অসম

assam

Independence day 2022: কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা ?

By

Published : Aug 9, 2022, 7:40 AM IST

Updated : Aug 9, 2022, 8:13 AM IST

ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিলে ৰাজ্যৰ মন্ত্ৰীসকলে পতাকা উত্তোলন কৰিব লগীয়া জিলাৰ তালিকা (Flag Hosting Schedule of Assam cabinet ministers) ৷ এসপ্তাহৰ পূৰ্বেই সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা মন্ত্ৰীগণক জনাই দিয়া হৈছে কোন ক'লৈ যাব লাগিব ত্ৰিৰংগ পতাকা উৰুৱাবলৈ ৷

Independence day 2022
Independence day 2022

নিউজ ডেস্ক, 9 আগষ্ট: স্বাধীনতাৰ অমৃত মহোৎসৱ বৰ্ষত (Independence day 2022) এইবাৰ ৰাজ্যৰ কোন মন্ত্ৰীয়ে ক'ত উত্তোলন কৰিব ত্ৰিৰংগ পতাকা ! সাধাৰণতে পূৰ্বৰ পৰম্পৰা অনুসৰি দেখা যায় যে, নিৰাপত্তাজনিত কাৰণতে হওক বা আন কাৰণতে হওক, স্বাধীনতা দিৱস কিম্বা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত কোন মন্ত্ৰীয়ে ক'ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব সেই তালিকা অন্তিম সময়তহে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰে ৷ কিন্তু এইবাৰ প্ৰায় এসপ্তাহৰ পূৰ্বেই সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰা মন্ত্ৰীগণক জনাই দিয়া হৈছে কোন ক'লৈ যাব লাগিব ত্ৰিৰংগ পতাকা উৰুৱাবলৈ (Flag Hosting Schedule of Assam cabinet ministers) ৷

  1. সাংবিধানিক পৰম্পৰা অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত অনুষ্ঠিত হ'বলগীয়া স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ত্ৰিৰংগ পতাকা উত্তোলন কৰিব আগন্তুক 15 আগষ্টৰ দিনটোত ৷
  2. চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত (আমিনগাঁও)
  3. পৰিমল শুক্লবৈদ্যই কাছাৰত
  4. কেশৱ মহন্তই গোলাঘাটত
  5. অতুল বৰাই ডিব্ৰুগড়ত
  6. ৰণজিৎ দাসে বঙাইগাঁৱত
  7. উৰ্খাওগৌৰা ব্ৰহ্মই বিশ্বনাথত
  8. অশোক সিংঘালে শোণিতপুৰত
  9. ডাঃ ৰণোজ পেগুৱে ধুবুৰীত
  10. যোগেন মহনে লখিমপুৰত
  11. পীযুষ হাজৰিকাই নগাঁৱত
  12. বিমল বৰাই শিৱসাগৰত
  13. নন্দিতা গাৰ্লোচাই বৰপেটাত
  14. অজন্তা নেওগে যোৰহাটত
  15. জয়ন্ত মল্ল বৰুৱাই নলবাৰীত
  16. সঞ্জয় কিষাণে তিনিচুকীয়াত উত্তোলন কৰিব ত্ৰিৰংগ পতাকা
Last Updated :Aug 9, 2022, 8:13 AM IST

ABOUT THE AUTHOR

...view details