অসম

assam

মৰ্গত মাতৃৰ মৃতদেহ: চিকিৎসালয়ৰ পৰা সন্ধানহীন দুই শিশু সন্তান

By

Published : Sep 6, 2022, 7:16 PM IST

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভয়ংকৰ ঘটনা । অগ্নিদগ্ধ মাতৃ চিকিৎসাধীন হৈ থাকোতেই সন্ধান নাই দুই শিশু সন্তানৰ (Child missing from Nagaon civil hospital)। শিশু দুটিক ৮ হাজাৰ টকাৰ বিনিময়ত বিক্ৰীৰ অভিযোগ ।

Two child missing from civil hospital in Nagaon
Two child missing from civil hospital in Nagaon

নগাঁও, 6 ছেপ্টেম্বৰ: নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সংঘটিত এক ভয়ংকৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁৱত (Tense situation in Nagaon civil)। চিকিৎসালয়খনত ভৰ্তি হৈ থকা মাতৃৰ সৈতে থকা দুটি শিশুক বিক্ৰী কৰাৰ ভয়ংকৰ অভিযোগ । যোৱা ৮ আগষ্টত নগাঁৱৰ শালনাৰ গণেশ তাঁতী নামৰ মহিলাগৰাকীক অগ্নিদগ্ধ অৱস্থাত ভৰ্তি কৰোৱা হৈছিল নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত (Allegation of child selling in Hospital) ।

চিকিৎসালয়ৰ পৰা সন্ধানহীন দুই শিশু সন্তান

মহিলাগৰাকীৰ সৈতে আছিল দুই কণমানি শিশু সন্তান । কিন্তু চিকিৎসালয়খনৰ পৰাই হঠাৎ নিৰুদ্দেশ হয় মাতৃৰ সৈতে থকা দুই কণমানি । চিকিৎসালয়খনত ভৰ্তি হৈ থকা মহিলাগৰাকীৰ সোমবাৰে মৃত্যু হোৱাৰ পিছতেই পোহৰলৈ আহে শিশু দুটি সন্ধানহীন হোৱাৰ ভয়ংকৰ তথ্য । চৰকাৰী চিকিৎসালয়খনৰ পৰা শিশু দুটিক বিক্ৰী কৰাৰ কথা আওপকীয়াকৈ স্বীকাৰো কৰিলে চিকিৎসালয়খনৰ কৰ্তব্যৰত নাৰ্চে (Child missing from Nagaon civil hospital)।

ইফালে মাতৃৰ সৈতে থকা শিশু দুটিক চিকিৎসালয়ৰ আৰক্ষী চকীত চমজাই দিয়া বুলিও মন্তব্য কৰে আন এগৰাকী নাৰ্চে ।

কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ভাষ্য প্ৰদান কৰিলে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই । আৰক্ষীৰ মতে মাতৃৰ শুশ্ৰূষাৰ দায়িত্বত থকা শিশু দুটিক আৰক্ষীয়ে চমজি লোৱাৰ কোনো যুক্তি নাই । আনকি আৰক্ষীক জনোৱা হোৱা নাছিল অগ্নিদগ্ধ মহিলাগৰাকী চিকিৎসাধীন হৈ থকাৰ কথাও (Nagaon child missing news) ৷

ইপিনে, সোমবাৰে মৃত্যু হোৱা গণেশ তাঁতী নামৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ কোনেও চমজি নোলোৱাত চিকিৎসালয়ৰ মৰ্গতে ৰখা হৈছে মহিলাগৰাকীৰ মৃতদেহ ।

মধ্য অসমৰ উন্নত চিকিৎসাৰ একমাত্ৰ ভৰষাস্থল নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ (Nagaon civil hospital) পৰা দুটাকৈ শিশুৰ ৰহস্যজনক নিৰুদ্দেশক লৈ গৰজি উঠিছে সচেতন নাগৰিক । নগাঁও সদৰ আৰক্ষী থানাৰ পৰা ডেৰশ মিটাৰ নিলগত থকা চিকিৎসালয়খনত এখন আৰক্ষী চকী থকাৰ পিছতো দুটাকৈ শিশু নিৰুদ্দেশ হোৱা ঘটনাক কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই সচেতন লোকে ।

লগতে পঢ়ক:চিনেমাৰ দৰে মাজ ৰাস্তাৰ পৰাই টকা লৈ উধাও হ’ল ডকাইত

ABOUT THE AUTHOR

...view details