চিটাৰা ডেস্ক, 20 নৱেম্বৰ: এইবাৰ বহু দিশত বিশেষ মিছ ইউনিভাৰ্ছ ২০২৩ ৰ প্ৰতিযোগিতা । দৰাচলতে মিছ ইউনিভাৰ্ছত বহু বছৰ ধৰি চলি অহা কু-সংস্কাৰবোৰ ২০২৩ ৰ প্ৰতিযোগিতাত আঁতৰাই পেলোৱা হৈছে ৷ এইবাৰ তৃতীয় লিংগ প্ৰতিযোগীৰ পৰা প্লাছ চাইজ মডেললৈকে সকলোৱে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছ ২০২৩ ত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে ৷ অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে হৈছে মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগিতাত ৷ একে সময়তে নেপালৰ প্লাছ চাইজ মডেলেও মিছ ইউনিভাৰ্ছ ২০২৩ ত অংশগ্ৰহণ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ।
মিছ ইউনিভাৰ্ছ ২০২৩ ৰ প্ৰথমগৰাকী প্লাছ চাইজ মডেল হিচাপে পৰিগণিত নেপালৰ গেৰেট
মিছ নেপাল, জেন দীপিকা গেৰেট প্ৰতিযোগী হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰৱেশ কৰা প্ৰথমগৰাকী প্লাছ চাইজ মডেল হিচাপে পৰিগণিত হৈছে । এল ছালভাডৰত অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক প্ৰতিযোগিতাত ৰাণৱেত খোজ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ২২ বছৰীয়া গেৰেটে । ইয়াৰ লগে লগে নেপালে স্লিম ফিট মডেলৰ সকলো কু-সংস্কাৰ আঁতৰাই পেলায় । মিছ ইউনিভাৰ্ছ ২০২৩ ত নেপালক প্ৰতিনিধিত্ব কৰিছিল সুন্দৰী আৰু আত্মবিশ্বাসী প্লাছ চাইজ মডেল জেন দীপিকা গেৰেটে ।