অসম

assam

Union Minister Sarbananda Sonowal at Pachighat: কেইবাখনো অভিলাসী আঁচনি ঘোষণা

By

Published : Nov 20, 2021, 6:35 PM IST

Updated : Nov 20, 2021, 7:24 PM IST

Union Minister Sarbananda Sonowal
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অৰুণাচলৰ পাচিঘাটত নিৰ্মাণ কৰা হ’ব ৩০ খন আসনযুক্ত আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু ৬০ খন বিচনাযুক্ত আয়ুবেদিক চিকিৎসালয় ৷ ইয়াৰ লগতে উত্তৰ পূৱ আয়ুৰ্বেদ আৰু লোক ঔষধী গৱেষণা প্ৰতিষ্ঠান প্ৰাংগনত নতুন আন্তঃগাঁথনিৰ বাবে ৫৩.৭২ কোটী টকাৰ বিনিয়োগৰ সিদ্ধান্ত ।

গুৱাহাটী,২০ নৱেম্বৰ :বন্দৰ, জাহাজ, জলপথ আৰু আয়ুষ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে অৰুণাচল প্ৰদেশৰ পাচিঘাটত উপস্থিত হয় ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচলত আয়ুষ খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ভালেমান পদক্ষেপৰ কথা ঘোষণা কৰে । তেওঁ অৰুণাচল প্ৰদেশৰ পাচিঘাটস্থিত উত্তৰ-পূৱ আয়ুৰ্বেদ আৰু লোক ঔষধি গৱেষণা প্ৰতিষ্ঠানত ৫৩.৭২ কোটি টকা বিনিয়োগেৰে ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মন্ত্ৰী সোণোৱালে এই গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাংগনত ৩০ খন আসনযুক্ত এখন নতুন আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু ৬০ খন বিচনাযুক্ত এখন নতুন আয়ুৰ্বেদিক চিকিৎসালয় স্থাপনৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে ৷ তেওঁ এই পদক্ষেপৰ দ্বাৰা প্ৰত্যক্ষভাৱে অতিৰিক্ত ৮৬ টা নিয়োগ সৃষ্টি হ'ব বুলি জানিবলৈ দিয়ে । ইয়াৰ লগতে ভৱিষ্যতে এই স্থানত এটা শিক্ষায়তনিক গৃহ, এটা ছাত্ৰাবাস, এটা ছাত্ৰীবাস আৰু এটা ক্ৰীড়া গৃহ স্থাপন কৰাৰো পৰিকল্পনা কৰাৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মন্ত্ৰী সোণোৱালে এই পদক্ষেপৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলত বৈদিক যুগৰ পৰাই প্ৰচলন হৈ অহা ঈশ্বৰ প্ৰদত্ত লোক ঔষধসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু শ্ৰীবৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা হৈছে বুলি জানিবলৈ দিয়ে । এই অঞ্চলত এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল স্থাপনৰ উদ্যোগ ল’বলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ ইয়াৰ জৰিয়তে আমাৰ পৰম্পৰাগত ঔষধি জ্ঞানসমূহৰ বিকাশ হোৱাৰ লগতে আয়ুৰ্বেদিক প্ৰতিষ্ঠানখনে ইয়াৰ শ্ৰীবৃদ্ধিত বিশেষ উদগণি যোগাব বুলি আশা ব্যক্ত কৰে ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অৰুণাচলত আয়ুৰ্বেদিক মহাবিদ্যালয়সমূহ শক্তিশালীকৰণৰ উপৰি আঞ্চলিক কেঁচা দৰব প্ৰস্ততকাৰী দ্ৰব্যৰ ভঁৰাল আৰু সংগ্ৰহালয়, আধুনিক বিশ্লেষণাত্মক সঁজুলিৰ সুবিধা, আধুনিক পঞ্চকর্ম চিকিৎসা আৰু গৱেষণা কেন্দ্ৰ আৰু পেৰামেডিকেল শিক্ষণ কেন্দ্ৰ স্থাপনৰো পৰিকল্পনা গ্ৰহণ কৰাৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ নতুনকৈ উত্তৰ পূৱ আয়ুৰ্বেদ আৰু লোক ঔষধী গৱেষণা প্ৰতিষ্ঠান হিচাপে নামাকৰণ কৰা লোক ঔষধি প্ৰতিষ্ঠানটো ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়(Ministry of AYUSH)ৰ অধীনৰ এক স্বতন্ত্ৰ প্ৰতিষ্ঠান বুলি জানিবলৈ দিয়ে । প্ৰায় ৪০ হেক্টৰ ভূমিৰে আগুৰা এই প্ৰতিষ্ঠানটো ভাৰত চৰকাৰে ২০০৮ চনৰ ২১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটত অনুমোদন জনাই স্থাপন কৰা হৈছিল ।

লগতে পঢ়ক :UNESCO WORLD HERITAGE SITE: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

Last Updated :Nov 20, 2021, 7:24 PM IST

ABOUT THE AUTHOR

...view details