অসম

assam

Andhra gas leak incident: ঔদ্যোগিক এলেকাত গেছ নিৰ্গত হৈ অসুস্থ ৫৩ জন

By

Published : Aug 3, 2022, 3:11 PM IST

Etv BharatAndhra gas leak incident
Etv Bharatচিকিৎসাধীন ৫৩ জন ()

অন্ধ্ৰ প্ৰদেশৰ আটচুটাপুৰম ছেজত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত অসুস্থ হৈ পৰে ৫৩গৰাকী মহিলা কৰ্মচাৰী(Andhra gas leak incident)। এটা কোম্পানীৰ কাৰখানাৰ পৰা নিৰ্গত হয় বিষাক্ত গেছ ৷

নেশ্য়নেল ডেস্ক,3 আগষ্ট: অন্ধ্ৰ প্ৰদেশৰ আটচুটাপুৰমত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ ৰাজ্য়খনৰ ব্ৰেণ্ডিক্স অঞ্চলৰ এটা কোম্পানীত বিষাক্ত গেছ নিৰ্গত হোৱাৰ পিছতে বৰ্তমানলৈ মুঠ ৫৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে (Andhra gas leak incident)

"বৰ্তমান ইয়াত ৫৩ জন লোকক ভৰ্তি কৰা হৈছে। সকলোৰে পৰীক্ষা কৰা হৈছে আৰু তেওঁলোকৰ অৱস্থা সুস্থিৰ । তেওঁলোকৰ চিকিৎসা চলি আছে'- এনেদৰে জানিবলৈ দিয়ে জিলা চিকিৎসা আৰু স্বাস্থ্য বিষয়া অনকাপল্লেই । অধিক তথ্য জানিবলৈ দি জিলা চিকিৎসা আৰু স্বাস্থ্য বিষয়াগৰাকীয়ে অধিকাংশ ৰোগীয়ে উশাহ-নিশাহ লোৱাত অসুবিধা,বমি আদিৰ সমস্যাত ভোগা বুলি জানিবলৈ দিয়ে(53 people undergoing treatment) ।

প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে লিক হোৱা গেছৰ বাবে অসুস্থ হৈ পৰাত প্ৰায় ৫০ জন লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ব্ৰেণ্ডিক্সৰ চৌহদত এই গেছ লিক হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ পিছতে আতংকিত কৰ্মচাৰীসকল কোম্পানীটোৰ পৰা বাহিৰলৈ ওলাই আহে । চৌহদটো খালী কৰা কাৰ্য বৰ্তমানেও অব্যাহত আছে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে বৰ্তমানেও বিচাৰ-খোচাৰ চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক আনাকাপল্লীয়ে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে জুন মাহত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ আটচুটাপুৰম অঞ্চলৰ এটা পৰীক্ষাগাৰত গেছ নিৰ্গত হৈ প্ৰায় ১৭৮ গৰাকী মহিলা শ্ৰমিক অসুস্থ হৈ পৰিছিল । পিছলৈ অধিক ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ঘটনাৰ পিছতে অন্ধ্ৰ প্ৰদেশ চৰকাৰে গেছ নিৰ্গত হোৱাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এখন যুটীয়া সমিতি গঠন কৰে আৰু তেওঁলোকে এয়াৰ কণ্ডিচনাৰৰ পৰা লিকেজ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে(Suspected leakage from the air conditioner) ।

লগতে পঢ়ক:অন্ধ্ৰ প্ৰদেশৰ এলুৰুত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৬, আহত ১৩

ABOUT THE AUTHOR

...view details