অসম

assam

বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা বাংলাদেশীৰ লগত কোনো বেয়া লিংক পোৱা নাই: ডি জি পি

By

Published : Sep 18, 2022, 2:20 PM IST

DGP Bhaskar Jyoti Mahanta reaction on Bangladeshi detained at Biswanath
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ()

টুৰিষ্ট পাৰ্মিট লৈ ভাৰতত প্ৰৱেশ কৰা ১৭ জনকৈ বাংলাদেশী নাগৰিকক শনিবাৰে বিশ্বনাথত আটক কৰা হয় ৷ এই সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(Bhaskar Jyoti Mahanta) ৷

গুৱাহাটী, ১৮ ছেপ্টেম্বৰ:বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ১৭ টাকৈ বাংলাদেশী নাগৰিকক(Bangladeshi detained at Biswanath) । টুৰিষ্ট ভিছা লৈ অসমলৈ আহি ধৰ্মপ্ৰচাৰ কৰিছিল বাংলাদেশী নাগৰিকৰ দলটোৱে । দেওবাৰে এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই(Bhaskar Jyoti Mahanta) ৷

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত

আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা ১৭ বাংলাদেশীৰ লগত কোনো বেয়া লিংক বৰ্তমানলৈ পোৱা নাই(Bangladeshi detained at Biswanath) । তেওঁলোকে টুৰিষ্ট ভিছা লৈ অসমলৈ আহি পৰ্যটনস্থলীলৈ নগৈ ধৰ্মপ্ৰচাৰ চলাইছিল । তেওঁলোকক বেয়া বুলি নকওঁ । নিশ্চয় ভাল কামত থাকিব পাৰে । সেই বিষয়ে জ্ঞাত নহয় । তেওঁ লগতে ধৰ্মীয় প্ৰচাৰ চলোৱা প্ৰক্ৰিয়াৰ সুবিধা কিছুমান ভাৰত বিৰোধী শক্তিয়ে ব্যৱহাৰ কৰাটো আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ কথা জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিককেজনে বিগত ৪ দিন ধৰি বাহৰ পাতি আছিল । ১৩ ছেপ্টেম্বৰৰ পৰা বাহৰ পাতি আছিলে দলটোৱে । বাংলাদেশৰ ধৰ্মগুৰু আচৰাফুল আলমৰ নেতৃত্বত আহিছিল দলটো । আগষ্টত পশ্চিমবংগৰ কোচবিহাৰ হৈ প্ৰৱেশ কৰিছিল ভাৰতত । অসমৰ দক্ষিণ শালমাৰাত প্ৰৱেশ কৰি ধৰ্মপ্ৰচাৰো কৰিছিল দলটোৱে । ইতিমধ্যে দিল্লী, আজমেৰ চৰিফ আদি ধৰ্মীয় স্থান ভ্ৰমণ কৰিছে বাংলাদেশী নাগৰিককেইজনে ৷

লগতে পঢ়ক:ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

...view details