অসম

assam

Zee Cine Awards 2023: আলিয়াই লাভ কৰিলে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, ৰণবীৰে মাজনিশা গংগুবাইৰ বাবে কৰিলে এই কাম

By

Published : Feb 27, 2023, 12:52 PM IST

দাদাচাহেব ফাল্কে বঁটাৰ পিছত দেওবাৰে আয়োজন কৰা ‘জী চিনে এৱাৰ্ডছ ২০২৩’ অনুষ্ঠানত বলীউডৰ বহু পৰিচিত তাৰকাই অংশগ্ৰহণ কৰে (Zee Cine Awards 2023)। এই অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী আলিয়া ভাটক শ্ৰেষ্ঠ অভিনেতা (মহিলা) বঁটাৰে সন্মানিত কৰা হয় ।

ALIA BHATT RECEIVES BEST ACTRESS FEMALE AWARD FOR HER ROLE IN GANGUBAI KATHIAWADI AT THE ZEE CINE AWARDS 2023
জী চিনে এৱাৰ্ডছ ২০২৩

চিটাৰা, 27 ফেব্ৰুৱাৰী: আলিয়া ভাট-ৰণবীৰ কাপুৰৰ যুটি বলীউডৰ অন্যতম মৰম লগা দম্পতী । 2022 চনত বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো ৷ ইফালে যোৱা বছৰ আলিয়াই দৰ্শকক উপহাৰ দিছিল ব্লকবাষ্টাৰ ছবি গংগুবাই কাথিয়াৱাড়ী । এই ছবিখন মুক্তিৰ পিচতে আলিয়াই দৰ্শকৰ পৰা লাভ কৰিছিল অভূতপূৰ্ব সঁহাৰি ৷ ছবিখনত আলিয়াৰ শক্তিশালী অভিনয়ক লৈ শেহতীয়াকৈ আলিয়াই কেইবাটাও সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

পুনৰ দেওবাৰে গংগুবাই কাথিয়াৱাড়ী ছবিখনক লৈ আন এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আলিয়া ভাটে । ২০২৩ চনৰ জী চিনে এৱাৰ্ডছত (Zee Cine Awards 2023) গংগুবাই কাথিয়াৱাড়ী ছবিত অভিনয় কৰা আলিয়া ভাটে লাভ কৰে শ্ৰেষ্ঠ অভিনেতা (মহিলা) বঁটা । গংগুবাই কাথিয়াৱাড়ী ছবিখনত কৰা নিজৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে লাভ কৰিছে এই সন্মান ৷ ইফালে এই বঁটা লাভ কৰাৰ পিচতেই আলিয়াই ইনষ্টাগ্ৰামত বঁটাৰ সৈতে এখন ফটো পোষ্ট কৰিছে (Alias Instagram Post) ৷

আলিয়া ভাটে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত একাউন্টত জী চিনে এৱাৰ্ডছ ২০২৩ অনুষ্ঠানৰ কিছু ফটো শ্বেয়াৰ কৰিছে । ইয়াৰে এখন ছবিত আলিয়াই হাতত শ্ৰেষ্ঠ অভিনেতা (মহিলা) বঁটা লৈ পোজ দিয়া পৰিলক্ষিত হৈছে ৷ আলিয়া ভাটে ধূসৰ ৰঙৰ শ্বাৰ্ট পৰিধান কৰি আৰু মুখৰ ঠিক সন্মুখতে বঁটা লৈ ফটোত পোজ দিয়ে (Alia Bhatt Kapoor Arrived on Red carpet of Zee Cine Awards) ৷

এই ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালী আৰু গংগুবাই ছবিখনৰ দলটোক ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "মোৰ স্বামীক বিশেষভাৱে উল্লেখ কৰিছো, মোৰ স্বামীয়ে ধৈৰ্য সহকাৰে পুৱতি নিশা 2 বজাত মোৰ এই ফটোখন তুলিছিল ।"

উল্লেখ্য যে, আয়ুস্মান খুৰানা আৰু অপাৰশক্তি খুৰানাই আঁত ধৰিছিল ‘জী চিনে এৱাৰ্ডছ ২০২৩’ অনুষ্ঠানটো । এই বঁটা প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰে আলিয়া ভাট, কাৰ্তিক আৰিয়ান, শ্বাহিদ কাপুৰ, ৰশ্মিকা মণ্ডন্না, কিয়াৰা আদৱানী, ববি দেওল, টাইগাৰ শ্ৰফ, বৰুণ ধাৱনকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীসকলে (Celebrities arrives at Zee Cine Awards 2023)।

'জী চিনে এৱাৰ্ডছ ২০২৩' বঁটা লাভ কৰা অভিনেত্ৰী-অভিনেতাৰ তালিকা (Zee Cine Awards 2023 winners list)

  • শ্ৰেষ্ঠ পুৰুষ অভিনেতা: কাৰ্তিক আৰিয়ান (Bhool Bhulaiyaa 2)
  • শ্ৰেষ্ঠ মহিলা অভিনেতা : আলিয়া ভাট (Gangubai Kathiawadi)
  • শ্ৰেষ্ঠ ছবি: কাশ্মীৰ ফাইলছ
  • দৰ্শকৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেত্ৰী: আলিয়া ভাট (Darlings)
  • দৰ্শকৰ পছন্দ শ্ৰেষ্ঠ অভিনেতা: অনুপম খেৰ (The Kashmir Files)
  • বছৰৰ শ্ৰেষ্ঠ পুৰুষ অভিনেতা : বৰুণ ধাৱন (Jugjugg Jeeyo and Bhediya)
  • বছৰৰ শ্ৰেষ্ঠ মহিলা অভিনেতা : কিয়াৰা আদৱানী (Jugjugg Jeeyo and Bhool Bhulaiyaa 2 )
  • শ্ৰেষ্ঠ আত্মপ্ৰকাশ: ৰশ্মিকা মণ্ডন্না (Alvida)
  • শ্ৰেষ্ঠ সহযোগী পুৰুষ অভিনেতা : অনিল কাপুৰ (Jugjugg Jeeyo)

উল্লেখ্য যে প্ৰসূতি বিৰতিৰ পিচত পুনৰ কাম আৰম্ভ কৰিছে আলিয়া ভাটে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক দেখা গৈছিল শ্বুটিঙৰ স্থানত । অভিনেত্ৰীগৰাকীক ৰণবীৰ সিঙৰ সৈতে কৰণ জোহৰৰ পৰিচালিত ‘ৰকি আৰু ৰাণী কি প্ৰেম কাহানী’ ছবিত দেখা পোৱা যাব ।

লগতে পঢ়ক:Gangubai Kathiawadi: এবছৰীয়া যাত্ৰা সম্পূৰ্ণ গংগুবাই কাথিয়াৱাড়ীৰ, ইনষ্টাযোগে মনৰ ভাৱ প্ৰকাশ আলিয়াৰ

ABOUT THE AUTHOR

...view details