অসম

assam

24 গৰাকী গাঁওবুঢ়ালৈ স্মাৰ্ট ম'বাইল ফোন বিতৰণ

By

Published : Jun 10, 2020, 6:55 PM IST

দক্ষিণ শালমাৰা সমষ্টিৰ জিলা প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ । দক্ষিণ শালমাৰা সমষ্টিৰ 24 গৰাকী গাওঁবুঢ়ালৈ ম'বাইল ফোন বিতৰণ জিলা উপায়ুক্তৰ ।

24 গৰাকী গাঁওবুঢ়ালৈ স্মাৰ্ট ম'বাইল ফোন বিতৰণ
24 গৰাকী গাঁওবুঢ়ালৈ স্মাৰ্ট ম'বাইল ফোন বিতৰণ

দক্ষিণ শালমৰা, 10 জুনঃ বুধবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰা সমষ্টিৰ 24 গৰাকী গাওঁবুঢ়ালৈ বিতৰণ কৰা হয় স্মাৰ্ট ম'বাইল ফোন । পুৱা 10 বজাত জিলা সদৰ হাটশিঙিমাৰীত জিলা উপায়ুক্তআতিকা চুলতানাই চৰকাৰীভাৱে স্মাৰ্ট ম'বাইল ফোন সমূহ 24 গৰাকী গাঁওবুঢ়ালৈ বিতৰণ কৰে । এই অনুষ্ঠানটোত জিলা উপায়ুক্ত আতিকা চুলতানাৰ লগতে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত চইবৰ ৰহমান ।

দক্ষিণ শালমাৰা সমষ্টিৰ 24 গৰাকী গাঁওবুঢ়ালৈ স্মাৰ্ট ম'বাইল বিতৰণ উপায়ুক্তৰ

এই সন্দৰ্ভত জিলা উপায়ুক্তগৰাকীয়ে কয় যে,এই ম'বাইল ফোনৰ যোগেদি গাওঁবুঢ়া সকলে সকলো ধৰণৰ সা-খবৰ প্রশাসনক অৱগত কৰিবলৈ সহায়ক হ'ব লগতে চৰকাৰৰ দ্বাৰা সকলো ধৰণৰ সা-খবৰো ম'বাইল ফোনৰ যোগেদি অতি সহজে লাভ কৰিবলৈ সক্ষম হ'ব । জিলা প্ৰশাসনৰ এনে পদক্ষেপে নিশ্চিত ভাবে সমাজত ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰা হৈছে ।

24 গৰাকী গাঁওবুঢ়ালৈ স্মাৰ্ট ম'বাইল ফোন বিতৰণ

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ ইউ পি পি এলৰ, কিন্তু কিয়?

ABOUT THE AUTHOR

...view details