ETV Bharat / entertainment

হামাৰে তুমহাৰেৰ পৰা এনিমেললৈকে, কেনে আছিল অনিল কাপুৰৰ চাৰি দশকৰ চলচ্চিত্ৰ কেৰিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 4:21 PM IST

Happy Birthday Anil Kapoor:  Anil Kapoor Biography, Career, Age, Movies
অনিল কাপুৰৰ চলচ্চিত্ৰ কেৰিয়াৰ

Anil Kapoor Birthday Special: আজি ৬৭ বছৰ সম্পূৰ্ণ হ’ল অনিল কাপুৰৰ । অভিনেতাগৰাকীৰ এই বিশেষ দিনটোত আমি আপোনালোকক তেওঁৰ চলচ্চিত্ৰ জীৱনৰ বিষয়ে ক’ম।

চিটাৰা ডেস্ক, ২৪ ডিচেম্বৰ: বলীউডৰ প্ৰবীণ অভিনেতা অনিল কাপুৰে ২৪ ডিচেম্বৰত অৰ্থাৎ আজি ৬৭ সংখ্যক জন্মদিন উদযাপন কৰিছে । হিন্দী চিনেমাত উৎকৃষ্ট অভিনয়েৰে সকলোৰে মন জয় কৰিছে অনিল কাপুৰে । অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত বহুত ডাঙৰ ডাঙৰ ছবি উপহাৰ দিছে ৷ চাৰি দশকজুৰি চলি থকা কেৰিয়াৰত অভিনেতাগৰাকীয়ে কেৱল বলীউডতে নহয়, হলিউডতো নিজৰ নাম উজলাবলৈ সক্ষম হৈছে । জন্মদিন উপলক্ষে আজি অভিনেতাগৰাকীৰ চলচ্চিত্ৰ জীৱনৰ বিষয়ে জানো আহক...

অনিল কাপুৰৰ চলচ্চিত্ৰ জীৱন

অনিল কাপুৰে ‘হামাৰে তুমহাৰে’ ছবিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল । এই ছবিখন ১৯৭৯ চনত মুক্তি লাভ কৰিছিল । অৱশ্যে অভিনেতাগৰাকীয়ে তেজাব ছবিখনৰ পৰা আৰু অধিক জনপ্ৰিয় হৈ পৰে ৷ এই ছবিখনত কেৱল অভিনয়ৰে নহয়, উৎকৃষ্ট নৃত্যৰেও সকলোৰে হৃদয় জয় কৰিছিল অনিলে । এই ছবিখনৰ পিচত আৰু কেতিয়াও পিচলৈ ঘূৰি চাবলগীয়া নহ’ল অনিল কাপুৰৰ । ইয়াৰ পিচত অভিনেতাজনে ইখনৰ পিচত সিখনকৈ চিনেমাৰ অফাৰ পাবলৈ ধৰিলে ।

অনিল কাপুৰে ১৯৮৭ চনত মুক্তি পোৱা মিষ্টাৰ ইণ্ডিয়া ছবিখনেৰেও দৰ্শকৰ হৃদয়ত নিজৰ স্থান বনাবলৈ সক্ষম হৈছিল । অনিল কাপুৰ হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেতা হিচাপে পৰিগণিত হৈছিল । অৱশ্যে তেওঁৰ জনপ্ৰিয়তা কেৱল ৮০-৯০ দশকতে সীমাবদ্ধ হৈ থকা নাই, আনকি এতিয়াও অভিনেতাজন সকলোৰে প্ৰিয় হৈয়ে আছে । নিজৰ কেৰিয়াৰত অনিল কাপুৰে ৰাম লখান, পৰিন্দা, পুকাৰ, কিষাণ কানহাইয়া, ন’ এণ্ট্ৰি, নায়ক, স্লামডগ মিলিয়নাৰ, ৱেলকাম আদি বহুকেইখন হিট ছবিত অভিনয়ৰ যাদু বিয়পাইছে ।

ছবিত সফলতা লাভ কৰাৰ পিচত অনিল কাপুৰে ৱেব ছিৰিজতো নিজৰ নাম উজলাই তুলিবলৈ সক্ষম হয় । তেওঁ দ্য নাইট মেনেজাৰত অভিনয় কৰিছিল । দৰ্শকে এই ধাৰাবাহিকখন ইমানেই ভাল পাইছিল যে নিৰ্মাতাসকলে ইয়াৰ দ্বিতীয় ছিজন আনিবলগীয়া হৈছিল । ৬৭ বছৰ বয়সতো দৰ্শকক মনোৰঞ্জন দি আহিছে অনিল কাপুৰে । শেহতীয়াকৈ অভিনেতাগৰাকীক ৰণবীৰ কাপুৰৰ সৈতে এনিমেল ছবিখনত দেখা পোৱা গৈছিল । ইয়াৰ পূৰ্বে একতা কাপুৰৰ থেংক ইউ ফৰ কমিং ছবিখনতো বিশেষ ধৰণৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল ।

অনিল কাপুৰৰ আগন্তুক ছবি

ইয়াৰ উপৰিও এতিয়া অনিল কাপুৰক হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনৰ সৈতে ফাইটাৰ ছবিখনত দেখা যাব । এই ছবিখন পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দই । অহা বছৰৰ ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব ছবিখন । এই ছবিখনৰ জৰিয়তে অনিল কাপুৰে অভিনয় জগতত ৪০ বছৰ সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক: দীপিকা পাডুকনৰ পৰা শ্বেহনাজ গিল লৈকে, মনোমোহা শৈলীৰে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.