ ৷ ভিডিঅ’টোত দেখা গৈছে যে ভাইজান অৰ্থাৎ ছলমান খানৰ ঘৰৰ বাহিৰত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ গোট খাইছে । দৰাচলতে মঙলবাৰে নিশাৰে পৰা বহু চহৰৰ অনুৰাগীয়ে তেওঁৰ মুম্বাইৰ বাসগৃহৰ বাহিৰত সমবেত হৈ নিজৰ প্ৰিয় তাৰকাগৰাকীক শুভেচ্ছা জনাবলৈ আহিছে । অনুৰাগীয়ে দূৰ-দূৰণিৰ পৰা নিজৰ প্ৰিয় তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছে ৷

ভাগিনীয়েক আয়াতৰ সৈতে কেক কাটি জন্মদিন উদযাপন ছলমান খানৰ

ইফালে ছলমান খানে যোৱা নিশা মুম্বাইস্থিত ভগ্নী অৰ্পিতা খান শৰ্মাৰ ঘৰত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত জন্মদিন উদযাপন কৰে । বিশেষ কথাটো হ’ল আজি অভিনেতাজনৰ ভাগিনীয়েক আয়াতৰো জন্মদিন । অৰ্থাৎ ছলমান আৰু তেওঁৰ ভগ্নী অৰ্পিতাৰ কন্যা আয়াতৰ জন্মদিন একেদিনাই পৰিছে । এনে অৱস্থাত মোমায়েক আৰু ভাগিনীয়েকে একেলগে কেক কাটি জন্মদিন উদযাপন কৰিছে । ছলমান খানৰ জন্মদিনৰ ভিতৰৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

ইউলিয়া ভান্টুৰ, অৰবাজ খান, অৰবাজ খানৰ পুত্ৰ অৰহান খান, সোহেইল খান, হেলেন, অলভিৰা খান অগ্নিহোত্ৰী, আয়ুষ শৰ্মা, অৰ্পিতা খান শৰ্মা, ববি দেওলকে ধৰি বহু জনপ্ৰিয় লোকে তেওঁৰ জন্মদিন উদযাপনৰ পাৰ্টিত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:মোমায়েক-ভাগিনীয়েকৰ জন্মদিন একেটা দিনতে, ববি দেওলে এনেদৰে জন্মদিনৰ শুভেচ্ছা জনালে ছলমানক

ABOUT THE AUTHOR

...view details