অসম

assam

ন্যায্য প্ৰাপ্তিৰ দাবীত মহানগৰীত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

By

Published : Jul 14, 2022, 6:34 PM IST

নির্মাণ শ্রমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্রমিক কল্যাণৰ হকে খৰচ কৰা, বানত ক্ষতিগ্রস্ত নির্মাণ শ্রমিকলৈ ৫০০০ টকাকৈ এককালীন সাহায্য প্রদান কৰা আদি বিভিন্ন দাবীৰে মহানগৰীত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ(All Assam Construction Workers Union protest in Guwahati) ৷

all-assam-construction-workers-union-protest-in-guwahati
ন্যায্য প্ৰাপ্তিৰ দাবীৰে মহানগৰীত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

গুৱাহাটী, 14 জুলাই :নির্মাণ শ্রমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্রমিক কল্যাণৰ হকে খৰচ কৰা, বানত ক্ষতিগ্রস্ত নির্মাণ শ্রমিকলৈ ৫০০০ টকাকৈ এককালীন সাহায্য প্রদান কৰা আদি দাবীৰ সমৰ্থনত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কামৰূপ মহানগৰ জিলাৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীৰ চেৰাৱভাটিস্থিত শ্ৰম বিভাগৰ সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ কায্যসূচী ৰূপায়ণ কৰা হয় (All Assam Construction Workers Union protest in Guwahati) ।

ন্যায্য প্ৰাপ্তিৰ দাবীৰে মহানগৰীত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিবাদ

কায্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফ্লেগ লৈ বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে(Sodou Assam Nirman Shramik Union protest) । নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সম্পাদক ভোলা শৰ্মা আৰু চিটুৰ সম্পাদক তপন শৰ্মাৰ নেতৃত্বত এই প্ৰতিবাদী সমদল উলিওৱা হয় । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে চিটুৰ সম্পাদক তপন শৰ্মাই কয়- দুখ আৰু পৰিতাপৰ কথা যে নিৰ্মাণ শ্রমিকসকলৰ বহু সংগ্ৰামৰ পিছত ১৯৯৬ চনত প্ৰণয়ন হোৱা নিৰ্মাণ শ্রমিক কল্যাণ আইন আৰু অসমত এই আইনৰ ভিত্তিত গঠন হোৱা কল্যাণ পৰিষদখন বর্তমান বিপদগামী হ’বলৈ ধৰিছে ।

এই আইনৰ মূল লক্ষ্য হ’ল নিৰ্মাণ শ্রমিকক সামাজিক সুৰক্ষা প্ৰদান কৰা আৰু তেওঁলোকৰ কল্যাণ সাধন কৰা । সেয়া কৰিবলৈ হ'লে কল্যাণ পৰিষদে পঞ্জীয়নভুক্ত নির্মাণ শ্রমিকসকলে পাবলগীয়া আইনী লাভালাভবোৰ সময়মতে আদায় দিব লাগিব । কিন্তু বাৰে বাৰে নিৰ্মাণ শ্রমিকলকলে আবেদন নিবেদন কৰি থকাৰ পিছতো নিৰ্মাণ শ্রমিকসকলৰ আইনী লাভবোৰ সময়মতে আদায় দিয়া হোৱা নাই ।

নির্মাণ শ্রমিকে কল্যাণ পৰিষদৰ জড়িয়তে পাবলগীয়া সা-সুবিধাৰ প্ৰ-পত্ৰ পূৰণ কৰিছে । কিন্তু তেওঁলোকৰ সন্তানে পাব লগা শিক্ষা সাহায্য, নির্মাণ শ্রমিকসকলৰ পেঞ্চন আৰু চিকিৎসা সাহায্যকে ধৰি অন্যান্য হিতলাভসমূহ (Benefit) সময়মতে লাভ কৰা নাই । বিগত ২০২০ চনৰ পৰাই এনে হিতলাভবোৰৰ পৰা বঞ্চিত হৈ আছে । এই ক্ষেত্ৰত আমাৰ সংগঠনে বাৰে বাৰে আপত্তি দৰ্শাই থকাৰ পিছতো কল্যাণ পৰিষদৰ পৰা বিশেষ সঁহাৰি লাভ নাই ।

তেওঁ কয়, "অতি আশ্বর্যজনকভাৱে নির্মাণ শ্রমিকৰ প্ৰশিক্ষণৰ নামত বিজেপি চৰকাৰৰ মন্ত্ৰী আমোলাই কোটি কোটি টকা দুর্নীতি কৰি অহা বুলি শেহতীয়াভাৱে প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছে । আমি নির্মাণ শ্রমিকসকলে এই বিষয়টো আৰম্ভণিৰ পৰাই সকীয়াই দি আহিছিলো । বর্তমানেও কিছুমান পেচাদাৰী প্ৰশিক্ষণ এজেঞ্চিৰ অতি নিম্নমানৰ প্ৰশিক্ষকৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকৰ প্ৰশিক্ষণৰ নামত কোটি কোটি টকা খৰচ কৰি থকা দেখিবলৈ পোৱা গৈছে । এনে হঠকাৰী কাৰ্য শীঘ্ৰেই বন্ধ হোৱা দৰকাৰ । নিৰ্মাণ শ্রমিকৰ পঞ্জীয়ন আৰু তেওঁলোকৰ হিতলাভৰ প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত অনলাইন-অফলাইনৰ জটিলতা আঁতৰ কৰিব বুলি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে ।"

কাৰ্য্যসূচীৰ শেষত সংগঠনটোৰ তৰফৰ পৰা নির্মাণ শ্রমিকৰ কল্যাণৰ ধন নিৰ্মাণ শ্রমিক কল্যাণৰ হকে খৰচ কৰা, শ্রমিকৰ হিতলাভবোৰ সময় মতে আদায় দিয়া, অনাদায় হৈ থকা হিতলাভবোৰ শীঘ্ৰে আদায় দিয়া, অনলাইন-অফলাইনৰ জটিলতা শীঘ্ৰে আঁতৰ কৰা, ভুৱা নির্মাণ শ্রমিক পঞ্জীয়ন বন্ধ কৰা আৰু বানত ক্ষতিগ্রস্ত নির্মাণ শ্রমিকলৈ ৫০০০ টকাকৈ এককালীন সাহায্য প্রদান কৰা দাবী সম্বলিত এখন স্মাৰক পত্ৰ শ্রম আয়ুক্তলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :APCC organisational election:স‍াংগঠনিক নিৰ্বাচনক লৈ প্রদেশ কংগ্ৰেছত জোকাৰণিৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details