অসম

assam

বৃটেইনত উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ শিক্ষাৰ্থী

By

Published : Apr 30, 2022, 10:24 AM IST

শিক্ষাৰ্থীৰ দলটোৱে ইউৰোপীয় দেশসমূহৰ কৃষি আৰু অনুসংগিক ক্ষেত্ৰত ঔদ্যোগিক সামৰ্থ বৃদ্ধিৰ দিশত গ্ৰহণ কৰিব বিশেষ প্ৰশিক্ষণ । তেওঁলোকে চেন্ট্ৰেল লংকাশ্বায়াৰ বিশ্ববিদ্যালয় প্ৰিষ্টন(University of Central Lancashire in UK)ত এই উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিব । তিনি মাহজোৰা প্ৰশিক্ষণ কালত শিক্ষাৰ্থীসকলে সেই দেশৰ কৃষি অৰ্থনীতি তথা সামগ্ৰিক ব্যৱস্থাপনাৰ ওপৰত বিশেষভাবে শিক্ষা গ্ৰহণ কৰিব ।

assam-agricultural-university-15-students-reached-uk-for-training-purposes
বৃটেইনত উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ শিক্ষাৰ্থী

যোৰহাট, 30 এপ্ৰিল : ইউৰোপীয় দেশসমূহৰ কৃষি আৰু অনুসংগিক ক্ষেত্ৰৰ পৰ্যবেক্ষণৰ জৰিয়তে বিশেষ শিক্ষা গ্ৰহণৰ বাবে যোৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ জনীয়া শিক্ষাৰ্থীৰ এটা দল শুকুৰবাৰে বিদেশত উপস্থিত হয়(Assam Agricultural University 15 students reached UK) । অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ)ৰ অধীনত প্ৰশিক্ষণ তথা পৰিদৰ্শনৰ বাবে ইউনাইটেড কিংডমলৈ ৰাওনা হোৱা শিক্ষাৰ্থীসকলে শুকুৰবাৰৰে পৰা ইউৰোপীয় বিশ্ববিদ্যালয়ত শিক্ষা আৰু প্ৰশিক্ষণ গ্ৰহণ আৰম্ভ কৰিছে ।

সমন্বিত কৃষি, খাদ্য, পৰিপুষ্টি আৰু স্বাস্থ্য: প্ৰকৃত জীৱন পৰীক্ষণ শিক্ষণ পদক্ষেপৰ অধীনত বিদেশলৈ যোৱা শিক্ষাৰ্থীসকলে চেন্ট্ৰেল লংকাশ্বায়াৰ বিশ্ববিদ্যালয় প্ৰিষ্টন, ইউনাইটেড কিংডমত এই উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিব । তিনিমাহজোৰা প্ৰশিক্ষণ কালত শিক্ষাৰ্থীসকলে বিদেশত সেই দেশৰ কৃষি অৰ্থনীতি তথা সামগ্ৰিক ব্যৱস্থাপনাৰ ওপৰত বিশেষভাৱে শিক্ষা গ্ৰহণ কৰিব ।

বৃটেইনত উপস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৫ শিক্ষাৰ্থী

প্ৰতিষ্ঠানিক উন্নয়ন পৰিকল্পনাৰ অধীনত এই সুবিধা লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত যোৰহাট, বিশ্বনাথ আৰু ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ ১২ গৰাকী শিক্ষাৰ্থী আৰু যোৰহাটৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ ৩ গৰাকী শিক্ষাৰ্থী আছে । তেওঁলোক ক্ৰমে অশ্বিনী আগৰৱালা, তৃষা আগৰৱাল, প্ৰজ্বলিতা নেওগ, মিনাৰ্ভা দত্ত, সৃষ্টি চলিহা, বিতোপন দাস, মেহনাজ মেহফুজা, অংকিতা শইকীয়া, প্ৰণৱ জ্যোতি পাওৰেল, অনুৰণ বৰা, ভাগ্যশ্ৰী শৰ্মা, ৰজী ব্ৰহ্ম আৰু যোৰহাটৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষাৰ্থী প্ৰজ্বলিতা ভট্টাচাৰ্য, ভাস্কৰ ভূষণ দে আৰু কৰিস্মিতা তালুকদাৰ ৷

নাহেপৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুখ্য তত্বাৱধায়ক ড° কিশোৰ কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে ২৭ এপ্ৰিলত যোৰহাটৰ পৰা যাত্ৰা কৰা শিক্ষাৰ্থী সকলে বিদেশত নিৰ্দিষ্ট পাঠ্যক্ৰমত ভৰ্তি হৈছে আৰু জুলাইৰ মাহৰ শেষলৈকে বিদেশত অধ্যয়ন আৰু প্ৰশিক্ষণ গ্ৰহণ কৰিব । এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলে ইউৰোপীয় দেশসমুহৰ কৃষি আৰু অনুসংগিক ক্ষেত্ৰত উদ্যোগিক সামৰ্থ বৃদ্ধিৰ দিশত বিশেষভাৱে প্ৰশিক্ষিত হ‘ব ৷ ইয়াৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়েও জ্ঞান বিকাশিত কৰাৰ সুযোগ পাব । সমান্তৰালভাবে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ বাবে সুযোগ সৃষ্টিত অধিক লাভান্বিত হ’ব ।

লগতে পঢ়ক :মুকলি আকাশৰ তললৈ আহি জিগনেশ মেৱানীয়ে দেখুৱালে পুষ্পাৰ ভংগিমা

ABOUT THE AUTHOR

...view details