Priya Ahuja Rajda On Asit Modi: অসিত মোদীৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ তুলিলে প্ৰিয়া আহুজাই

author img

By

Published : May 22, 2023, 7:16 PM IST

TMKOC's Priya Ahuja reveals Asit Modi's sexist comments: 'Enjoy life like a queen...'

বিতৰ্কত ‘তাৰক মেহতা কা উল্টা চশমা’ শ্ব’ ৷ এইবাৰ শ্ব’টোত ৰীতা সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা প্ৰিয়া আহুজাই বহু বিস্ফোৰক মন্তব্য কৰে অসিত মোদীৰ বিৰুদ্ধে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 22 মে’: টেলিভিশ্বনৰ অন্যতম এক জনপ্ৰিয় শ্ব’ হৈছে ‘তাৰক মেহতা কা উল্টা চশমা’ (Taarak Mehta Ka Ooltah Chashmah) ৷ শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এই শ্ব’টো পছন্দ কৰে ৷ কিন্তু শেহতীয়াকৈ এই শ্ব’টো সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত ৷ ইগৰাকীৰ পিচত সিগৰাকী অভিনেত্ৰীয়ে শ্ব’টোৰ পৰিচালক তথা প্ৰযোজক অসিত মোদীৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷ শ্ব’টোৰ চেটৰ ভিতৰচ’ৰাত আচলতে কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে আৰু অভিনেত্ৰীসকলৰ সৈতে কেনে ব্যৱহাৰ কৰা হয় সেই তথ্য উদঙাই দিয়ে শ্ব’টোত অভিনয় কৰা অভিনেত্ৰীসকলে ।

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, ইয়াৰ আৰম্ভণি হৈছিল জেনিফাৰ মিষ্ট্ৰী বনচিৱালৰ পৰা ৷ হয়, শ্ব’টোত মিচেছ ছ’ধিৰ চৰিত্ৰত অভিনয় কৰিছিল জেনিফাৰে । অভিনেত্ৰীগৰাকীয়ে শ্ব’টোৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে শোষণৰ অভিযোগ উত্থাপন কৰিছিল (Priya Ahuja on Taarak Mehta harassment)।

জেনিফাৰে মেকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে । ইয়াৰ পিচত শ্ব’টোত বাৱৰীৰ চৰিত্ৰত অভিনয় কৰা মনিকা ভাদৌৰিয়াইও দাবী কৰে যে অসিত মোদীয়ে তেওঁৰ কেৰিয়াৰ নষ্ট কৰাৰ ভাবুকি দিছিল । সদ্যহতে অসিত মোদীৰ বিৰুদ্ধে মুখ খুলিছে আন এগৰাকী অভিনেত্ৰীয়ে ৷ শ্ব’টোত ৰীতা ৰিপ’ৰ্টাৰৰ চৰিত্ৰত অভিনয় কৰা প্ৰিয়া আহুজাই (Priya Ahuja) এইবাৰ অসিত মোদীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে (Priya Ahuja Rajda On Asit Modi) ।

প্ৰিয়া আহুজা ওৰফে ৰীতা সাংবাদিকে শ্বেয়াৰ কৰিলে বহু তথ্য

সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত প্ৰিয়া আহুজাই শ্বেয়াৰ কৰে যে, পৰিচালক মালৱ ৰাজদাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিচত অসিত মোডী আৰু শ্ব’টোৰ লোকৰ তেওঁৰ প্ৰতি থকা ব্যৱহাৰ সলনি হৈ যায় । তেওঁৰ বিৰুদ্ধে অন্যায় ব্যৱহাৰ হোৱা বুলি দাবী কৰি অভিনেত্ৰীগৰাকীয়ে কয় যে, তাৰক মেহতা কা উল্টা চশমাৰ অভিনেতা-অভিনেত্ৰীসকলে প্ৰায়ে মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হয় (Taarak Mehta Ka Ooltah Chashmah actor Priya Ahuja) ৷

