অসম

assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুন্নাভাই চিকিৎসক

By

Published : Sep 8, 2022, 2:44 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুন্নাভাই চিকিৎসক
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুন্নাভাই চিকিৎসক

বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সাধাৰণ ৱাৰ্ডত ৰোগীক চিকিৎসা কৰি থকা অৱস্থাত ভুৱা চিকিৎসকগৰাকীক সাধাৰণ ৱাৰ্ডত ৰোগীৰ এগৰাকীৰ অভিভাৱকে ধৰা পেলায় ।

গুৱাহাটী, 8 ছেপ্টেম্বৰ:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) মুন্নাভাই চিকিৎসক ধৰা পৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীক চিকিৎসা কৰি থকা অৱস্থাত ভুৱা চিকিৎসকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ তৎপৰতাত নহয়, সাধাৰণ লোকৰ তৎপৰতাতহে আটক কৰা হয় ।

বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সাধাৰণ ৱাৰ্ডত ৰোগীক চিকিৎসা কৰি থকা অৱস্থাত ভুৱা চিকিৎসকগৰাকীক সাধাৰণ ৱাৰ্ডত ৰোগীৰ এগৰাকীৰ অভিভাৱকে ধৰা পেলায় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ ভুৱা পৰিচয় পত্ৰ বুকুত ওলোমাই হাস্পতালৰ সাধাৰণ ৱাৰ্ডত ৰোগীক চিকিৎসা কৰি থকা অৱস্থাত ধৰা পেলোৱা ভুৱা চিকিৎসকজনৰ নাম প্ৰণবজ্যোতি দাস ।

ভুৱা চিকিৎসক প্ৰণবজ্যোতি দাসক ধৰা পেলোৱা ৰোগীৰ অভিভাৱকজনৰ ভাষ্য অনুসৰি ভুৱা চিকিৎসক প্ৰণবজ্যোতি দাসে হাস্পতালৰ সাধাৰণ ৱাৰ্ডত তেওঁৰ দেউতাকৰ স্বাস্থ্য পৰীক্ষা কৰি থকা অৱস্থাত সন্দেহ ওপজে আৰু তেওঁৰ পৰিচয় পত্ৰ চাব বিচাৰে (Fake Doctor at GMCH) । ভুৱা চিকিৎসক প্ৰণবজ্যোতি দাসে তেতিয়া তেওঁৰ পৰিচয় পত্ৰ দেখুৱাই যদিও ৰোগীৰ অভিভাৱকজনৰ সন্দেহ বেছি ঘণীভূত হয় ।

তাৰ পিছত ভুৱা চিকিৎসক প্ৰণবজ্যোতি দাসক নাৰ্চৰ সহায়ত হাস্পতালৰ অধ্যক্ষৰ কোঠালৈ নিয়ে । তাৰ মাজতে ভুৱা চিকিৎসক প্ৰণবজ্যোতি দাসে পলাবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। তাৰ পিছত হাস্পতাল কৰ্তৃপক্ষই প্ৰণবজ্যোতি দাসক ভুৱা চিকিৎসক বুলি চিনাক্ত কৰি ভঙাগড় আৰক্ষীক গতাই দিয়ে ।

আৰক্ষীয়ে প্ৰণবজ্যোতি দাসক গেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰণবজ্যোতি দাসে নিজকে চিকিৎসক নহয় বুলি স্বীকাৰ কৰিছে । প্ৰণবজ্যোতিয়ে এটা ঔষধ কোম্পানীতহে কাম কৰে । হাস্পতালত প্ৰণবজ্যোতিয়ে ভুলতে প্ৰৱেশ কৰা বুলি ভাষ্য দিছে ।

আকৌ চিকিৎসকৰ ভুৱা পৰিচয় পত্ৰখন নিজে কৰি লোৱা বুলিও স্বীকাৰ কৰিছে । কি উদ্দেশ্যত আৰু কেতিয়াৰ পৰা এইজন মুন্নাভাই চিকিৎসকে হাস্পতালত এনেদৰে কাম কৰি আছিল সেয়া ৰহস্যৰ আৱৰ্তত । কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল এখনত মুন্নাভাই চিকিৎসকে এনেদৰে নিৰ্বিঘ্নে ঘুৰি থকা ঘটনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ দায়িত্ববোধৰ প্ৰতি প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক:তিনিজন মানুহেৰে দল খুলি অজিত ভূঞাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে: অতুল বৰা

ABOUT THE AUTHOR

...view details