ETV Bharat / entertainment

Jawan Special Screening: জৱানৰ বিশেষ প্ৰদৰ্শনীৰ বাবে ৱাই আৰ এফ ষ্টুডিঅ’ত উপস্থিত এছ আৰ কে, হৃত্বিক ৰোশনকে ধৰি বহু তাৰকা

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:11 AM IST

বুধবাৰে নিশা মুম্বাইৰ ৱাই আৰ এফ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল জৱানৰ বিশেষ প্ৰদৰ্শন ৷ শ্বাহৰুখ খান, সন্যা মালহোত্ৰাৰ লগতে আন বহু তাৰকা উপস্থিত হয় প্ৰদৰ্শনীত ৷ চাওক ভিডিঅ’ ৷

Jawan special screening Shah rukh khan and other stars arrive at yrf studios in Mumbai watch video
জৱানৰ বিশেষ প্ৰদৰ্শন

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: অৱশেষত আজি মুক্তি লাভ কৰিলে শ্বাহৰুখ খানৰ অভিনীত একচন থ্ৰিলাৰ ছবি জৱান । বহু দিনৰে পৰা অনুৰাগীয়ে অপেক্ষা কৰি আছিল এই ছবিখনৰ বাবে আৰু অৱশেষত আহিল সেই দিন ৷ এই বছৰতে মুক্তি লাভ কৰিছিল কিং খানৰ ছবি পাঠান ৷ পাঠানৰ পিচতে জৱান হৈছে বছৰটোত কিং খানৰ দ্বিতীয়খন ছবি ৷ পৰিচালক এটলীৰ সৈতে কিং খানৰ এইটোৱেই প্ৰথম সহযোগিতা । শক্তিশালী ট্ৰেইলাৰ আৰু গীতসমূহে অনুৰাগীৰ পৰা অতি উত্তম সঁহাৰি লাভ কৰিছে । একে সময়তে আগতীয়াকৈ টিকট বুকিঙে ভংগ কৰিছে সকলো অভিলেখ ৷ ইফালে ছবিখনৰ উৎকণ্ঠা বৃদ্ধি পোৱাৰ সময়তে শ্বাহৰুখ আৰু সন্যা মালহোত্ৰাই ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ বাবে বুধবাৰে উপস্থিত হৈছিল মুম্বাইত ।

বুধবাৰে নিশা নিৰ্মাতাসকলে আন্ধেৰীৰ ৱাই আৰ এফ ষ্টুডিঅ’ত প্ৰদৰ্শনৰ আয়োজন কৰিছিল । বলীউডৰ কিং খানকো প্ৰদৰ্শনৰ বাবে ৱাই আৰ এফ ষ্টুডিঅ’ত উপস্থিত হোৱা দেখা গৈছিল । আন্ধেৰীৰ ষ্টুডিঅ’ত নিজা বাহনেৰে উপস্থিত হয় ছুপাৰষ্টাৰগৰাকী ৷

কেৱল কিং খানকে নহয়, এই সময়ছোৱাত বলীউডৰ অভিনেতা হৃতিক ৰোশনকো দেখা গৈছিল ৱাই আৰ এফ ষ্টুডিঅ’ত । তাৰকাগৰাকীয়ে পৰিধান কৰিছিল ক’লা হুডি আৰু ধূসৰ ৰঙৰ টুপী । ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ সময়ত উপস্থিত হৈ অভিনেতাগৰাকীয়ে পাপাৰাজীক হাত মিলাই সম্ভাষণ জনায় । ইফালে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা সন্যা মালহোত্ৰাই মাতৃৰ সৈতে প্ৰদৰ্শনৰ বাবে অহা দেখা গৈছিল ।

উল্লেখ্য যে, জৱান ছবিখনত শ্বাহৰুখ খান উপৰিও অভিনয় কৰিছে নয়নতৰা, সন্যা মালহোত্ৰা, বিজয় ছেঠুপথি আৰু প্ৰিয়মণি আদি। বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনকো কেমিঅ’ ৰ’লত দেখা যাব এই ছবিখনত ৷ এটলীৰ পৰিচালনাত নিৰ্মিত এই ছবিখন আজি সমগ্ৰ বিশ্বজুৰি মুক্তি লাভ কৰিছে ৷ পুৱা 5 বজাৰ পৰা আৰম্ভ ছবিখন প্ৰথম শ্ব’ ৷

লগতে পঢ়ক: Divya Spandana Death Rumour: সঁচাকৈ অভিনেত্ৰী তথা কংগ্ৰেছ নেত্ৰী দিব্যা স্পন্দনাৰ মৃত্যু হৈছে নেকি ? সবিশেষ জানিবলৈ পঢ়ক প্ৰতিবেদন

লগতে পঢ়ক: Jawan: ধৰ্মেন্দ্ৰৰ সমৰ্থন লাভ কৰিলে জৱানে, শ্বাহৰুখৰ সৈতে এখন ছবি শ্বেয়াৰ কি লিখিলে হি-মেনে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.