অসম

assam

অসম বন বিদ্যালয়ত গঁড়ৰ খৰ্গ বিনষ্টকৰণ সন্দৰ্ভত ৰাজহুৱা শুনানী গ্ৰহণ

By

Published : Aug 29, 2021, 10:19 PM IST

public hearing on rhino horn dispose
অসম বন বিদ্যালয়ত গঁড়ৰ খৰ্গ বিনষ্ট কৰা বিষয়ক ৰাজহুৱা শুনানী গ্ৰহণ ()

গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত হয় । বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষক তথা গঁড়ৰ খৰ্গ বিনষ্টকৰণৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ এম কে যাদৱৰ নেতৃত্বত অনুষ্ঠিত ৰাজহুৱা শুনানী যোগে ৰাজ্যত বিগত চাৰিটা দশকত জব্দ তথা উদ্ধাৰ কৰা গঁড়ৰ আঢ়ৈ হাজাৰ খৰ্গৰ উপৰি আন জন্তুৰ অংগ ধ্বংস কৰাৰ বাবে বন আৰু পৰিৱেশ বিভাগে উদ্যোগ গ্ৰহণ কৰিছে ।

গুৱাহাটী,২৯ আগষ্ট :অসম চৰকাৰৰ বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বিগত সময়চোৱাত বন বিভাগে চোৰাং চিকাৰীৰ পৰা জব্দ কৰা গঁড়ৰ খৰ্গসমূহ বিনষ্ট কৰা সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে ৰাজহুৱা শুনানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি দেওবাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত হয় ।

অসম বন বিদ্যালয়ত গঁড়ৰ খৰ্গ বিনষ্ট কৰা বিষয়ক ৰাজহুৱা শুনানী গ্ৰহণ

বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষক তথা গঁড়ৰ খৰ্গ বিনষ্টকৰণৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ এম কে যাদৱৰ নেতৃত্বত অনুষ্ঠিত ৰাজহুৱা শুনানীত মুখ্য বন সংৰক্ষক হেমকান্তি তালুকদাৰকে ধৰি কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে। পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত ৰাজহুৱা শুনানীত বৃহত্তৰ জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ কেবাজনো লোক উপস্থিত হৈ নিজৰ মতামত প্ৰকাশ কৰে ।

সমিতিৰ অধ্যক্ষ এম কে যাদৱে জানিবলৈ দিয়া মতে বহু লোকে সোঁ-শৰীৰে উপস্থিত হ'ব নোৱাৰিলেও ই মেইল যোগে নিজৰ মতামত প্ৰকাশ কৰিছে । উল্লেখ্য যে, ৰাজ্যত বিগত চাৰিটা দশকত জব্দ তথা উদ্ধাৰ কৰা গঁড়ৰ আঢ়ৈ হাজাৰ খৰ্গৰ উপৰি আন জন্তুৰ অংগ ধ্বংস কৰাৰ বাবে বন আৰু পৰিৱেশ বিভাগে উদ্যোগ গ্ৰহণ কৰিছে ।

বিশেষকৈ বিগত চাৰিটা দশকত চোৰাং-চিকাৰী তথা সৰবৰাহকাৰীৰ পৰা জব্দ কৰা তথা মৃত গড়ৰ পৰা উদ্ধাৰ কৰা আঢ়ৈ হাজাৰ খৰ্গ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বিভাগটোৱে । এই প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ বাবেই দেওবাৰে ৰাজহুৱা শুনানি গ্ৰহণ কৰা হয় । এই শুনানিৰ পাছতে বন বিভাগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । অৱশ্যে গঁড়ৰ সকলো খৰ্গ ধ্বংস কৰা নহয়, পৰীক্ষা-নিৰীক্ষা আৰু শৈক্ষিক গৱেষণাকে ধৰি বিভিন্ন কাৰণত পাঁচ শতাংশ খৰ্গ সংৰক্ষণ কৰা হ'ব ।

