অসম

assam

আগষ্টত ভাৰতত GST ২৮ শতাংশলৈ বৃদ্ধি পালে

By

Published : Sep 1, 2022, 6:40 PM IST

GST mop up rises 28 per cent in Aug to Rs 1.43 lakh cr

বৃদ্ধি পোৱা চাহিদা, উচ্চ হাৰ, আৰু অধিক অনুসৰণৰ সহায়ত আগষ্ট মাহত সামগ্ৰী আৰু সেৱা বিক্ৰীৰ পৰা ভাৰতৰ কৰ সংগ্ৰহ (GST) ২৮ শতাংশ বৃদ্ধি পাই ১.৪৩ লাখ কোটি টকা হয় ।

নেশ্যনেল ডেস্ক, 1 ছেপ্তেম্বৰ:বৃহস্পতিবাৰে বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি আগষ্ট মাহত সামগ্ৰী আৰু সেৱা কৰ (GST)ৰ পৰা সংগৃহিত ধন ২৮ শতাংশ বৃদ্ধি পাই ১.৪৩ লাখ কোটি টকা হৈছে । আগষ্ট মাহত একেৰাহে ষষ্ঠ মাহৰ বাবে জি এছ টি (Goods and Services Tax)সংগ্ৰহ ১.৪ লাখ কোটি টকাৰ সীমাৰ ওপৰত ৰৈ গৈছে । মন্ত্ৰালয়ে এক বিবৃতিত কয় যে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সৈতে সংযুক্ত উন্নত প্ৰতিবেদনে জি এছ টিৰ ৰাজহৰ ওপৰত ধাৰাবাহিকভাৱে ইতিবাচক প্ৰভাৱ পেলাই আহিছে(GST mop up rises 28 per cent in Aug) ।

২০২২ চনৰ আগষ্ট মাহত সংগ্ৰহ কৰা মুঠ জি এছ টি ৰাজহ আছিল ১,৪৩,৬১২ কোটি টকা যাৰ ভিতৰত কেন্দ্ৰীয় জি এছ টি হৈছে ২৪,৭১০ কোটি টকা, ৰাজ্যিক জি এছ টি হৈছে ৩০,৯৫১ কোটি টকা, সংহত জি এছ টি হৈছে ৭৭,৭৮২ কোটি টকা (Including Rs 42,067 crore collected on import of goods) আৰু চেছ ১০,১৬৮ কোটি টকা(Including Rs 1,018 crore collected on import of goods) বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে(GST revenue collected in August 2022) । ২০২২ চনৰ আগষ্ট মাহৰ ৰাজহ, ২০২১ চনৰ আগষ্ট মাহত সংগ্ৰহ কৰা জি এছ টিৰ ৰাজহ ১,১২,০২০ কোটি টকাৰ তুলনাত ২৮ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক :২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ হ'ব সৰ্ববৃহৎ

ABOUT THE AUTHOR

...view details