অসম

assam

Besharam Rang গানটোত উত্তেজক বস্ত্ৰ পৰিধান কৰা বুলি দীপিকাক লৈ কটু মন্তব্য মুকেশ খান্নাৰ

By

Published : Dec 17, 2022, 5:47 PM IST

Pathan controversy: শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি 'পাঠান'ৰ 'Besharam Rang' গানটোক লৈ বিতৰ্ক শেষ নোহোৱা হৈছে । প্ৰবীণ অভিনেতা মুকেশ খান্নাই শেহতীয়াকৈ গেৰুৱা ৰঙৰ কাপোৰ পিন্ধাৰ বাবে দীপিকা পাডুকনক তীব্ৰ সমালোচনা কৰিছে ।

Mukesh Khanna
পাঠান বিতৰ্ক

চিটাৰা ডেস্ক, 17 ডিচেম্বৰ :শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত 'পাঠান'ৰ প্ৰথমটো গান 'Besharam Rang' ত দীপিকা পাডুকনে গেৰুৱা কাপোৰ পিন্ধাক লৈ বিতৰ্কৰ অন্ত পৰা নাই । বহুতে অভিনেত্ৰীগৰাকীৰ সমৰ্থনত মত প্ৰকাশ কৰিছে যদিও এটা বিশেষ শাখাই ছবিখনৰ বিৰুদ্ধে থিয় হৈছে । ছবিখনৰ বিৰুদ্ধে শেহতীয়াকৈ প্ৰতিবাদ কৰিছে প্ৰবীণ অভিনেতা আৰু 'শক্তিমান' খ্যাত মুকেশ খান্নাই । প্ৰায়ে ৰাজনৈতিক আৰু সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশ কৰা মুকেশ খান্নাইয়ো এই বিতৰ্কত তেওঁৰ বিবৃতি জাৰি কৰিছে । এই বিষয়টোত কি ক’লে অভিনেতাজনে জানো আহক-

বেছিদিন নাই বহু প্ৰতীক্ষিত ছবি ‘পাঠান’ ৰ মুক্তিৰ বাবে । 2023 চনৰ 25 জানুৱাৰীত মুক্তি পাব ছবিখন । মাজত মাথো কেইটমান দিন বাকী থকা অৱস্থাত সমগ্ৰ দেশতে ছবিখনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে চলচ্চিত্ৰ প্ৰেমী সকলক দুখী কৰি তুলিছে । ‘পাঠান’ ছবিখনৰ পোষ্টাৰ, টিজাৰ আৰু ট্ৰেইলাৰৰ পিছত ছবিখনক লৈ অনুৰাগীৰ মাজত প্ৰচণ্ড উন্মাদনা দেখিবলৈ পোৱা গৈছিল ৷ কিন্তু ছবিখনৰ প্ৰথমটো গীত ‘Besharam Rang’ মুক্তি পোৱাৰ পিছতেই হূলস্থূল লাগি গ’ল সামাজিক মাধ্যমত (Pathan Movie Controversy)।

আপোনালোকক জনাওঁ, বিশ্ব হিন্দু পৰিষদকে ধৰি বহু হিন্দু সংগঠন আৰু বিজেপি নেতাই দীপিকা পাডুকনে গানটোত কেশৰ কাপোৰ পিন্ধাক লৈ আন্দোলন কৰিছে । শেহতীয়াকৈ মুকেশ খান্নাইয়ো দীপিকাৰ এই অৱতাৰক লৈ আপত্তি প্ৰকাশ কৰিছে ।

মুকেশ খান্নাই কটু সুৰত ‘পাঠান’ৰ বিতৰ্কিত গীত ‘Besharam Rang’ক অশ্লীল আখ্যা দিছে । মুকেশে কৈছে যে, ‘আজিৰ শিশুসকল টিভি আৰু ছবি চাইয়েই ডাঙৰ হয়, এনে পৰিস্থিতিত শিশুসকলৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰিব, গতিকে চেন্সৰ ব’ৰ্ডে এনে গীত পাছ কৰা উচিত নহয়’ ।

এই ছবিখন সন্দৰ্ভত মুকেশ খান্নাই চেন্সৰ ব’ৰ্ডক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ কয়, ‘চেন্সৰ ব’ৰ্ড কোনো উচ্চতম ন্যায়ালয় নহয়, যাৰ বিৰোধিতা কৰা উচিত নহয়’।

তেওঁ আৰু কয়, ‘আমাৰ দেশখন স্পেইন হোৱা নাই, য’ত এনে গীত অনা হৈছে । এই মুহূৰ্তত গান কেৱল আধা কাপোৰেৰেহে বনোৱা হৈছে আৰু কিছু সময়ৰ পিছত কাপোৰ নোহোৱাকৈ গান আহিবলৈ আৰম্ভ কৰিব, বুজি নাপায় কিয় এনে গান চেঞ্চৰ বৰ্ডে পাছ কৰে’ ।

কেশৰ ৰং সন্দৰ্ভত ভাষণ দি মুকেশ খান্নাই কৈছে, ‘কেশৰ ৰং যে এটা ধৰ্ম আৰু সম্প্ৰদায়ৰ সৈতে জড়িত ৰং আৰু সেইসকল লোকৰ বাবে যে ইয়াৰ অৰ্থ বহুত সেই কথা চিনেমা নিৰ্মাতাই নাজানেনে ! তেওঁ কৈছিল যে আমেৰিকাত তেওঁলোকৰ পতাকাৰ বিকিনি পিন্ধিব পাৰি, কিন্তু ভাৰতত সেয়া কৰিব নোৱাৰি ।

লগতে পঢ়ক : Mukesh khanna controversy: নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক লৈ বিতৰ্কিত মন্তব্য মুকেশ খান্নাৰ

ABOUT THE AUTHOR

...view details