অসম

assam

26 এপ্ৰিলত বৰাক উপত্যকা বন্ধৰ আহ্বান

By

Published : Apr 16, 2021, 10:54 PM IST

বৰাক উপত্যকাৰ ভাষা ছহীদ দিৱসৰ দিনা অৰ্থাৎ ১৯ মে'ৰ দিনটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডভান্স মনিপুৰী আৰু উচ্চতৰ মাধ্যমিকৰ বাংলা পৰীক্ষাৰ দিন ধার্য কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ৷ 26 এপ্ৰিলত পুৱা 5 বজাৰ পৰা 12 ঘন্টীয়া বৰাক উপত্যকা বন্ধৰ আহ্বান দহটা মাতৃভাষা প্ৰেমী সংগঠনৰ ৷

26 এপ্ৰিলত বৰাক উপত্যকা বন্ধৰ আহ্বান
26 এপ্ৰিলত বৰাক উপত্যকা বন্ধৰ আহ্বান

শিলচৰ, 16 এপ্ৰিল : বৰাক উপত্যকাৰ ভাষা ছহীদ দিৱসৰ দিনটোত অৰ্থাৎ ১৯ মে'ৰ দিনটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডভান্স মনিপুৰী আৰু উচ্চতৰ মাধ্যমিকৰ বাংলা পৰীক্ষাৰ দিন ধার্য কৰাৰ বিৰুদ্ধে প্ৰতিবাদ জনোৱাৰ লগতে নৱম শ্ৰেণীৰ পৰা অসমীয়া বিষয় বাধ্যতামূলক কৰাৰ তীব্ৰ প্ৰতিবাদ জনাই 26 এপ্ৰিল তাৰিখে 12 ঘন্টীয়া বৰাক বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে শিলচৰৰ দহটা মাতৃভাষা প্ৰেমী সংগঠনৰ আহ্বায়ক সমিতিয়ে ।

26 এপ্ৰিলত বৰাক উপত্যকা বন্ধৰ আহ্বান

শুকুৰবাৰে শিলচৰৰ ইলোৰা হেৰিটেজত অনুষ্ঠিত কৰা এখন সংবাদ মেলত আহ্বায়ক সমিতিৰ কৰ্মকৰ্তা প্ৰদীপ দত্ত ৰয়, নিখিল পাল, গৌতম দত্ত, স্বৰ্ণালী চৌধুৰী, ৰাজীৱ কৰ, সুব্ৰত ভট্টাচাৰ্য, কমল চক্ৰৱৰ্তীয়ে এই কথা সদৰী কৰে ৷ 26 এপ্ৰিলত পুৱা 5 বজাৰ পৰা 12 ঘন্টীয়া বৰাক উপত্যকাৰ বন্ধক সফল কৰিবলৈ ৰাইজক আহ্বান জনায় সংগঠনটোৰ শীৰ্ষ নেতৃত্বই ৷ উল্লেখ্য় যে, ১৯ মে'ৰ দিনটো বৰাক উপত্যকাত ভাষা ছহীদ দিৱস হিচাপে উদযাপিত হৈ আহিছে আৰু ইয়াৰ লগত বৰাকবাসীৰ আৱেগ জড়িত হৈ আহিছে ।

ইতিমধ্যে পৰীক্ষা সূচীৰ পৰা ১৯ মে'ৰ দিনটো বাদ দিবলৈ বৰাক উপত্যকা বঙ্গ সাহিত্য ও সংস্কৃতি সন্মিলন সহ বিভিন্ন সংগঠনে দাবী জনাই আহিছে । কিন্তু এতিয়ালৈকে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিষয়টোক লৈ কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি ৰঙালী বিহুৰ প্ৰাকক্ষণত নতুন গাইডলাইন প্ৰকাশ কৰে । ১২ এপ্ৰিলৰ দিনটোত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অসমীয়া ভাষা শিক্ষা আইন প্ৰণয়নৰ বাবে ষষ্ঠ অনুসূচীত, বৰাক উপত্যকা আৰু বড়ো মাধ্যমৰ বিদ্যালয় সমূহৰ বাবে বিকল্প ব্যৱস্থা ৰখা হৈছে । নিৰ্দেশনা অনুসৰি, নৱম শ্ৰেণীৰ পৰাই অসমীয়া বিষয় বাধ্যতামূলক কৰা হৈছে । কিন্তু, দহটা মাতৃভাষা প্ৰেমী সংগঠনৰ আহ্বায়ক সমিতিয়ে এই বিষয়টো কোনো পধ্য়েই মানি লোৱা নহ'ব বুলি সকীয়াই দিছে ৷

লগতে পঢ়ক :শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details