এই বাৰ্তাৰ কোনো উত্তৰ নিদিলে অসিত মোদীয়ে

প্ৰিয়াই লগতে কয় যে, মালৱৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচৰ পৰাই শ্ব’টোত তেওঁৰ ট্ৰেক হ্ৰাস পাইছিল আৰু তেওঁ শ্ব’ এৰি যোৱাৰ পিচত তেওঁৰ ট্ৰেকৰ বিষয়ে তেওঁ একো নাজানিছিল । প্ৰিয়াই প্ৰকাশ কৰে যে, তেওঁ অসিত মোডীক কেইবাবাৰো মেছেজ কৰি শ্ব’টোত তেওঁৰ ট্ৰেকৰ বিষয়ে সুধিছিল যদিও কোনো সঁহাৰি নাপালে । অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ আনকি ছোহিল ৰমণিলৈও বাৰ্তা প্ৰেৰণ কৰিছিল যাতে তেওঁৰ চৰিত্ৰটোৰ বিষয়ে স্পষ্টতা লাভ কৰিব পাৰে, কিন্তু এই প্ৰচেষ্টাও অথলে গ’ল (Taarak Mehta actor Priya Ahuja)।

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, "আপুনি মোক ৯ মাহ ধৰি শ্ব’টোলৈ নিমন্ত্ৰণ কৰা নাছিল কাৰণ মালৱৰ সৈতে আপোনাৰ সম্পৰ্ক শেষ হৈছিল আৰু তাৰ পিচত আপুনি মোক শ্ব’টোৰ পৰা মাখিৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে ৷ " প্ৰিয়াই দাবী কৰে যে, অসিতে কৈছিল মালৱে উপাৰ্জন কৰি আছে গতিকে কিয় কাম কৰিব লগা হৈছে প্ৰিয়াই । এই কথাত প্ৰিয়া আহুজাই অপমানিত অনুভৱ কৰিছিল কাৰণ ১৪ বছৰে শ্ব’টোত কাম কৰাৰ পিচতো তেওঁৰ ট্ৰেক সন্দৰ্ভত কোনো মেকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাছিল ।

তাৰক মেহতা কা উল্টা চশমা ‘পুৰুষতান্ত্ৰিক’ নেকি ?

তাৰক মেহতা কা উল্টা চশমা চেটটোক জেনিফাৰ মিষ্ট্ৰী বনচিৱালে ‘malevolent’ বুলি অভিহিত কৰিছিল । প্ৰিয়া আহুজাইও জেনিফাৰৰ এই কথাত সমৰ্থন কৰে । প্ৰিয়া কয় যে চেটত ‘এশ শতাংশ ’ ‘পুৰুষতান্ত্ৰিক’ মনোভাৱ আছে । তাৰক মেহতা কা উল্টা চশমাৰ চেটটো সুখৰ ঠাই, কু-অভিপ্ৰায়ৰ নহয় বুলি মন্দৰ চন্দৱৰ্কাৰৰ বক্তব্যত প্ৰিয়াই আশ্চৰ্য প্ৰকাশ কৰে ৷ প্ৰিয়া আহুজাই শ্বেয়াৰ কৰি কয় যে, তেওঁ জেনিফাৰৰ অতি ভাল বন্ধু হোৱাৰ বাবে তেওঁৰ বক্তব্যত আচৰিত হৈছে ।

প্ৰিয়া আহুজাই জেনিফাৰ মিষ্ট্ৰী বনচিৱালক অনুশাসিত বুলি কয়

প্ৰিয়াই লগতে কয় যে, চেটত জেনিফাৰ মিষ্ট্ৰী বনচিৱালক আচৰণ অতি সভ্য আছিল আৰু কেতিয়াও কাৰো লগত বেয়া আচৰণ কৰা নাছিল জেনিফাৰে । প্ৰিয়াই জেনিফাৰক ‘আটাইতকৈ মৰমিয়াল’ আৰু ‘আধ্যাত্মিক’ বুলি অভিহিত কৰিছিল । কিন্তু প্ৰিয়া আহুজাই লগতে কয় যে, জেনিফাৰে কৰা যৌন নিৰ্যাতনৰ দাবীৰ বিষয়ে তেওঁৰ কোনো জ্ঞান নাই (Asit Modi of Taarak Mehta Ka Ooltah Chashmah)।

লগতে পঢ়ক: Sushmita Sen: ৭৭খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি মিছ ইউনিভাৰ্ছৰ হোৱা সুস্মিতাই শ্বেয়াৰ কৰিলে এখন ২৯ বছৰ পুৰণি ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.