অসম

assam

Priyanka Chopra: প্ৰিয়ংকাই প্ৰকাশ কৰিলে তেওঁৰ সফলতাৰ আঁৰৰ তিনিটা মন্ত্ৰ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 11:21 AM IST

বলীউড তথা হলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই প্ৰায়ে বিভিন্ন সামাজিক বিষয়ত নিজৰ মতামত শ্বেয়াৰ কৰা দেখা যায় ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সফলতাৰ আঁৰৰ তিনিটা মূল মন্ত্ৰৰ বিষয়ে কয় ৷

Actress Priyanka chopra said my pride doesn't come in front of my dreams
প্ৰিয়ংকাৰ সফলতাৰ আঁৰৰ তিনিটা মন্ত্ৰ

চিটাৰা ডেস্ক, 30 অক্টোবৰ: গ্লোবেল আইকন প্ৰিয়ংকা চোপ্ৰা বৰ্তমান আমেৰিকাত বাস কৰে আৰু বলীউডৰ পৰিৱৰ্তে বেছিভাগেই হলিউডৰ প্ৰজেক্টত কাম কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰায়ে বিভিন্ন সামাজিক কামৰ সৈতে জড়িত হৈ থাকে আৰু বহু সামাজিক বিষয়ত তেওঁৰ মতামতো প্ৰকাশ কৰে । সামাজিক বিষয়ত নিজৰ মতামত প্ৰকাশৰ ক্ষেত্ৰত প্ৰিয়ংকাৰ নিজস্ব মতামত আছে ।

বিশ্বাস অতিকৈয়ে গুৰুত্বপূৰ্ণ

দেওবাৰে মুম্বাইত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অভিনেত্ৰী ভূমি পেডনেকাৰৰ সৈতে কথা পাতি প্ৰিয়ংকাই কয়, ‘‘যদি আপুনি ভাবে যে মই এই বিষয়টোৰ সৈতে থিয় দিব লাগে আৰু মই থিয় দিব পাৰিম, তেন্তে আপুনি নিশ্চিতভাৱে থিয় দিয়া উচিত । মই কৰিব পাৰিম বুলি বিশ্বাস কৰাটো অতি গুৰুত্বপূৰ্ণ । বহু লোকে বহু বিষয়ত নিজৰ স্থিতি দাঙি ধৰিব খোজে, কিন্তু নোৱাৰে ।’’

অভিনেত্ৰীগৰাকীয়ে ক’লে, ‘‘মোৰ জীৱনত এনে বহুত সুযোগ পাইছিলো, যেতিয়া মই থিয় দিব পাৰিছিলো আৰু মই থিয় দিছিলো আৰু যেতিয়া ভাবিছিলো যে নাই নহ’ব, তেতিয়া হোৱা নাছিল । ৰাজহুৱা ব্যক্তি হোৱাৰ বাবে প্ৰতিটো বিষয়তে আপোনাৰ মতামত প্ৰকাশ কৰাটো আশা কৰা হয়, কিন্তু এইটো সঠিক নহ’বও পাৰে । আপুনি হয়তো বিষয়টোৰ বিষয়ে সবিশেষ নাজানে যে মন্তব্য প্ৰকাশ কৰিব । যেতিয়া আপুনি বিষয়টো নাজানে তেতিয়া সোমাব নালাগে ।’’

চিত্ৰনাট্য নিৰ্বাচনৰ সন্দৰ্ভত সলনি হৈ থাকে প্ৰক্ৰিয়া

প্ৰিয়ংকাই বলীউডৰ পিচত হলিউড উদ্যোগটোত কাম কৰাৰ প্ৰক্ৰিয়াৰ বিষয়েও উল্লেখ কৰে । প্ৰিয়ংকাই কয় যে সময়ৰ লগে লগে আৰু পৰিস্থিতি অনুসৰি মোৰ চিত্ৰনাট্য নিৰ্বাচনৰ প্ৰক্ৰিয়া সলনি হৈ থাকে । বহু সময়ত চিনেমা মোৰ ওচৰলৈ আহে আৰু বহু সময়ত চিনেমাৰ বাবে যুঁজি অডিচন দিবলগীয়া হয় ।

অহংকাৰেই পতনৰ মূল

প্ৰিয়ংকাই নিজৰ সপোন বাস্তৱায়িত কৰাৰ সন্দৰ্ভত কয়,‘‘মই মোৰ সপোন পূৰণ কৰিবলৈ ভয় নকৰো । মোৰ অহংকাৰ মোৰ সপোনৰ আগত নাহে । যদি জীৱনত কিবা এটা কৰিব বিচাৰে তেন্তে অহংকাৰী নহ’ব । কাৰণ অহংকাৰেই পতনৰ মূল । সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু নম্ৰতাৰ প্ৰয়োজন ।

লগতে পঢ়ক:Deepika Padukone: ট্ৰলিঙৰ মাজতে দীপিকাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’, সমালোচকে দিলে উপযুক্ত উত্তৰ

ABOUT THE AUTHOR

...view details