অসম

assam

তিতাবৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

By

Published : Mar 16, 2022, 9:49 AM IST

Updated : Mar 16, 2022, 11:42 AM IST

তিতাবৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই (Assam Police Anti Drug Campaign) ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে (Drugs peddlers Arrested in Titabar) ৷ ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে প্ৰায় 8 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷

Assam Police Anti Drug Campaign
তিতাবৰ আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

তিতাবৰ, 16 মাৰ্চ : তিতাবৰৰ আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ীক আটক (Drugs peddlers Arrested in Titabar) কৰিবলৈ সক্ষম হয় । তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ী দুটাক ৷ আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুটা ৰাজীৱ শ্যাম আৰু মাইনা দাস বুলি জানিব পৰা হৈছে ।

আৰক্ষীৰ দলটোৱে তিতাবৰৰ পথাৰশ্যাম গাঁৱৰ পৰা আটক কৰা ড্ৰাগছ ব্যৱসায়ী দুটাক ৷ মাইনা দাসে ইয়াৰ পূৰ্বেও কেইবাবাৰো ড্ৰাগছ ব্যৱসায় কৰি কাৰাগাৰলৈ যোৱা বুলি জানিব পৰা হৈছে । আনহাতে, ৰাজীৱ শ্যাম মাত্ৰ ডেৰমাহৰ আগতহে কাৰাগাৰৰ পৰা মুকলি হৈ আহিছিল ।

তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনীতা শৰ্মা

আৰক্ষীৰ দলটোৱে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা 8 গ্ৰাম ড্ৰাগছ জব্দ (Drug seized at Titabor) কৰে ৷ সম্প্ৰতি ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ জেৰা অব্যাহত ৰাখিছে তিতাবৰ আৰক্ষীয়ে ৷

লগতে পঢ়ক :বাইহাটা চাৰিআলিত ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক

Last Updated :Mar 16, 2022, 11:42 AM IST

ABOUT THE AUTHOR

...view details