অসম

assam

বিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী

By

Published : Sep 16, 2022, 8:03 PM IST

Updated : Sep 16, 2022, 8:15 PM IST

Etv Bharatবিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী
Etv Bharatবিদ্য়ুৎ মাচুল চৰকাৰে বঢ়োৱা নাই: মুখ্যমন্ত্ৰী ()

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ টুইট যোগে ঘোষণা কৰে যে চৰকাৰে কোনো ধৰণে বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই ৷ বৰং নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰত হোৱা বিসংগতি আৰু ভুল মিটাৰ ৰিডিঙৰ বাবেহে এইদৰে একাংশ গ্ৰাহকলৈ আহিছে অভাৱনীয় হাৰত বিদ্যুতৰ বিল ৷

নিউজ ডেস্ক, 16 ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ APDCL এ এইবাৰ অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বঢ়াই বিল প্ৰেৰণ কৰাত কেউদিশে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ৰাইজৰ মাজত আৰম্ভ হোৱা এনে ক্ষোভৰ উমান পাই শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ততাতৈয়াকৈ টুইট যোগে ঘোষণা কৰে যে চৰকাৰে কোনো ধৰণে বিদ্যুৎ মাচুল বৃদ্ধি কৰা নাই (CM tweet on APDCL bill) ৷ বৰং নতুনকৈ স্থাপন কৰা স্মাৰ্ট মিটাৰত হোৱা বিসংগতি আৰু ভুল মিটাৰ ৰিডিঙৰ বাবেহে এইদৰে একাংশ গ্ৰাহকলৈ আহিছে অভাৱনীয় হাৰত বিদ্যুতৰ বিল ৷

ইতিমধ্যে এই আসোৱাহ তাৎক্ষণিকভাবে দুৰ কৰিবলৈও APDCL ক নিৰ্দেশ দিয়া হৈছে বুলি টুইটটোত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ মনকৰিবলগীয়া যে যিসময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে APDCL ৰ পৰা অহা হাজাৰ হাজাৰ টকাৰ বিল দেখি ত্ৰাহি মধুসুদন সুঁৱৰিছে, সেই সময়তে মন্ত্ৰী পীযুষ হাজৰিকাই কটা ঘাঁত টেঙা দিয়াৰ দৰে কেতবোৰ মন্তব্য কৰাত ৰাইজৰ ক্ষোভ দুগুণে চৰিছে ৷

লগতে পঢ়ক:গৰম বঢ়াৰ বাবেহে হেনো বিদ্যুৎ মাচুল বাঢ়িছে

Last Updated :Sep 16, 2022, 8:15 PM IST

ABOUT THE AUTHOR

...view details