চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ:কোৰিয়াৰ চলচ্চিত্ৰ জগতৰ পৰা আহিছে এটা বেয়া খবৰ । অভিনেত্ৰী লি ছুন ক্যুনৰ পিচত এতিয়া অভিনেত্ৰী বনি লাই চুক য়িনে মৃত্যুক সাৱটি লৈছে । খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে ২৬ ডিচেম্বৰত আত্মহত্যা কৰিছিল । এই খবৰ নিশ্চিত কৰিছে তেওঁৰ প্ৰাক্তন স্বামীয়ে । এই খবৰৰ পিচতে সৰগ ভাঙি পৰিছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ মাজত । উল্লেখনীয় যে, আত্মহত্যাৰ মাত্ৰ এদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে ধুমধামেৰে উদযাপন কৰিছিল বৰদিন ।
বৰদিন উদযাপনৰ পিচতে আত্মহত্যা অভিনেত্ৰীগৰাকীৰ
অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সন্দৰ্ভত প্ৰকাশ পোৱা খবৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰিবলৈ নিজৰ কোঠাটোত জ্বলাইছিল বৃহৎ কয়লা । যাৰ বাবে শ্বাসৰুদ্ধ হৈ অচেতন হৈ পৰে লাই চুক। ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীৰ পুত্ৰই খৰখেদাকৈ তেওঁক চিকিৎসালয়লৈ লৈ যায়, যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । বৰ্তমান প্ৰাৰম্ভিক তদন্তত আৰক্ষী আৰু চিকিৎসকে ইয়াক আত্মহত্যাৰ গোচৰ বুলি ঘোষণা কৰিছে । এই খবৰত স্তম্ভিত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগীসকল ।