অসম

assam

Fans reaction on Jawan: শ্বাহৰুখ খানৰ ছবি চাই ছবিগৃহতে নৃত্য কৰিলে একাংশই, লগতে ক’লে ‘জৱান ব্লকবাষ্টাৰ’

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:11 AM IST

আজি মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ ছবি জৱানে । ছবিখন চোৱাৰ পিছতে অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত নিজৰ ৰিভিউ দিবলৈ আৰম্ভ কৰিছে ।

Fans reaction on Jawan Shah rukh khan fans dances in theatre says Mega blockbuster movie
আজি মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ ছবি জৱান

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: আজি গোটেই বিশ্বৰ ছবিগৃহত মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জৱান । কিং খানৰ ব্লকবাষ্টাৰ ছবি পাঠানৰ পিচত এই ছবিখনৰ বাবে অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল । এই ছবিখনক লৈ অনুৰাগীৰ মাজত ব্যাপক ক্ৰেজ দেখা পোৱা গৈছে ৷ এই ছবিখনক লৈ অনুৰাগীৰ ইমানেই উৎকণ্ঠিত যে পুৱা প্ৰথম শ্ব’ চাবলৈ টোপনি ক্ষতি কৰিও উপস্থিত হৈছে ছবিগৃহত ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে আজি পুৱা 5 বজাৰ পৰাই আৰম্ভ হৈছে ছবিখনৰ প্ৰথম শ্ব’ আৰু 5 বজাৰ শ্ব’ চাবলৈ হেতা ওপৰা লাগিছে ছবিগৃহত ৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি এই ছবিখনৰ প্ৰতি অনুৰাগীৰ আগ্ৰহ ৷

কেৱল এয়াই নহয়, থিয়েটাৰৰ বাহিৰতো যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে । শ্বাহৰুখ খানৰ ছবিখন এক প্ৰকাৰে উৎসৱৰ দৰে উদযাপন কৰিছে অনুৰাগীয়ে ৷ আনকি পশ্চিমবংগৰ আচানচলত অনুৰাগীয়ে ছবিখনৰ সফলতাৰ বাবে কালিমাৰ পূজাও কৰা দেখা গৈছে ৷

ইফালে ছবিখন চাবলৈ আৰম্ভ কৰা অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰিছে । অনুৰাগীয়ে এই ছবিখন চাই প্ৰশংসাও কৰিছে । জৱানৰ অনুৰাগীয়ে ইয়াক ব্লকবাষ্টাৰ হিট বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে জৱানত শ্বাহৰুখ খানৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছে দক্ষিণৰ লেডী ছুপাৰষ্টাৰ নয়নতৰা, সন্যা মালহোত্ৰা, প্ৰিয়মণি আৰু বিজয় ছেঠুপথিক । জৱান হিন্দীৰ লগতে তামিল আৰু তেলেগু ভাষাতো মুক্তি লাভ কৰিছে, যাৰ বাবে দক্ষিণতো ছবিখনৰ প্ৰতি ব্যাপক উৎকণ্ঠা দেখা পোৱা গৈছে । এটলীয়ে পৰিচালনা কৰা ছবিখনক প্ৰশংসা কৰি টুইটাৰত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে একাংশই ৷

ছ’চিয়েল মিডিয়াত প্ৰশংসা

ছ’চিয়েল মিডিয়াত যথেষ্ট প্ৰশংসা লাভ কৰিছে এই ছবিখনক ৷ ডাঙৰ পৰ্দাত শ্বাহৰুখ খানক নৃত্য কৰা দেখি অনুৰাগীয়েও চিনেমাগৃহত নৃত্য কৰিবলৈ আৰম্ভ কৰে ৷ ইতিমধ্যেই ছবিগৃহৰ পৰা অনুৰাগীৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

বেছিভাগ অনুৰাগীয়ে শ্বাহৰুখ খানৰ জৱানক ব্লকবাষ্টাৰ হিট বুলি অভিহিত কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে – জৱান সম্পৰ্কীয় উন্মাদনাৰ তুলনা কৰিব নোৱাৰি। আনহাতে এজনে লিখিছিল- মেগা ব্লকবাষ্টাৰ ।

লগতে পঢ়ক:Jawan Special Screening: জৱানৰ বিশেষ প্ৰদৰ্শনীৰ বাবে ৱাই আৰ এফ ষ্টুডিঅ’ত উপস্থিত এছ আৰ কে, হৃত্বিক ৰোশনকে ধৰি বহু তাৰকা

ABOUT THE AUTHOR

...view details