অসম

assam

নিৰাপত্তাহীনতাত নগাঁৱৰ এটা পৰিয়াল

By

Published : Apr 23, 2019, 10:50 PM IST

ইছলামপট্টিৰ খাইৰুল ইছলাম নামৰ লোকজনৰ ম্যাদী পট্টা থকা স্বত্তেও ভূমি বেদখলৰ চেষ্টা চলাইছে এটা চক্ৰই । ফলত বিগত কিছুদিন ধৰি নিৰাপত্তাহীনতাত ভুগিছে নগাঁও চহৰৰ ইছলামপট্টিৰ পৰিয়ালটো ।

LAND ENCROACHMENT AT NAGAON

নগাঁও, ২৩ এপ্ৰিল: বিগত কিছুদিন ধৰি নিৰাপত্তাহীনতাত ভুগিছে নগাঁও চহৰৰ ইছলামপট্টিৰ এটা পৰিয়াল । ইছলামপট্টিৰ খাইৰুল ইছলাম নামৰ লোকজনৰ ম্যাদী পট্টা থকা ভূমি বেদখল কৰাৰ বাবে এটা চক্ৰই চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে । পৰিয়ালটোৰ নামত থকা ভূমি এৰি দিবলৈ চক্ৰটোৱে সঘনে ভাবুকি দি আহিছে বুলি জানিব পৰা গৈছে ।

LAND ENCROACHMENT AT NAGAON

শেহতীয়াকৈ পৰিয়ালটোক দুই লাখ টকা দাবী কৰাৰ লগতে ঘৰত কোনো নথকাৰ সময়ত পৰিয়ালটোৰ মহিলা সদস্যক আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন হৈছে । মহিলাগৰাকীক আক্ৰমণৰ অভিযোগত নগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে ।

Intro:নিৰপত্তাহীনতাত নগাঁৱৰ এটা পৰিয়াল। মাটি বেদখলৰ উদ্দেশ্যে আক্ৰমণৰ অভিযোগ।


Body:বিগত কিছুদিন ধৰি নিৰাপত্তাহীনতাত ভুগি আছে নগাঁও চহৰৰ ইছলামপট্টিৰ এটা পৰিয়াল। ইছলামপট্টিৰ খাইৰুল ইছলাম নামৰ লোকজনৰ ম্যাদী পট্টা ভূমি বেদখল কৰাৰ বাবে এটা চক্ৰই চেষ্টা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালটোৰ নামত থকা ভূমি এৰি দিবলৈ চক্ৰটোৱে দি আহিছে ভাবুকি। শেহতীয়াকৈ পৰিয়ালটোক দুই লাখ টকা দাবী কৰি ঘৰত কোনো নথকাৰ সময়ত পৰিয়ালটোৰ মহিলা সদস্যক আক্ৰমণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীক আক্ৰমণৰ অভিযোগত নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে চক্ৰটোৰ বিৰুদ্ধে।
bite,
--------------------------------//----------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৩-৪-১৯


Conclusion:

ABOUT THE AUTHOR

...view details