অসম

assam

Akshay Kumar Citizenship: হৃদয় আৰু নাগৰিকত্ব, দুয়োটা ভাৰতীয়...অক্ষয় কুমাৰে স্বাধীনতা দিৱসৰ দিনা পালে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ

By

Published : Aug 15, 2023, 3:08 PM IST

ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে অক্ষয় কুমাৰে । অভিনেতাগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত নাগৰিকত্ব লাভৰ তথ্য শ্বেয়াৰ কৰিছে ।

Actor Akshay Kumar gets indian citizenship announce on Independence day
অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব

চিটাৰা ডেস্ক, 15 আগষ্ট:আজি দেশবাসীয়ে উদযাপন কৰিছে ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ এই উৎসৱটি প্ৰত্যেকে ব্যতিক্ৰমী ভাৱে উদযাপন কৰিছে ৷ অৱশ্যে আজিৰ দিনটো সকলোৰে বাবে বিশেষ যদিও বলীউডৰ খিলাড়ি অক্ষয় কুমাৰৰ বাবে আজিৰ এই দিনটো অতিকৈ বিশেষ ৷ কিয় জানেন বাৰু ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত অক্ষয় কুমাৰে লাভ কৰিছে ভাৰতৰ নাগৰিকত্ব । অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ফাইলৰ এখন ছবি শ্বেয়াৰ কৰিছে, য’ত নাগৰিকত্ব প্ৰদানৰ সৈতে জড়িত কাগজ-পত্ৰসমূহ দেখা গৈছে।

এই ডাঙৰ তথ্য শ্বেয়াৰ কৰি অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত লিখিছে, "হৃদয় আৰু নাগৰিকত্ব, দুয়োটা ভাৰতীয়। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ...জয় হিন্দ । ভাৰত ৷"

তাৎপৰ্যপূৰ্ণভাৱে প্ৰায় ৩৩ বছৰ আগতে ১৯৯০ চনত অক্ষয় কুমাৰে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰি কানাডাৰ নাগৰিক হৈছিল । সেই সময়ত তেওঁৰ ছবি ভাৰতত চলা নাছিল আৰু কামৰ বাবে তেওঁ কানাডাত বসতি স্থাপন কৰিব বিচাৰিছিল । কিন্তু পিছলৈ তেওঁৰ কেৰিয়াৰে আকাশ চুবলৈ সক্ষম হয় আৰু তাৰ পিচত তেওঁ কানাডালৈ যোৱাৰ সিদ্ধান্ত বাতিল কৰে ।

অক্ষয় কুমাৰে নিজেই কিছুদিন পূৰ্বে এক সাক্ষাৎকাৰত কানাডাৰ নাগৰিকত্ব লোৱাৰ কথা কৈছিল । তেওঁ কৈছিল যে মোৰ ছবিবোৰ সেইসময়ত ভাৰতত ভালকৈ চলা নাছিল, তেতিয়া মই ভাবিছিলো যে মই আন ঠাইত গৈ কাম কৰিম । কানাডাত মোৰ এজন বন্ধু আছিল, তেওঁ কৈ আছিল ইয়ালৈ গুচি আহা ৷ মই ভাবিছিলো মোৰ ভাগ্যই ইয়াত কাম কৰা নাই গতিকে মই কানাডালৈ যাব লাগিব ।

অক্ষয়ে লগতে কয় যে সেই সময়ত তেওঁ তাত নাগৰিকত্বৰ বাবে আবেদন কৰিছিল আৰু পাইছিল। তেওঁ কৈছিল যে তাৰ পিচত হঠাৎ ভাগ্য সলনি হয় তেওঁৰ আৰু তেওঁৰ ছবি ভাৰতত চলিবলৈ আৰম্ভ হয় ৷ পিচত তেওঁ ভাৰততেই থকাৰ সিদ্ধান্ত লয়।

২০১৯ চনত আবেদন কৰিছিল নাগৰিকত্বৰ

দীৰ্ঘদিন ধৰি অক্ষয় কুমাৰক নাগৰিকত্বৰ বাবে লক্ষ্য কৰি সমালোচনাও কৰা হৈছিল ৷ বহু সময়ত তেওঁক কানাডা কুমাৰ বুলি আখ্যা দি ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছিল । কিছুদিন পূৰ্বে অক্ষয়ে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ ২০১৯ চনতেই ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছে আৰু অতি সোনকালে লাভ কৰিব । অৱশেষত আজি লাভ কৰিলে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ ৷

লগতে পঢ়ক:Gadar 2: কেতিয়া আৰু কোনটো অটিটি প্লেটফৰ্মত মুকলি হ’ব গদৰ ২ সম্পূৰ্ণ তথ্য জানি লওক

ABOUT THE AUTHOR

...view details