অসম

assam

Preity Zinta: স্বামীৰ সৈতে আধ্যাত্মিক গুৰু দালাই লামাক সাক্ষাৎ কৰিলে প্ৰীতি জিন্টাই

By

Published : May 23, 2023, 4:58 PM IST

বলীউডৰ অভিনেত্ৰী তথা আই পি এলৰ পঞ্জাব কিংছ দলৰ স্বত্বাধিকাৰী প্ৰীতি জিন্টাই শেহতীয়াকৈ ধৰ্মশালাত তিব্বতৰ আধ্যাত্মিক গুৰু দালাই লামাক সাক্ষাৎ কৰে । প্ৰীতিয়ে দালাই লামাক লগ পোৱাৰ বিষয়ে কি ক’লে জানি লওক এই প্ৰতিবেদনত ৷

Preity zinta met dalai lama with her husband in dharamshala
দালাই লামাক সাক্ষাৎ কৰিলে প্ৰীতি জিন্টাই

চিটাৰা ডেস্ক, 23 মে’: বলীউডৰ সুপৰিচিত অভিনেত্ৰী তথা আই পি এলত পঞ্জাৱ দলৰ মালিক প্ৰীতি জিন্টা বৰ্তমান ভাৰতৰ হিমাচলত উপস্থিত আছে (Preity Zinta)। য’ত ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছ-দিল্লী কেপিটেলৰ মাজত অনুষ্ঠিত হোৱা খেলখন চাবলৈ গৈছিল অভিনেত্ৰীগৰাকী । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে স্বামী জিন গুডএনাফৰ সৈতে আধ্যাত্মিক গুৰু দালাই লামাক সাক্ষাৎ কৰে (Preity zinta meets dalai lama) ।

ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰীতিয়ে দালাই লামাৰ সৈতে হোৱা সাক্ষাতৰ কিছু ছবি পোষ্ট কৰিছে । এই ছবিবোৰৰ লগতে তেওঁ এটা কেপচনো লিখিছে য’ত তেওঁ দালাই লামাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰিছে (Preity zinta in Dharamshala)। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘ধৰ্মশালাত আই পি এল শেষ হ’ব বুলি মই একেবাৰেই আশা কৰা নাছিলো । কিন্তু দালাই লামাক লগ পোৱাৰ মোৰ সম্পূৰ্ণ আশা আছিল । তেওঁৰ লগত ইমান ভাল সময় কটাবলৈ পাই মই বহুত সুখী । তেওঁ আমাৰ সৈতে বহুতো জ্ঞান আৰু হাঁহিৰ মুকুতা ভাগ কৰিছিল ।’

দৰাচলতে প্ৰীতি পঞ্জাব কিংছৰ স্বত্বাধিকাৰী আৰু ১৯ মে’ত পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হোৱা মেচত পঞ্জাব দুটা বল বাকী থকা অৱস্থাত চাৰিটা উইকেটত পৰাস্ত হৈছিল । ইয়াৰ লগে লগে পঞ্জাৱ কিংছ এইবাৰ আই পি এল টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈছে (IPL in Dharamshala)।

প্ৰীতি জিন্টাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে প্ৰীতিক আগন্তুক সময়ত দেখা যাব বিকাশ ভাৰ্মাৰ পৰিচালনাত নিৰ্মিত ‘দ্য গুড মহাৰাজা’ত । যিখন ভাৰত-পোলেণ্ড যুদ্ধৰ আধাৰত নিৰ্মিত এখন মহাকাব্যিক ছবি । প্ৰীতিৰ লগতে সঞ্জয় দত্ত, ধ্ৰুৱ ভাৰ্মা, দীপক ৰানা, গুলচন গ্ৰোভাৰ, শৰদ কাপুৰৰ দৰে তাৰকাক দেখা যাব । আনহাতে, ধৰ্মা প্ৰডাকচনৰ ছবি ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহিনী’ত প্ৰীতিয়ে কেমিঅ’ কৰা দেখা যাব (Preity zinta met dalai lama)।

লগতে পঢ়ক:Priya Ahuja Rajda On Asit Modi: অসিত মোদীৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ তুলিলে প্ৰিয়া আহুজাই

ABOUT THE AUTHOR

...view details