অসম

assam

Sameer Khakhar: আয়ুষ্মান খুৰানাৰ পৰা ৰাজকুমাৰ ৰাওলৈ, সমীৰ খাখৰৰ মৃত্যুত শোক প্ৰকাশ বহু চেলিব্ৰিটিৰ

By

Published : Mar 16, 2023, 9:57 AM IST

বলীউডৰ বৰ্ষীয়ান অভিনেতা সমীৰ খাখৰ আৰু নাই (Veteran actor Sameer Khakhar) ৷ এই খবৰৰ পিচত শোকৰ ছাঁ পৰিছে বলীউড জগতখনত ৷ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বহু অভিনেতা-অভিনেত্ৰী আৰু পৰিচালকে ৷

Ayushmann Khurrana to Rajkummar Rao, celebs mourn demise of veteran actor Sameer Khakhar
অভিনেতা সমীৰ খাখৰ আৰু নাই

চিটাৰা ডেস্ক, ১৬ মাৰ্চ : বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান (Sameer Khakhar passes away)। ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে । সমীৰ খাখৰৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছিল তেওঁৰ ভাতৃ গণেশে । ভাতৃ গণেশে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, শৰীৰৰ একাধিক অংগ বিকল হোৱাৰ বাবেই বুধবাৰে মৃত্যুক আকোৱালি লয় বৰ্ষীয়ান অভিনেতাগৰাকীয়ে (Veteran actor Sameer Khakhar) ৷

শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে মঙলবাৰে পুৱা খাখৰক উপনগৰ মুম্বাইৰ বৰিভালিৰ এম এম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । যদিও দুৰ্ভাগ্যবশতঃ বুধবাৰে মৃত্যু হয় অভিনেতাগৰাকীৰ ৷ বুধবাৰে পুৱা ১০.৩০ বজাত বৰিভালিৰ শ্মশানত অভিনেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় (Farzi actor Sameer Khakhar passed away) ৷ ইফালে এই দুৰ্ভাগ্যজনক খবৰ লাভ কৰাৰ পিচতে বলীউডত পৰিছে শোকৰ ছাঁ ৷ বলীউডৰ বহু কেইগৰাকী চেলিব্ৰিটিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত প্ৰয়াত অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Celebs mourn demise of Sameer Khakhar) ।

অভিনেত্ৰী পৰিণীতি চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত সমীৰ খাখৰৰ এখন ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, "এজন লেজেণ্ড আৰু মোৰ প্ৰিয় সহ-অভিনেতা । আপোনাৰ প্ৰেম, প্ৰজ্ঞা আৰু হাস্যৰসে হাছি তোহ ফাচি আৰু মেৰী প্যাৰী বিন্দুক মোৰ আটাইতকৈ বিশেষ কৰি তুলিলে ৷ আপোনাৰ হাঁহি কেতিয়াও পাহৰিব নোৱাৰো । আপোনাৰ সৰল মুখৰ কৌতুক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল জীৱনৰ অমূল্য পাঠ । বিদায় সমীৰ ছাৰ, আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম ।"

অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ পোষ্ট

অভিনেতা আয়ুষ্মান খুৰানাই ছ’চিয়েল মিডিয়াত প্ৰবীণ অভিমনেতাগৰাকীৰ ফটো শ্বেয়াৰ কৰি লিখিছে, "RIP #SmeerKhakhar JI।" পৰিচালক ৰাজ আৰু ডি কেয়ে এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি লিখিছে, "নুক্কাডৰ খোপডীয়ে আমাৰ ওপৰত সৰুতে বহুত প্ৰভাৱ পেলাইছিল ! তেওঁ সকলোতকৈ বেলেগ আছিল । তেওঁ মদ্যপান কৰিছিল, কিন্তু সদায় সঁচা কথা কৈছিল । তাৰ পিচত আমি তেওঁৰ সাক্ষাৎকাৰটো পঢ়িলোঁ, য’ত তেওঁ উল্লেখ কৰিছিল যে তেওঁ কেমেৰাৰ সন্মুখত ঘূৰি আহিবলৈ হাহাকাৰ কৰিছিল । সেয়া আমি তেওঁক #Farzi ত কেমিও কৰিবলৈ জপিয়াই পৰিলোঁ । প্ৰতিটো টেকৰ লগে লগে তেওঁ কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰিছিল ৷ এই অভিনেতাগৰাকীৰ সৈতে কাম কৰিব পৰাটো আমাৰ ভাগ্য আছিল ! তেওঁৰ আত্মাই শান্তি লাভ কৰক ! সদায় আমাৰ হৃদয়ত থাকিব সমীৰ খাখৰ।"

ৰাজকুমাৰ ৰাৱে লিখিছে, "শান্তিৰে জিৰণি লওক ছাৰ (Ayushmann Khurrana) ।"

ৰাজকুমাৰ ৰাওৰ পোষ্ট

অভিনেত্ৰী চুজেনে টুইট কৰি কয়, "দুখৰ খবৰটো পোৱাৰ লগতে সমীৰৰ সৈতে সংস্কাৰ লক্ষ্মী শ্ব’ৰ শ্বুটিং কৰাৰ সকলো স্মৃতি মনলৈ উভতি আহে...কোমল অন্তৰৰ আত্মা । #sameerkhakhar।"

অভিনেত্ৰী চুজেনৰ টুইট

সমীৰ খাখৰৰ কেৰিয়াৰ প্ৰায় চাৰি দশক ধৰি চলিছিল । টিভি শ্ব’ ‘নুক্কাদ’ আৰু ‘চাৰ্কাছ’ত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছিল অভিনেতাগৰাকীয়ে । 'শ্ৰীমান শ্ৰীমতী' আৰু 'আদালাত' ছবিতো অভিনয় কৰিছিল । ‘হাছি তোহ ফাছি’, ‘জয় হো’, ‘পেটেল কি পাঞ্জাবী ছাদি’ আদি ছবিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । শেহতীয়াকৈ অভিনেতাগৰাকীক শ্বাহিদ কাপুৰৰ অভিনীত অ’টিটি ধাৰাবাহিক ‘ফাৰ্জী’ত দেখা পোৱা গৈছিল । (ANI)

লগতে পঢ়ক:Sameer Khakhar passes away : বলীউডৰ প্ৰবীণ অভিনেতা সমীৰ খাখৰৰ দেহাৱসান

ABOUT THE AUTHOR

...view details