অসম

assam

Kangana Ranaut Trolled: পাঠানক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত বেয়াকৈ ট্ৰ’ল খাইছে ৰাণাৱটে

By

Published : Jan 28, 2023, 7:06 PM IST

শ্বাহৰুখ খানৰ ছবি ‘পাঠানে’ বক্স অফিচত জোকাৰণি তুলিছে । চাৰিওফালে পাঠান ছবিখনৰ বিষয়ে আলোচনা চলি থকাৰ মাজতে ছবিখনক লৈ সমালোচনাত্মক মন্তব্য দিয়াৰ বাবে কংগনাক ছ’চিয়েল মিডিয়াত অহৰহ ট্ৰ’ল কৰা হৈছে ৷

Kangana Ranaut
পাঠান সন্দৰ্ভত কি ক’লে কংগনাই

চিটাৰা ডেস্ক, 28 জানুৱাৰী :অভিনেত্ৰী কংগনা ৰাণাৱটক চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ছবি 'পাঠান'ক সমালোচনা কৰাৰ বাবে সামাজিক মাধ্যমত নিৰন্তৰ ট্ৰ'ল কৰা হৈছে । কংগনাই তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত পাঠান চলচ্চিত্ৰখনৰ বিষয়বস্তুৰ বিৰুদ্ধে নিজৰ মত ৰাখিছিল । কংগনাই নিজ দৃষ্টিভংগীৰ পৰা ছবিখনৰ নেতিবাচক দিশবোৰো আঙুলিয়াই দিছিল (Kangana Ranaut on pathaan) ।

অভিনেত্ৰী কংগনা ৰাণাৱটে টুইট কৰিছে, "যিসকলে দাবী কৰিছে যে পাঠান ঘৃণাৰ ওপৰত প্ৰেমৰ জয়, মই সন্মত, কিন্তু কাৰ প্ৰেম কাৰ ঘৃণাৰ ওপৰত ? টিকটটো কোনে কিনি সফল কৰি তুলিছে সেয়া সঠিকভাৱে বুজি পাওঁ আহক ? হয়, এইয়া ভাৰতৰ প্ৰেম য'ত 80 শতাংশ হিন্দু লোকে বাস কৰে কিন্তু তথাপিও পাঠান নামৰ এখন চলচ্চিত্ৰ চলি আছে । এই টুইটৰ প্ৰতিক্ৰিয়াস্বৰূপে, ছ’চিয়েল মিডিয়া ইউজাৰে টুইটাৰ আৰু ইনষ্টাগ্ৰামত তেওঁক নিৰন্তৰ ট্ৰ'ল কৰি আছে ।

শনিবাৰে পুৱা কংগনা ৰাণাৱটে টুইট কৰি কয়, "বলীউডবাসী সকল, আপুনি এই দেশত হিন্দু ঘৃণাত ভুগি আছে বুলি বলীউডত এটা আখ্যান সৃষ্টি কৰিবলৈ চেষ্টা নকৰিব, যদি মই পুনৰ এই কথা শুনো 'ঘৃণাৰ ওপৰত জয়', তেন্তে কালিৰ দৰেই আপোনাসবৰ প্ৰশ্ন সোধা যাব । আপোনালোকৰ সফলতা উপভোগ কৰক আৰু ভাল কাম কৰক, ৰাজনীতিৰ পৰা আঁতৰি থাকক" ৷

'পাঠান'ৰ তুলনাত কংগনাৰ জীৱনজোৰা উপাৰ্জন

এজন অনুৰাগীয়ে কংগনাক কৈছিল যে 'পাঠান'ৰ এদিনীয়া উপাৰ্জন হৈছে তেওঁৰ জীৱনজোৰা উপাৰ্জন (pathaan fans Reaction On Pathan) । যাৰ পিছত কংগনাই ব্যৱহাৰকাৰীসকলক উত্তৰ দি লিখিছিল, "নিমো ভাই, মোৰ কোনো উপাৰ্জন বাকী নাই । মই মোৰ ঘৰ, মোৰ কাৰ্যালয়, মোৰ সকলোবোৰ বন্ধক ৰাখিছো, কেৱল ভাৰতৰ সংবিধান আৰু এই মহান ৰাষ্ট্ৰৰ প্ৰতি আমাৰ প্ৰেম উদযাপন কৰিব পৰা এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ" ।

বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে শেহতীয়াকৈ বহু দিনৰ পিছত মাইক্ৰ'ব্লগিং চাইটত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে । দৰাচলতে, কংগনাই শ্বাহৰুখ খানৰ ছবি 'পাঠান'ক পাকিস্তানী আৰু সন্ত্ৰাসবাদী গোট আইএছআইৰ সৈতে টুইটাৰত সংযুক্ত কৰিছিল (Pathaan Vs Kangana Ranaut) । তেতিয়াৰে পৰা শ্বাহৰুখ খানৰ সমৰ্থক আৰু আন বহুতে টুইটাৰত কংগনা ৰাণাৱটক নিৰন্তৰ ট্ৰ'ল কৰি আছে ।

লগতে পঢ়ক :Pathaan box office collection: অপ্ৰতিৰোধ্য পাঠান, 3 দিনত 300 কোটি টকা ব্যৱসায়

ABOUT THE AUTHOR

...view details