লক্ষণীয় বিষয় যে, জব্দ কৰা তথা উদ্ধাৰ কৰা খৰ্গৰ পৰীক্ষণৰ বাবে ২০১৬ চনত ৰাজ্যিক পৰ্য‍ায়ৰ উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছিল । কমিটিয়ে পৰীক্ষণত আঢ়ৈ হাজাৰ খৰ্গ লাভ কৰিছিল । লক্ষণীয় বিষয় যে গঁড়ৰ খৰ্গসমূহ সংৰক্ষিত কৰি ৰাখিলে ইয়াৰ মূল্য আছে বুলি থকা ধাৰণাটোক উদগনি দিয়া হ'ব । যাৰ বাবে এই খৰ্গসমূহ ধ্বংস কৰাৰ পৰিকল্পনা কৰা হৈছে ।

উল্লেখ্য যে, চীন আৰু ভিয়েটনামকে ধৰি বিভিন্ন ৰাষ্ট্ৰত গঁড়ৰ খৰ্গ পৰম্পৰাগত মেডিচিন হিচাপে ব্যৱহাৰ কৰা হয় । যাৰবাবে আন্তঃৰ‍াষ্ট্ৰীয় বজাৰত গঁড়ৰ খৰ্গৰ যথেষ্ট মূল্য আছে আৰু ইয়াৰ বাবে গঁড় হত্যা কৰা হয় । অসম এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত আৰু অসমত ইয়‍াৰ সংখ্যা সৰ্বাধিক । ২০১৮ চনৰ গণনা অনুসৰি অসমত থকা গঁড়ৰ সংখ্যা হৈছে ২,৬৫০ টা আৰু ইয়‍ৰে ২,৪০০ টা কাজিৰঙাত আছে ।

বিভাগীয় সূত্রত প্ৰকাশ হৈছে যে, শেহতীয়াকৈ ছটা মাণ্ডলিক কমিটিৰ যোগেদি জব্দ তথা উদ্ধাৰ কৰা জন্তুৰ অংগসমূহ অতি সুক্ষ্মভাৱে পৰীক্ষা-নিৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে । এই কাৰ্যত ফৰেঞ্চিক পৰীক্ষাগাৰো জড়িত হৈ আছে । আৰক্ষী-প্ৰশাসনৰ লোকৰ উপস্থিতিত এই কাৰ্য সম্পাদন কৰা হৈছে আৰু স্বচ্ছতা বজাই ৰখাৰ বাবে ভিডিঅ' ৰেকৰ্ডিঙৰ লগতে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰাৰো ব্যৱস্থা কৰা হৈছে ।

বিভাগীয় শীৰ্ষ বিষয়াই জনো‍ৱা মতে কামৰূপ মহানগৰ, বৰপেটা আৰু মৰিগাঁও জিলাৰ পৰীক্ষণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। শোণিতপুৰ, নগ‍াঁও, গোলাঘাট আৰু ৰাজ্যৰ আন জিলাত পৰীক্ষণৰ কাম অব্যাহত আছে । তিনিখন জিলাত পৰীক্ষণ কাৰ্য সম্পূৰ্ণ কৰা ২৬১ টা খৰ্গৰ ভিতৰত ২৪১ টা ধ্বংস কৰাৰ বাবে চিনাক্ত কৰা হৈছে । আনহাতে, বাকী ১৮ টা সংৰক্ষিত কৰা হ'ব। ইফালে ইতিমধ্যে বেয়া হৈ যোৱা গঁড়ৰ খৰ্গসমূহ ২২ ছেপ্তেম্বৰৰ 'নেচনেল এলিফেণ্ট এপ্ৰিচিয়েশ্বন ডে'ৰ (National Elephant Appreciation Day) দিনা ধ্বংস কৰাৰ পৰিকল্পনা কৰিছে বন বিভাগে ।
লগতে পঢ়ক :উপনিৰ্বাচনৰ পূৰ্বে পুনৰ লাইম লাইটত লুৰীণ জ্যোতি গগৈ

ABOUT THE AUTHOR

...view details