অসম

assam

নকল সোণক আচল বুলি বেচিব খোজা মুকলেচুৰ আৰক্ষীৰ জালত

By

Published : May 16, 2022, 10:38 AM IST

প্ৰৱঞ্চনাৰে নকল সোণৰ ব্যৱসায় কৰা মুকলেচুৰ পৰিছে নগাঁও আৰক্ষীৰ জালত (Fake gold smuggler arrested in Nagaon) । নগাঁও আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাও আৰু যীশুৰ মূৰ্তিসহ আটক কৰে প্ৰৱঞ্চক মুকলেচুৰক ।

Fake gold smuggler arrested in Nagaon
Fake gold smuggler arrested in Nagaon

নগাঁও, 16 মে’: আপুনি সস্তাত সোণ কিনিব খুজিছে নেকি ? কোনোবাই আপোনাক সস্তাত বেচিব খুজিছে নেকি সোণ ? সাৱধান ! ভুলতো ক্ৰয় নকৰিব তেনে সোণ ৷ অন্যথা ৰাম ঠগন খাব আপুনি ৷ কাৰণ সোণৰ নামত আপোনাক ভেজাল সোণ দি ঠগিবলৈ জাল পেলাইছে প্ৰৱঞ্চকে ৷ মাটিৰ তলত পোৱা সোণৰ মূৰ্তি বুলি আপোনাক সস্তাতে বিক্ৰী কৰিব খুজিব নকল সোণৰ মূৰ্তি ৷ যদি আপুনি তেনে প্ৰৱঞ্চকৰ কথাত পতিয়ন যায় তেন্তে আপুনি খাব লাগিব ৰাম ঠগন (Fake gold racket in Assam)৷

নকল সোণৰ নাও বেচি ধনী হ’ব খোজা মুকলেচুৰ আৰক্ষীৰ জালত

নগাঁৱতো তেনে এক প্ৰৱঞ্চনাৰ জাল পেলাইছিল মুকলেচুৰ ৰহমান নামৰ এটা প্ৰৱঞ্চকে ৷ মাটিৰ তলত পোৱা বুলি এটা সোণৰ যীশুৰ মূৰ্তি আৰু এখন সোণৰ নাও বিক্ৰীৰ চেষ্টা চলাইছিল মুকলেচুৰে ৷ পিচে দিন বেয়া আছিল বপুৰাৰ ৷ কোনোবাই সেই সোণৰ মূৰ্তি আৰু নাও নকল বুলি জানিব পাৰি খবৰ দিয়ে আৰক্ষীক ৷ তাৰ পাচতে আৰক্ষীয়ে অভিযান চলালে মুকলেচুৰৰ বিৰুদ্ধে (Fake gold smuggler arrested in Nagaon) ৷

দেওবাৰে নিশা নগাঁৱৰ জাজৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভজ্যোতি ৰাভা, নগাঁও নগৰ শাখাৰ উপ পৰিদৰ্শক অচ্যুত কৃষ্ণ ফুকন আৰু ননৈ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই নকল সোণৰ ব্যৱসায় কৰা প্ৰৱঞ্চক মুকলেচুৰক আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ পাথৰি কাটনি গাঁৱৰ মুকলেচুৰৰ ঘৰত অভিযান চলাই এখন নকল সোণৰ নাও আৰু এটা যীশুৰ মূৰ্তিও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

উল্লেখযোগ্য যে, মুকলেচুৰে মাটিৰ তলৰ পৰা সোণৰ নাও আৰু যীশুৰ মূৰ্তি ওলোৱা বুলি বিভিন্নজনক প্ৰৱঞ্চনা কৰি আহিছে । নকল সোণৰ ব্যৱসায় কৰিবলৈ প্ৰৱঞ্চনাৰ জাল পেলাই অৱশেষত নিজেই আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক মুকলেচুৰ । ধৃত মুকলেচুৰক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক :Youth Joins ULFA I: পৰীক্ষা আধাতে এৰি আলফা(স্বা)লৈ শিৱসাগৰৰ যুৱতী

ABOUT THE AUTHOR

...view details