অসম

assam

COVID-19 : ৰেল বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঘোষণা

By

Published : Mar 18, 2020, 9:45 PM IST

কৰ'ণা ভাইৰাছক লৈ কামৰূপ মহানগৰ প্ৰশাসনে গুৱাহাটী মহানগৰীৰ বিভিন্ন মঠ-মন্দিৰ পৰিচালনা সমিতিসমূহ অধিক সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে ৷ ইফালে কৰ'ণা ভাইৰাছক লৈ উত্তৰ-পূৱ সীমান্ত ৰেলৱে বাতিল কৰিছে 30খনকৈ ৰেল ৷

COVID-19 : ৰেল বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঘোষণা
COVID-19 : ৰেল বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী, 18 মাৰ্চ :কৰ'ণা সংক্ৰমিত নহ'বৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কেইবাটাও নতুন নিৰ্দেশনা জাৰী । কামাখ্য মন্দিৰ, উগ্ৰতাৰা দেৱালয়, বশিষ্ঠ মন্দিৰ, শুক্ৰেশ্বৰ দেৱালয়, নৱগ্ৰহ মন্দিৰৰ পৰিচালনা সমিতিক অধিক সতৰ্ক হোৱাৰ আহ্বান জনাইছে জিলা প্ৰশাসনে । দৰ্শনাৰ্থীৰ প্ৰৱেশ সীমাবদ্ধ কৰি অতি সীমিত দৰ্শনাৰ্থীক প্ৰৱেশৰ অনুমতি দিবলৈ আহ্বান জনাই মন্দিৰ পৰিচালনা সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে জিলা প্ৰশাসনে ।

কামৰূপ মহানগৰ জিলা জনসংযোগ বিভাগে জাৰী কৰা নিৰ্দেশনাটো

ইফালে ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত কৰ'ণা সংক্ৰমণ ৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত সীমিত লোকৰ সমাবেশ হয় তাৰ বাবে শীঘ্ৰে ব্যৱস্থা ল'বলৈ গুৱাহাটী পৌৰ নিগমকো নিৰ্দেশনা দিয়ে জিলা প্ৰশাসনে ।

সুৰাৰ বিপনী, বাৰ আৰু পাবসমূহলৈ জাৰী কৰা নিৰ্দেশনাটো

ইয়াৰোপৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত সাধাৰণ লোকৰ প্ৰৱেশটো কিছু নিৰ্দেশনা প্ৰদান কৰা হৈছে । জৰুৰীকালীন লোকেহে পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত প্ৰৱেশৰ অনুমতি বিচাৰিব পাৰিব । তাৰোপৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰতিজন কৰ্মচাৰীক চাফ চিকুণতা অৱলম্বন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হয় । এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সংবাদ মাধ্যমক জনায় কামৰূপ মহানগৰ জিলাৰ জনসংযোগ বিভাগে । আনহাতে ৰাজ্যৰ বিভিন্ন বাৰ, পাব তথা সুৰাৰ বিপনীসমূহ ৩১ মাৰ্চলৈ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷

ৰাজ্য চৰকাৰে জাৰী কৰা নিৰ্দেশনাটো

COVID-19ক লৈ ৰে'ল বিভাগেও জাৰী কৰিছে বিশেষ নীতি নিৰ্দেশনা । ইতিমধ্যে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বাতিল কৰিছে ৩৬খন ৰে'ল । গুৱাহাটী-মৰিয়নি ইন্টাৰচিটি এক্সপ্ৰেছ, গুৱাহাটী-শিলঘাট, গুৱাহাটী-লামডিং যাত্ৰীবাহী ৰে'লকে ধৰি মুঠ ২৬ খন ৰে'লৰ চলাচল বাতিল কৰা হৈছে ।

NFRৰে বাতিল কৰা ৰেলগাড়ীসমূহ
NFRৰে বাতিল কৰা ৰেলগাড়ীসমূহ

ইয়াৰ উপৰিও আলিপুৰদুৱাৰ-লামডিং ইন্টাৰচিটি এক্সপ্ৰেছ, শিলচৰ-গুৱাহাটী যাত্ৰীবাহী ৰে'লকে ধৰি মুঠ ১০খন ৰে'ল আংশিকভাৱে বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । আনহাতে সমগ্ৰ ভাৰততে প্ৰায় ৭৬খন ৰে'লৰ সেৱা বাতিল কৰিছে ৰে'ল বিভাগে ৷

ABOUT THE AUTHOR

...view details