অসম

assam

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মা

By

Published : Feb 11, 2022, 12:01 PM IST

Updated : Feb 11, 2022, 12:34 PM IST

এদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰাখণ্ডলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই (Himanta Bishwa Sarma flies to Uttarakhand )। ৰাজ্যখনত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লব শৰ্মাই (Himanta to take part in Uttarakhand election campaign)।

Himanta Bishwa Sarma flies to Uttarakhand  to take part in election campaign
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মা

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী :১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হবলগীয়া উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ আজি পুৱাই গুৱাহাটীৰ পৰা চাৰ্টাৰ্ড বিমানেৰে উত্তৰাখণ্ডলৈ উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (Himanta Bishwa Sarma flies to Uttarakhand )। এদিনীয়া ভ্ৰমণসূচী লৈ উত্তৰাখণ্ডলৈ যোৱা ড৹ শৰ্মাই শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লব (Himanta Bishwa Sarma in Uttarakhand for election campaign)।

উল্লেখযোগ্য যে, সম্প্ৰতি বিজেপিৰ দখলত থকা উত্তৰাখণ্ডত পুনৰ চৰকাৰ বিজেপিৰেই হব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰি আহিছে (Modi on BJP government in Uttarakhand)। বৰ্তমান ৭০ জনীয়া উত্তৰাখণ্ড বিধানসভাৰ ৫৭ খন আসন ২০১৭ ৰ নিৰ্বাচনত বিজেপিয়ে অকলেই দখল কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ।

এইবাৰ অৱশ্যে, শাসনাধিষ্ঠ দলটোৱে অতি লক্ষণীয়ভাবে ১০ জনকৈ বৰ্তমানৰ বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰা বিৰত আছে । সেই ১০ টা সমষ্টিত বিজেপিয়ে টিকট দিছে নতুন মুখৰ প্ৰাৰ্থীক । আনহাতে, বৰ্তমানৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে পুণৰ খাটিমা বিধানসভা সমষ্টিৰ পৰাই এইবাৰো প্ৰতিদ্বন্দিতাত নামিছে ।

লগতে পঢ়ক :IPS Anand Mishra: সম্বৰ্ধনাৰে যোগদান কৰি প্ৰতিবাদেৰে বদলি হ'ল আনন্দ মিশ্ৰ

Last Updated : Feb 11, 2022, 12:34 PM IST

TAGGED:

ABOUT THE AUTHOR

...view details