অসম

assam

ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক

By

Published : Aug 27, 2021, 10:14 PM IST

truck driver from uttar pradesh died in dima hasao terror attack
ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক ()

সন্দেহযুক্ত ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ভয়ংকৰ আক্ৰমণত বৃহস্পতিবাৰে নিশা থিতাতে নিহত হৈছিল পাঁচ গৰাকী ট্ৰাক চালক । ৰাজ্য তথা দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এই ঘটনাত এগৰাকী উত্তৰ প্ৰদেশৰ ট্ৰাক চালক নিহত হোৱাৰ খবৰ পোৱা গৈছে ।

ডিমা হাছাও, 27 আগষ্ট : ডিমা হাছাও জিলাত বৃহস্পতিবাৰে নিশা হোৱা উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছে কেইবা গৰাকীও ট্ৰাক চালক ৷ ৰাজ্য তথা দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এই ঘটনাত উত্তৰ প্ৰদেশৰ এগৰাকী ট্ৰাক চালকো নিহত হোৱাৰ খবৰ পোৱা গৈছে । বৃহস্পতিবাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ভয়ংকৰ আক্ৰমণত থিতাতে নিহত হৈছিল পাঁচ গৰাকী ট্ৰাক চালক ।

এই আক্ৰমণত গুলিবিদ্ধ হৈ আহত হয় ফাৰুক আহমেদ নামৰ আৰু এগৰাকী ট্ৰাক চালক। বৰ্তমানে আহত ট্ৰাক চালক জনৰ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি আছে । নিহত পাঁচ গৰাকী ট্ৰাক চালকৰ মাজতে ধৰ্মেন্দ্ৰ কুমাৰ পাৰচৰ ঘৰ হৈছে উত্তৰ প্ৰদেশত আৰু বাকী চাৰি গৰাকী ট্ৰাক চালক হৈছে হোজাই জিলাৰ লংকাৰ বাসিন্দা । এই ট্ৰাক চালক কেইজন হ‘ল ক্ৰমে গৌড় মজুমদাৰ, দিলওয়াৰ হুছেইন, সিকন্দৰ আলি আৰু অজগৰ আলি ।

বৃহস্পতিবাৰে, উমৰাংচুৰ ডালমিয়া চিমেণ্টৰ পৰা কয়লা লৈ লংকালৈ যোৱাৰ পথত ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিল অঞ্চলত ট্ৰাক চালক সকলৰ ওপৰত আক্ৰমণ চলায় সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীয়ে । পাঁচখন ট্ৰাকক লক্ষ্য কৰি আঠ-দহ জনীয়া এটা উগ্ৰপন্থী দলে গুলী বর্ষণ কৰাৰ ফলত পাঁচ গৰাকী ট্ৰাক চালক থিতাতে নিহত হয় ৷ ইয়াৰ পিছতে 5 খন ট্ৰাকত পেট্ৰল ঢালি জুই লগাই দিয়ে উগ্ৰপন্থীৰ দলটোৱে ।

ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে জানিবলৈ দিয়ে যে, এই ঘটনাৰ লগতে ডিএনএলএ উগ্ৰপন্থী জড়িত থাকিব পাৰে । যোৱা ডেৰ বছৰ আগতে ডালমিয়া চিমেণ্টক ধন দাবী কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে আৰু দাবী মতে ধন আদায় নিদিয়াৰ বাবে উগ্ৰপন্থী সংগঠটোৱে এই আক্ৰমণৰ ঘটনা সংগঠিত কৰিছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷ তেওঁ কয় এই ভয়ংকৰ ঘটনাৰ পিচতে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক :প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

ABOUT THE AUTHOR

...view details