অসম

assam

বিদেশী ন্যায়াধীকৰণত নিযুক্তিৰ দাবীৰে ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

By

Published : Jul 28, 2020, 3:42 PM IST

নিযুক্তিৰ দাবীত আজি ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বিদেশী ন্যায়াধীকৰণ আদালতৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়ে ।

বিদেশী ন্যায়াধীকৰণত নিযুক্তিৰ দাবীৰে ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী
বিদেশী ন্যায়াধীকৰণত নিযুক্তিৰ দাবীৰে ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

ধুবুৰী, 28 জুলাই : যোৱা বৰ্ষৰ আগষ্ট মাহত অসমৰ বিদেশী ন্যায়াধীকৰণৰ আদালতৰ বাবে বহু প্ৰাৰ্থীয়ে বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল । তাৰ ভিতৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 1600 প্ৰাৰ্থী উত্তীৰ্ণ হয় এই বাচনি পৰীক্ষাত ।

বিদেশী ন্যায়াধীকৰণত নিযুক্তিৰ দাবীৰে ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

ইয়াৰে ধুবুৰী জিলাৰেই আছে প্ৰায় 70 গৰাকী প্ৰাৰ্থী । ইপিনে উত্তীৰ্ণ হোৱাৰ প্ৰায় এবছৰ হোৱাৰ পিছতো আজিলৈ অসম চৰকাৰে নিযুক্তি পত্ৰ প্ৰদান নকৰাৰ ফলত চিন্তিত হৈ পৰিছে এইসকল প্ৰাৰ্থী ৷ এইসকল প্ৰাৰ্থী প্ৰত্যেকেই বিভিন্ন ব্যক্তিগত খণ্ডত চাকৰি কৰি আছিল । যদিও বাচনি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত সকলোৱে ব্যক্তিগত খণ্ডৰ চাকৰিৰ পৰা অব্যাহতি লৈ সম্প্ৰতি ঘৰত নিবনুৱা হৈ আছে । বিগত দিনত বহুবাৰ নিযুক্তি পত্ৰ প্ৰদানৰ বাবে অসম চৰকাৰক দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে এওঁলোকৰ কথাত গুৰুত্ব প্ৰদান কৰা নাই ।

ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

যাৰ ফলত আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সামাজিক দূৰত্ব বৰ্তাই ৰাখি জিলাখনৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলে হাতে হাতে বেনাৰ,প্লেকাৰ্ড লৈ এইদৰে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে । প্ৰায় এবছৰে নিযুক্তি পত্ৰ লাভ নকৰাত চিন্তিত হৈ পৰা প্ৰাৰ্থীসকলে সাংবাদিকৰ আগত একপ্ৰকাৰ আৱেগিক হৈ পৰে ।

ধুবুৰীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী

আজিৰ কাৰ্যসূচীৰ পিছত নিযুক্তি পত্ৰ প্ৰদানৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে উত্তীৰ্ণ প্ৰাৰ্থীসকলে ।

লগতে পঢ়কঃবাক্সাত অব্যাহত বনৰীয়া হাতীৰ উপদ্ৰৱ

ABOUT THE AUTHOR

...view details