চিটাৰা ডেস্ক, ৫ জানুৱাৰী: চলচ্চিত্ৰ জগতখনো বৰ আচৰিত, কাৰণ ইয়াত কেতিয়া কাৰ ভাগ্য সলনি হৈ যাব সেয়া কোনেও ক’ব নোৱাৰে ৷ তেনে বহু লোকৰ উদাহৰণ নোহোৱা নহয় ৷ ইয়াৰ মাজতে অন্যতম হৈছে বলীউডৰ মহিলা ছুপাৰষ্টাৰ দীপিকা পাডুকন । আজি অভিনেত্ৰীগৰাকীৰ ৩৮ সংখ্যক জন্মদিন ৷ গতিকে দীপিকাৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু নজনা কথা ৷
সফলতাৰ শীৰ্ষত কেনেকৈ উপনীত হ’ল দীপিকা পাডুকন ?
১৯৮৬ চনৰ ৫ জানুৱাৰীত ডেনমাৰ্কত জন্ম হৈছিল দীপিকা পাডুকনৰ ৷ বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ কন্যা দীপিকা পাডুকন । প্ৰথমে ৰাষ্ট্ৰীয় পৰ্যায়ত বেডমিণ্টন খেলাৰ সিদ্ধান্ত লৈছিল দীপিকাই ৷ কিন্তু তাৰ ২ বছৰৰ ভিতৰতে এগৰাকী মডেল ৰূপে পৰিগণিত হয় দীপিকা । ইয়াৰ পিচত ফেশ্বন জগতৰ পৰা বলীউডলৈ ঢাপলি মেলে অভিনেত্ৰীগৰাকীয়ে ৷ সৌভাগ্যক্ৰমে প্ৰথমখন ছবি কৰিবলৈ সুযোগ পাই উদ্যোগটোৰ কিং শ্বাহৰুখ খানৰ সৈতে । শ্বাহৰুখ খানৰ ঔম শান্তি ঔমৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে দীপিকাই ৷ ছবিখন বক্স অফিচত চুপাৰহিট ৰূপে পৰিগণিত হয় ।
বেকগ্ৰাউণ্ড মডেল আছিল দীপিকা
অভিনয়ত আত্মপ্ৰকাশ কৰাৰ পূৰ্বে দীপিকাই মডেল হিচাপে বহু কাম কৰিছিল । সেই সময়ত অভিনেত্ৰীগৰাকীয়ে তাৰকাৰ পিচফালে মডেলিং কৰিছিল অৰ্থাৎ বেকগ্ৰাউণ্ড মডেল হিচাপে কাম কৰিছিল । কেইবছৰমান পূৰ্বে দীপিকাৰ এখন ফটোও ভাইৰেল হৈ পৰিছিল, য’ত তেওঁক বেকগ্ৰাউণ্ড মডেল হিচাপে দেখা গৈছিল ।
সেই সময়ত ফৰদীন খানৰ ষ্টাৰডম তুংগত আছিল আৰু এটা শ্ব’ত তেওঁক শ্ব’ ষ্টপাৰ কৰা হৈছিল । এই ইভেণ্টত বেকগ্ৰাউণ্ড মডেল আছিল দীপিকা পাডুকন । সেই সময়ত হয়তো কোনেও দীপিকাৰ প্ৰতি ইমান গুৰুত্বও দিয়া নাছিল ।
‘সাৱৰীয়া’ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিলে হয় দীপিকাই
২০০৭ চনৰ ‘ঔম শান্তি ঔম’ ছবিৰ জৰিয়তে বলিউডত অভিনয় জীৱন আৰম্ভ কৰিছিল দীপিকাই । অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ছবিয়েই ব্লকবাষ্টাৰ ৰূপে প্ৰমাণিত হৈছিল । অৱশ্যে অতি কম সংখ্যকেহে জানে যে দীপিকাই প্ৰথমে সঞ্জয় লীলা ভানশালীৰ ‘সাৱৰিয়া’ ছবিখনৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিলগীয়া আছিল । এই সন্দৰ্ভত তেওঁৰ সৈতে আলোচনা হৈছিল যদিও পিচত ভানশালীয়ে তেওঁক ছবিখনৰ পৰা আঁতৰাই সোনম কাপুৰক এই সুযোগ দিয়াৰ সিদ্ধান্ত লয় । ভানশালীয়ে ঋষি কাপুৰৰ পুত্ৰ ৰণবীৰ কাপুৰৰ সৈতে অনিল কাপুৰৰ কন্যা সোনমক লঞ্চ কৰিব বিচাৰিছিল । সেইবাবেই তেওঁ দীপিকাক নিজৰ ছবিখনৰ পৰা আঁতৰাই পেলায় ।